ETV Bharat / international

য়েমেনৰ হুথিৰ ঘাটিত আমেৰিকাৰ আক্ৰমণত ৩ জন নিহত - US STRIKES

ৰাজধানী ছানাৰ আল-থাউৰা, বানি মাটাৰ আৰু আল-ছাফিয়া জিলাত শেহতীয়াকৈ সংঘটিত আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক আহত হৈছে ।

US strikes Houthi linked sites in Yemen 3 killed
ঘটনাস্থলীৰ এটি দৃশ্য (ANI Photos)
author img

By ANI

Published : April 20, 2025 at 1:39 PM IST

2 Min Read

ছানা: হুথিৰ সৈতে জড়িত টিভি চেনেল আল মাছিৰাহৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি, ৰাছ ইছা বন্দৰত আক্ৰমণৰ কিছুদিন পিছতে আমেৰিকাই হোদেইদাৰ বন্দৰ আৰু বিমানবন্দৰত ১৩ টা বিমান আক্ৰমণ চলাইছে ।

আল মাছিৰাহৰ উদ্ধৃতিৰে চি এন এনে প্ৰকাশ কৰা অনুসৰি, ৰাজধানী ছানাৰ আল-থাউৰা, বানি মাটাৰ আৰু আল-ছাফিয়া জিলাত শেহতীয়াকৈ সংঘটিত আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক আহত হৈছে ।

বৃহস্পতিবাৰে য়েমেনৰ ৰাছ ইছা তৈল বন্দৰত আমেৰিকাৰ বিমান আক্ৰমণৰ ফলত কমেও ৭৪ জন লোকৰ মৃত্যু হোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে । হুথি বিদ্ৰোহীৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আনিছ আলাছবাহে কয় যে, বৃহস্পতিবাৰে সংঘটিত কৰা আক্ৰমণত ১৭১ জন লোক আহত হৈছে ।

ইৰাণ সমৰ্থিত গোটটোৰ অৰ্থনৈতিক শক্তিক লক্ষ্য কৰি লোৱাৰ প্ৰচেষ্টা বুলি অভিহিত কৰি আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে হুথিৰ ইন্ধন আৰু ৰাজহৰ উৎস বিচ্ছিন্ন কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলোৱা বুলি নিশ্চিত কৰে ।

বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত চেণ্টকমে এটা পোষ্টত কয় যে "আজি আমেৰিকান বাহিনীয়ে ইৰাণ সমৰ্থিত হুথি সন্ত্ৰাসবাদীৰ বাবে এই ইন্ধনৰ উৎসটো নিৰ্মূল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । এই আক্ৰমণৰ উদ্দেশ্য আছিল হাউথীসকলৰ ক্ষমতাৰ অৰ্থনৈতিক উৎসক অৱনমিত কৰা ।"

ইফালে য়েমেনৰ হুথি বিদ্ৰোহীয়ে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে ৷

চি এন এনৰ বাতৰি অনুসৰি য়েমেনত থকা হুথি নিয়ন্ত্ৰিত সশস্ত্ৰ বাহিনীয়ে এক বিবৃতিত কয় যে গাজাত ইজৰাইলৰ আগ্ৰাসন বন্ধ নোহোৱালৈকে আৰু ঘেৰাও প্ৰত্যাহাৰ নোহোৱালৈকে য়েমেনে পেলেষ্টাইনী জনসাধাৰণৰ বাবে সমৰ্থন অভিযান অব্যাহত ৰখাৰ পৰা পিছুৱাই নাযায় ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৱাশ্বিংটনে লোহিত সাগৰত হুথিয়ে জাহাজ চলোৱা আক্ৰমণ প্ৰতিহত নকৰালৈকে “চৰম শক্তি” ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়ক: মেলোনিৰ সৈতে বৈঠকত শুল্ক নীতি সম্পৰ্কে ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.