ETV Bharat / international

ভাৰতৰ ওপৰত ২৬ শতাংশ ‘‘ৰেহাইযুক্ত পাৰস্পৰিক শুল্ক’’ ঘোষণা ট্ৰাম্পৰ; কি প্ৰভাৱ পৰিব ?

বাণিজ্য মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াৰ মতে, ট্ৰাম্পৰ ঘোষণাই এক মিশ্ৰিত প্ৰভাৱ পেলাব আৰু ভাৰতৰ বাবে চিন্তা কৰিবলগীয়া বিশেষ একো নাই ।

Trump tariff on India
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প (AP)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 10:15 AM IST

5 Min Read
Choose ETV Bharat

নিউয়ৰ্ক/ৱাশ্বিংটন : ভাৰতৰ প্ৰতি বিশেষ দৰদ দেখুৱাইছে নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ? কিয়নো বুধবাৰে ঘোষণা কৰা ট্ৰাম্পৰ পাৰস্পৰিক শুল্কত বিশেষ ৰেহাই প্ৰদান কৰিছে ভাৰতক । ভাৰতৰ ওপৰত 26 শতাংশ ‘‘ৰেহাইযুক্ত পাৰস্পৰিক শুল্ক’’ ঘোষণা ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আমেৰিকান সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰা উচ্চ শুল্কৰ এখন তালিকা প্ৰস্তুত কৰিছিল ।

"এয়া হৈছে মুক্তি দিৱস, এক দীৰ্ঘপ্ৰতীক্ষিত মুহূৰ্ত । ২ এপ্ৰিল, ২০২৫ চিৰদিনৰ বাবে আমেৰিকান উদ্যোগৰ পুনৰ জন্মৰ দিন হিচাপে স্মৰণীয় হৈ থাকিব । যিটো দিনত আমেৰিকাৰ ভাগ্য পুনৰ উদয় হৈছে আৰু যিটো দিনত আমি আমেৰিকাক পুনৰ সমৃদ্ধিশালী কৰিবলৈ আৰম্ভ কৰিছো । আমি আমেৰিকাক সমৃদ্ধিশালী আৰু ভাল কৰি তুলিবলৈ গৈ আছো ।" ট্ৰাম্পে বুধবাৰে হোৱাইট হাউছৰ ৰোজ গাৰ্ডেনত কয় ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লগতে কয় যে তেওঁ আমেৰিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা দেশবোৰৰ ওপৰত অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে । "আমেৰিকাই আন দেশবোৰৰ পৰা মটৰ চাইকেলৰ ওপৰত মাত্ৰ ২.৪ শতাংশ শুল্ক আদায় কৰে । ইফালে থাইলেণ্ড আৰু অন্যান্য দেশবোৰে 60 শতাংশৰ দৰে অতি বেছি হাৰ আদায় কৰিছে । ভাৰতে ৭০ শতাংশ মাচুল লয়, ভিয়েটনামে ৭৫ শতাংশ আৰু অন্যান্যসকলে তাতকৈ অধিক হাৰ আদায় কৰে ।" তেওঁ কয় ।

"একেদৰে, আজিলৈকে আমেৰিকাই কেইবা দশক ধৰি ২.৫ শতাংশ শুল্ক আদায় কৰি আহিছে । বিদেশী নিৰ্মিত অটোমোবাইলৰ ওপৰত সেই 2.5 শতাংশৰ কথা চিন্তা কৰক । ইউৰোপীয় ইউনিয়নে আমাৰ পৰা 10 শতাংশতকৈ অধিক শুল্ক আদায় কৰে আৰু তেওঁলোকৰ 20 শতাংশ ভেট বহুত বেছি । ভাৰতে ৭০ শতাংশ মাচুল লয় । আৰু সম্ভৱতঃ আটাইতকৈ বেয়া কথা হৈছে এয়া যে এই বৃহৎ বাণিজ্যিক বাধাৰ ফলস্বৰূপে দক্ষিণ কোৰিয়া, জাপান আৰু আন বহু ৰাষ্ট্ৰই অনা-মৌদ্ৰিক প্ৰতিবন্ধকতা লগাই গৈ আছে ।" ট্ৰাম্পে কয় ।

তেওঁ শুল্ক ঘোষণা কৰাৰ লগে লগে এখন তালিকাও দাঙি ধৰে । তাত ভাৰত, চীন, ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নৰ দৰে দেশবোৰে আৰোপ কৰা শুল্কবোৰ দেখুওৱা হৈছে । লগতে এই দেশবোৰে বৰ্তমান পৰিশোধ কৰিবলগা পাৰস্পৰিক শুল্কও উল্লেখ কৰা হৈছে ।

