ফ্ল'ৰিডাৰ বিমান দুৰ্ঘটনাত তিনিজনৰ মৃত্যু
২৪ ঘণ্টাৰ ভিতৰতে আমেৰিকাত সংঘটিত হয় দুটাকৈ বিমান দুৰ্ঘটনা । দুয়োটা ঘটনাতে মুঠ ৯ জন লোকৰ মৃত্যু হয় ।

Published : April 12, 2025 at 2:54 PM IST
ফ্ল’ৰিডা: আকৌ বিমান দুৰ্ঘটনা ৷ এইবাৰৰ স্থান আমেৰিকা ৷ জানিব পৰা মতে, আমেৰিকাৰ ফ্ল’ৰিডাত শুক্ৰবাৰে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয় ।
বিমানখনত কাৰিকৰী বিজুতি ঘটাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি জানিব পৰা গৈছে । ফ্ল’ৰিডাৰ এক ব্যস্ত আন্তঃৰাজ্যিক ঘাইপথ আৰু ৰে’লপথৰ সমীপতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি যায় বুলি জানিব পৰা গৈছে । ইতিমধ্যে বিভাগীয় বিষয়াই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।
ঘটনাৰ বিৱৰণি অনুসৰি, ফ্ল’ৰিডাৰ বোকা ৰেটনৰ বাহিৰত এখন সৰু বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে । এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয় । এই ঘটনাৰ তদন্ত কৰিব ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে ।
বোকা ৰেটন অগ্নিনিৰ্বাপক বাহিনীৰ সহকাৰী অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী মাইকেল লাছালেৰ মতে, ‘‘যেতিয়া টুইন ইঞ্জিনযুক্ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেতিয়া ইয়াত থকা তিনিওজন লোকৰে মৃত্যু হয় । দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ যেতিয়া জুইৰ বলৰ ৰূপত ৰাস্তাত পৰি থকা দেখা পাইছিলো, তেতিয়া আমি প্ৰত্যক্ষ কৰিছিলো যে এই বিমান দুৰ্ঘটনাৰ ফলত আন্তঃৰাজ্যিক ঘাইপথেৰে গৈ থকা এজন গাড়ী চালকো আহত হয় ৷’’
‘‘মাজৰাস্তাতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন পৰি থকা দেখি গাড়ী চালকজন ভয়ত বিতত হৈ পৰে ৷ ফলত গাড়ীখন চালকজনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ৷ তাৰ পাছতে সেই স্থানত থকা এজোপা গছত খুন্দা মাৰে, যাৰ ফলত গাড়ী চালকজন আহত হয় ।’’ মাইকেল লাছালে কয় ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত গাড়ী চালকজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে । বোকা ৰেটনৰ মেয়ৰ স্কট চিংগাৰে জাৰি কৰা এক বিবৃতিত কয়, “আজি আমাৰ ইয়াত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ এই খবৰ সঁচাই দুখজনক ৷’’
বিষয়াসকলৰ মতে, বিমানখনে পুৱা প্ৰায় ১০ বজাত বোকা ৰেটনৰ পৰা টালাহাছিলৈ উৰা মাৰিছিল । আৰক্ষী বিষয়াসকলে প্ৰায় ১০:১২ বজাত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ লাভ কৰে ৷ সম্ভৱতঃ ১০:২০ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি আমেৰিকাৰ নিউয়ৰ্কত এখন হেলিকপ্টাৰো দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত আঠ বছৰীয়া শিশুসহ ৬ জন লোকৰ মৃত্যু হয় । হেলিকপ্টাৰখন হাডছন নদীত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি যায় ।

