প্ৰিডেটৰ ড্ৰোন চুক্তিৰ অধীনত উন্নত ইউ এ ভি নিৰ্মাণৰ বাবে ভাৰতক পৰামৰ্শ প্ৰদান কৰিব আমেৰিকাই - PREDATOR DRONE DEAL
Predator Drone Deat : 31 এম কিউ-9 বি প্ৰিডেটৰ ড্ৰোন চুক্তিৰ অংশ হিচাপে আমেৰিকাই ভাৰতক এক থলুৱা, উন্নত মানৱবিহীন বিমান নিৰ্মাণৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ আমেৰিকাৰ প্ৰস্তাৱ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠকত আলোচনা আৰু নিষ্পত্তিৰ বাবে লোৱাৰ সম্ভাৱনা আছে ৷

Published : July 28, 2024 at 10:56 PM IST
ইন্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই : ভাৰত আৰু আমেৰিকাৰ মাজত 3.1 বিলিয়ন মাৰ্কিন ডলাৰৰ 31 এম কিউ-9 বি প্ৰিডেটৰ ড্ৰোন চুক্তিৰ অংশ হিচাপে আমেৰিকান পক্ষই ভাৰতীয় প্ৰতিষ্ঠান সমূহক এক থলুৱা, উন্নত মানৱবিহীন বিমান নিৰ্মাণৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷
ভাৰত আৰু আমেৰিকাই বিগত কেইবছৰমানৰ পৰা ড্ৰোন চুক্তিৰ বাবে আলোচনা কৰি আহিছে, যাৰ অধীনত তিনিওটা সেৱাই 31 খন ড্ৰোন লাভ কৰিব ৷ নৌসেনাই 15 খন, বায়ুসেনা আৰু স্থল সেনাই 8 খনকৈ এই ড্ৰোন লাভ কৰিব ৷
প্ৰতিৰক্ষা সূত্ৰই এ এন আইক জনোৱা মতে, প্ৰকল্পটোৰ অংশ হিচাপে ভাৰতীয় প্ৰতিষ্ঠান সমূহক উন্নত ভাৰতীয় ড্ৰোন নিৰ্মাণৰ বাবে পৰামৰ্শ প্ৰদানৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠকত আলোচনা আৰু নিষ্পত্তিৰ বাবে লোৱাৰ সম্ভাৱনা আছে ৷
নৰেন্দ্ৰ মোদী 3.0ৰ অধীনত এইখন ডি এ চিৰ প্ৰথমখন বৈঠক হ’ব আৰু ইয়াৰ জৰিয়তে ৰাজনাথ সিঙৰ অধীনত প্ৰতিৰক্ষা খণ্ডত স্বদেশীকৰণ প্ৰক্ৰিয়াত সহায়ক হ’ব বুলি আশা কৰা হৈছে ৷ সূত্ৰসমূহে জনোৱা মতে, এই পৰামৰ্শদাতা সংস্থাটোৱে এক অতি উন্নত ড্ৰোন নিৰ্মাণৰ বাবে লোৱা সময় যথেষ্ট কমাব বুলি আশা কৰা হৈছে ৷
ভাৰতীয় নৌসেনাৰ দ্বাৰা চেন্নাইৰ ওচৰৰ আই এন এছ ৰাজাজী আৰু গুজৰাটৰ পোৰবন্দৰকে ধৰি চাৰিটা স্থানত এম কিউ-9বি ড্ৰোন সমূহ মোতায়েন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ আনহাতে বাকী দুটা সেৱাই দীঘলীয়া ৰানৱেৰ প্ৰয়োজনীয়তাৰ বাবে উত্তৰ প্ৰদেশৰ সৰ্বাৱা আৰু গোৰখপুৰৰ দুটা ঘাটিত যুটীয়াভাৱে ৰাখিব এই ড্ৰোন ৷
লগতে পঢ়ক : ভাৰত-মংগোলিয়া যৌথ সামৰিক অনুশীলন : নোমেদিক এলিফেণ্ট-২০২৪ৰ সফল সামৰণি - Nomadic Elephant 2024
