নিউয়ৰ্ক: পহলগামৰ নৰসংহাৰৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পে শুকুৰবাৰে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে । দুয়োখন দেশে ইয়াৰ সমাধান পৰস্পৰৰ মাজত কিবা নহয় কিবা প্ৰকাৰে উলিয়াব লাগিব ।
"মই ভাৰতৰ অতি ঘনিষ্ঠ । একেসময়তে পাকিস্তানৰো মই ঘনিষ্ঠ, আপোনালোকে জানে । তেওঁলোকে কাশ্মীৰত ১,০০০ বছৰ ধৰি যুঁজি আহিছে । কাশ্মীৰ ইয়াৰ মাজেৰে 1,000 বছৰ ধৰি চলি আছে, সম্ভৱতঃ তাতোকৈ দীৰ্ঘসময় ধৰি । আৰু এতিয়া যিটো ঘটিছে সেইটোও বেয়া আছিল; অতি বেয়া আছিল । ৩০ জনৰো অধিক লোক ...।" ট্ৰাম্পে ৰোমলৈ যোৱাৰ পথত এয়াৰ ফ'ৰ্চ ৱানত উপস্থিত থকা সাংবাদিকৰ সৈতে এক সংবাদমেল সম্বোধনৰ সময়ত এইদৰে কয় ।
সংবাদমেলত আমেৰিকাৰ ৰাষ্ট্ৰপতিক পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোক নিহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বিষয়ে উল্লেখ কৰি সোধা হৈছিল যে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰিব নেকি ?
ইয়াৰ উত্তৰত তেওঁ কয়, "১,৫০০ বছৰ ধৰি উক্ত সীমান্তত উত্তেজনা চলি আছে । গতিকে আপোনালোকে জানে এয়াও সেই একেধৰণৰ । কিন্তু তেওঁলোকে ইয়াৰ কিবা নহয় কিবা উপায়েৰে সমাধান বিচাৰি উলিয়াব । মই নিশ্চিত... মই দুয়োগৰাকী নেতাক জানো । পাকিস্তান আৰু ভাৰতৰ মাজত যথেষ্ট উত্তেজনা আছে । সেয়া কিন্তু সদায়ে আছে ।"
উল্লেখ্য যে ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত উপত্যকাটোত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আটাইতকৈ ভয়ংকৰ আক্ৰমণত মঙলবাৰে ২৬ জন লোক নিহত হয় । ইয়াৰে বেছিভাগেই পৰ্যটক । নিষিদ্ধঘোষিত পাকিস্তানভিত্তিক লস্কৰ-ই-তৈবাৰ (এল ই টি)ৰ ছায়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।