তালিকাখনে প্ৰকাশ কৰে যে ভাৰতে ‘‘মুদ্ৰাৰ হেৰফেৰ আৰু বাণিজ্যিক বাধাসহ’’ 52 শতাংশ শুল্ক আদায় কৰিছিল আৰু আমেৰিকাই বৰ্তমান ভাৰতক 26 শতাংশ ‘‘ৰেহাইযুক্ত পাৰস্পৰিক শুল্ক’’ আদায় কৰিব ।

"ভাৰত, অতি কঠিন । অতি কঠিন । প্ৰধানমন্ত্ৰী এইমাত্ৰ গুচি গৈছে । তেওঁ মোৰ এজন ভাল বন্ধু । কিন্তু মই কওঁ, 'আপুনি মোৰ বন্ধু, কিন্তু আপুনি আমাৰ সৈতে সঠিক আচৰণ কৰা নাই । তেওঁলোকে আমাৰ পৰা 52% মাচুল লয় । কিন্তু আপোনালোকে বুজিব লাগিব যে আমি তেওঁলোকৰ পৰা বছৰ বছৰ আৰু দশক ধৰি প্ৰায় একো মাচুল নোলোৱাৰ দৰে হৈ আছে । আৰু মাত্ৰ সাত বছৰ পূৰ্বে যেতিয়া মই আহিছিলো, তেতিয়া আমি চীনৰ সৈতে আৰম্ভ কৰিছিলো ।"

  • চৰকাৰে প্ৰভাৱ বিশ্লেষণ কৰিছে

আনহাতে, বাণিজ্য মন্ত্ৰণালয়ে ভাৰতৰ ওপৰত আমেৰিকাৰ দ্বাৰা আৰোপ কৰা ২৬ শতাংশ পাৰস্পৰিক শুল্ক বা আমদানি শুল্কৰ প্ৰভাৱ বিশ্লেষণ কৰি আছে বুলি এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই বৃহস্পতিবাৰে কয় ।

বিষয়াগৰাকীৰ মতে, ৫ এপ্ৰিলৰ পৰা আমেৰিকালৈ কৰা সকলো আমদানিৰ ওপৰত সাৰ্বজনীন ১০ শতাংশ শুল্ক কাৰ্যকৰী হ'ব আৰু বাকী ১৬ শতাংশ ১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব । "মন্ত্ৰণালয়ে ঘোষণা কৰা শুল্কৰ প্ৰভাৱ বিশ্লেষণ কৰি আছে ।" বিষয়াগৰাকীয়ে কয় । তেওঁ লগতে কয় যে অৱশ্যে এটা ব্যৱস্থা আছে যে যদি কোনো দেশে আমেৰিকাৰ উদ্বেগবোৰ সমাধান কৰে, তেন্তে ট্ৰাম্প প্ৰশাসনে উক্ত ৰাষ্ট্ৰৰ বিৰুদ্ধে শুল্ক হ্ৰাস কৰাৰ কথা বিবেচনা কৰিব পাৰে ।

ভাৰতে ইতিমধ্যে আমেৰিকাৰ সৈতে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনা কৰি আছে । দুয়োখন দেশে এই বছৰ (ছেপ্টেম্বৰ-অক্টোবৰ) চুক্তিৰ প্ৰথম পৰ্যায় চূড়ান্ত কৰাৰ লক্ষ্য লৈছে ।

"ই এক মিশ্ৰিত প্ৰভাৱ আৰু ভাৰতৰ বাবে বিশেষ চিন্তা কৰিবলগীয়া নাই ।" বিষয়াগৰাকীয়ে কয় । আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকান সামগ্ৰীৰ ওপৰত ভাৰতে আৰোপ কৰা উচ্চ শুল্ক সামগ্ৰীৰো তালিকা প্ৰস্তুত কৰিছে । কিয়নো তেওঁ বাহিৰৰ সমগ্ৰ দেশবোৰৰ ওপৰত পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে । ভাৰতৰ ওপৰত 26 শতাংশ 'ৰেহাইযুক্ত' পাৰস্পৰিক শুল্ক ঘোষণা কৰে ।

লগতে পঢ়ক :ট্ৰাম্পৰ 'মুক্তি দিৱস'ত আজি আমেৰিকাৰ দিশে দৃষ্টি বিশ্ব-বজাৰৰ - TRUMPS LIBERATION DAY TARIFFS
লগতে পঢ়ক :ভাৰতে কৃষি সামগ্ৰীৰ ওপৰত ১০০% শুল্ক লয়: হোৱাইট হাউছ - DONALD TRUMP