চৰকাৰ আৰু চুক্তিৰ সৈতে জড়িত আমেৰিকান প্ৰতিষ্ঠানটো হৈছে জেনেৰেল এটমিকছ, যাৰ বিষয়াসকলে এই সন্দৰ্ভত যোৱা কেইসপ্তাহমানত ভাৰতীয় পক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে ৷ ঘাটি হিচাপে সৰ্বাৱা আৰু গোৰখপুৰে চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমগ্ৰ অঞ্চলত, লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে সামৰিক চোৱাচিতাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব ৷ ড্ৰোন চুক্তিখন ত্ৰি-সেৱা পৰ্যায়ত কৰা হৈছে, ভাৰতীয় নৌসেনাই আমেৰিকাৰ পক্ষৰ সৈতে ইয়াৰ বাবে আলোচনাৰ নেতৃত্ব দিছে ৷
এম কিউ-9বি ড্ৰোনসমূহৰ উৰণ আৰু অৱতৰণৰ বাবে যথেষ্ট ৰাণৱেৰ দৈৰ্ঘ্যৰ প্ৰয়োজন হয় যিবোৰ ভাৰতীয় বায়ুসেনাৰ হাতত উপলব্ধ ৷ আমেৰিকাৰ সৈতে হোৱা ড্ৰোন চুক্তি অনুসৰি 31 খন এম কিউ-9বি ড্ৰোন অধিগ্ৰহণ কৰা হৈছে যাৰ ভিতৰত 15 খন সামুদ্ৰিক অঞ্চল কভাৰেজৰ বাবে হ’ব আৰু ভাৰতীয় নৌসেনাই নিয়োগ কৰিব ৷
বায়ু সেনা আৰু সেনাবাহিনীৰ হাতত এই অতি সক্ষম দীৰ্ঘ সহনশীল ড্ৰোনসমূহ আঠখনকৈ থাকিব আৰু অন্যান্য বৰ্তমানৰ সম্পদৰ সহায়ত এল এ চিৰ কাষৰ প্ৰায় সকলো আগ্ৰহৰ অঞ্চল সামৰি ল’ব পাৰিব ৷
আমেৰিকান পক্ষই ভাৰতীয় পক্ষক প্ৰায় 4 বিলিয়ন মাৰ্কিন ডলাৰৰ মূল্যত গ্ৰহণযোগ্যতা পত্ৰ দিছে যদিও ভাৰতে সমগ্ৰ পেকেজটো লোৱাৰ পৰিকল্পনা কৰা নাই আৰু ইয়াৰ বাবে খৰচ তাতকৈ কম হ’ব ৷ 40,000 ফুটৰ ওপৰৰ উচ্চতাত 36 ঘণ্টাৰো অধিক উৰণৰ সময়ৰ সৈতে, ড্ৰোনসমূহক হেলফায়াৰ এয়াৰ-টু-গ্ৰাউণ্ড মিছাইল আৰু স্মাৰ্ট বোমাৰে সজ্জিত কৰিব পাৰি ৷ এই যুঁজাৰু আকাৰৰ ড্ৰোনখন(চোৰাংচোৱা, চোৰাংচোৱাগিৰি আৰু গোপনীয়তা) অভিযানত বিশেষজ্ঞ ৷
প্ৰিডেটৰ ড্ৰ’নে বিশেষকৈ ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ’ আৰ) আৰু চীন আৰু পাকিস্তানৰ সৈতে থকা স্থল সীমান্তত ভাৰতৰ মানৱবিহীন চোৰাংচোৱাগিৰি আৰু গোপনীয় টহল চলোৱাৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ৷
ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত এম কিউ-9 বি এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে প্ৰমাণিত হৈছে, কিয়নো ভাৰতৰ উপকূলৰ পৰা প্ৰায় 3,000 কিলোমিটাৰ দূৰত্বত সংঘটিত হোৱা কাৰ্যৰ স্পষ্ট ছবি পাবলৈ নৌসেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা জলদস্যু বিৰোধী অভিযানসমূহ ব্যাপকভাৱে নিৰীক্ষণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল ৷

