ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ভাৰতক বন্ধুত্বৰ লাভ উঠাবলৈ বিশেষ আহ্বান আমেৰিকাৰ - Moscow and Kyiv conflict
India Russia Ties: আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰৰ ভাৰত চৰকাৰলৈ বিশেষ আহ্বান ৷ ভাৰতৰ ৰাছিয়াৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ জৰিয়তে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনত চলি থকা অবৈধ যুদ্ধখনৰ অৱসান ঘটাবলৈ আহ্বান জনাবৰ বাবে ভাৰতক অনুৰোধ জনায় মিলাৰে ৷ শেহতীয়াকৈ ৰাছিয়াত উপস্থিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

By ANI
Published : July 16, 2024 at 9:51 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, 16 জুলাই: মস্কো আৰু কিয়ভৰ মাজত চলি থকা সংঘাতৰ মাজতে আমেৰিকাই ভাৰতক ৰাছিয়াৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কক ‘ব্যৱহাৰ’ কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটোৱাৰ আহ্বান জনাব পাৰে বুলি মতামত প্ৰকাশ কৰিছে আমেৰিকাই ৷ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত ইউক্ৰেইনত চলি থকা অবৈধ যুদ্ধখন শেষ কৰিবলৈ ক’বলৈ আহ্বান জনাইছে ।
সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এক প্ৰেছ বিবৃতিত দিল্লী-মস্কোৰ দৃঢ় সম্পৰ্ক ই নহয়, পুটিনক ৰাষ্ট্ৰসংঘৰ চনদক সন্মান কৰিবলৈ ক’বলৈও ভাৰতক আহ্বান জনায় ।
মিলাৰে কয়, "ভাৰতৰ ৰাছিয়াৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । মই ভাবো যে সেয়া সকলোৰে জ্ঞাত । ভাৰতক ৰাছিয়াৰ সৈতে সেই দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু সম্পৰ্কৰ যি অনন্য স্থিতি আছে, সেই সম্পৰ্কক ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত ইউক্ৰেইনত চলি থকা অবৈধ যুদ্ধখন শেষ কৰিবৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক আহ্বান জনাওক ৷ পুটিনে নিজৰ অবৈধ যুদ্ধখনৰ অন্ত পেলাই স্থায়ী শান্তি স্থাপন কৰক ৷"
মিলাৰে আৰু কয়, “আমি ভাৰত চৰকাৰৰ ওপৰত সেই বিষয়টোতেই চাপ প্ৰয়োগ কৰি থাকিম ৷ যাৰ আমাৰ দেশৰ লগতে ৰাছিয়াৰ সৈতেও সম্পৰ্ক আছে ।”
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মিলাৰে এই মন্তব্য কৰে ।
শেহতীয়াকৈ মস্কোলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰি শুল্কবিহীন বাণিজ্যিক বাধাসমূহ দূৰ কৰি 2030 চনৰ ভিতৰত 100 বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত পাৰস্পৰিক বাণিজ্যৰ পৰিমাণ লাভ কৰাৰ তেওঁলোকৰ লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰে ।
বৈঠকৰ পিছত প্ৰকাশ পোৱা নেতাসকলৰ যুটীয়া বিবৃতি অনুসৰি ই এ ই ইউ-ভাৰত মুক্ত বাণিজ্য এলেকা স্থাপনৰ সম্ভাৱনাকে ধৰি দ্বিপাক্ষিক বাণিজ্য উদাৰীকৰণৰ ক্ষেত্ৰতো আলোচনা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
ৰাছিয়াত দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল দ্য ফাৰ্ষ্ট-কলড অৰ্ডাৰ প্ৰদান কৰে । উল্লেখযোগ্য যে, 2019 চনত প্ৰধানমন্ত্ৰী মোদীক এই বঁটা আগবঢ়োৱা হৈছিল যদিও এইবাৰ তেওঁ আনুষ্ঠনিকভাৱে বঁটা গ্ৰহণ কৰে ।
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভৱিষ্যত প্ৰজন্মৰ বাবে শান্তি সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে । যুদ্ধক্ষেত্ৰত কোনো সমাধান নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বোমা, বন্দুক, গুলীৰ মাজত শান্তি আলোচনা সফল নহয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বন্ধু হিচাপে মই সদায় কৈ আহিছো যে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শান্তি সবাতোকৈ গুৰুত্বপূৰ্ণ । কিন্তু মই এইটোও জানো যে যুদ্ধক্ষেত্ৰত সমাধান সম্ভৱ নহয় । বোমা, বন্দুক আৰু গুলীৰ মাজত সমাধান আৰু শান্তি আলোচনা সম্ভৱ নহয় । আমি কেৱল আলোচনাৰ জৰিয়তেহে শান্তিৰ পথ অনুসৰণ কৰিব লাগিব ৷"
2022 চনত মস্কো আৰু কিয়ভৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিচত এইটোৱেই আছিল প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণ । ভাৰত আৰু ৰাছিয়াৰ মাজত সংঘাত সমাধানৰ বাবে ভাৰতে সদায় “শান্তি আৰু কূটনীতি”ৰ পোষকতা কৰি আহিছে যদিও ৰাছিয়াৰ তেল ক্ৰয় কৰিয়েই আছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মানৱতাক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে জীৱন হেৰুৱালে যন্ত্ৰণা পায় । তেওঁ আৰু কয় যে নিৰীহ শিশুৰ মৃত্যুৰ দৃশ্য হৃদয় বিদাৰক ।

