ব্ৰাজিলৰ পিছত এইখন দেশৰ বিৰুদ্ধেও শুল্ক আৰোপ ট্ৰাম্পৰ
১ আগষ্টৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্কৰ সন্মুখীন হ'ব কানাডা ।

Published : July 11, 2025 at 6:22 PM IST
ৱাশ্বিংটন: শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কেইবাখনো দেশৰ আমদানিৰ ওপৰত নতুনকৈ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে । কানাডাই ১ আগষ্টৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্ক দিব লাগিব ।
ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিলৈ লিখা এখন পত্ৰযোগে কয় যে কানাডাই ১ আগষ্টৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্কৰ সন্মুখীন হ'ব । সোমবাৰৰ পৰা ট্ৰাম্পে জাৰি কৰা ২০ খনতকৈও অধিক এনে পত্ৰৰ ভিতৰত এইখনো এখন ।
২১ জুলাইৰ ভিতৰত আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰাৰ আশাত আছিল কানাডা । কিন্তু আমেৰিকাৰ এই সিদ্ধান্তই যেন সেই সময়সীমা বিপন্ন কৰি পেলাইছে । কানাডা আৰু মেক্সিকো দুয়োখন ৰাষ্ট্ৰই ট্ৰাম্পক সন্তুষ্ট কৰাৰ উপায়ৰ সন্ধানত আছে । যাতে মুক্ত বাণিজ্য চুক্তি ইউ এছ এম চি এৰ দ্বাৰা তিনিওখন দেশক একত্ৰিত কৰিব পৰা যায় ।
ট্ৰাম্পে প্ৰথম কাৰ্যকালত ২০২০ চনৰ জুলাই মাহত আমেৰিকা-মেক্সিকো-কানাডা চুক্তিয়ে পূৰ্বৰ NAFTA চুক্তিৰ স্থান লৈছিল । জুলাই মাহৰ ভিতৰত ইয়াৰ পৰ্যালোচনা হ'ব লাগিছিল । কিন্তু জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে অৰ্থনৈতিক যুদ্ধ আৰম্ভ কৰি এই প্ৰক্ৰিয়াও ত্বৰান্বিত কৰে ।
কানাডা আৰু মেক্সিকোৱে প্ৰথম অৱস্থাত ২৫ শতাংশ আমেৰিকাৰ শুল্কৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল । ট্ৰাম্পে দুয়োখন চুবুৰীয়া দেশকে লক্ষ্য কৰি কয় যে তেওঁলোকে অবৈধ অনুপ্ৰৱেশ আৰু সীমান্তৰ মাজেৰে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ।
কিন্তু অৱশেষত তেওঁ ইউ এছ এম চি এৰ অধীনত নিজৰ দেশত প্ৰৱেশ কৰা সামগ্ৰীৰ বাবে ৰেহাই ঘোষণা কৰে, য'ত বৃহৎ পৰিমাণৰ সামগ্ৰী সামৰি লোৱা হয় । সাৰ হিচাপে ব্যৱহৃত পটাছৰ ক্ষেত্ৰতো ৰেহাই ঘোষণা কৰা হৈছিল । ট্ৰাম্প আৰু কাৰ্নিৰ মাজৰ সম্পৰ্কই বিশেষ মাত্ৰা লাভ কৰাৰো পাছতো বৃহস্পতিবাৰে এই পত্ৰখনে সকলোকে আচৰিত কৰি তুলিছে ।
উল্লেখ্য যে, ৬ মে'ত হোৱাইট হাউছলৈ আহি কানাডাৰ নেতাগৰাকীয়ে অ'ভেল অফিচত ট্ৰাম্পৰ সৈতে এক বৈঠকত মিলিত হৈছিল । যোৱা মাহত কানাডাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনতো তেওঁলোকে পুনৰ ট্ৰাম্পক সাক্ষাৎ কৰিছিল ।
লগতে পঢ়ক :এইবাৰ ব্ৰাজিলৰ সামগ্ৰীৰ ওপৰতো ৫০ শতাংশ শুল্ক আৰোপ ট্ৰাম্পৰ - TRUMP ANNOUNCES TARIFF ON BRAZIL

