ভাৰত-পাক সংঘৰ্ষ বিৰতিক প্ৰশংসা ট্ৰাম্পৰ; কাশ্মীৰ বিষয়ত মধ্যস্থতাৰ প্ৰস্তাৱ
ড'নাল্ড ট্ৰাম্পে কয় যে এই কথাত তেওঁ গৌৰৱান্বিত যে আমেৰিকাই দুয়োখন দেশৰ এই 'ঐতিহাসিক আৰু বীৰত্বপূর্ণ সিদ্ধান্ত'ত উপনীত হোৱাত সহায় কৰিব পাৰিছে ।

Published : May 11, 2025 at 3:39 PM IST
নতুন দিল্লী : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত 'বৰ্তমানৰ আক্ৰমণাত্মক দৃষ্টিভংগী' ৰোধ কৰিবলৈ সহমতত উপনীত হোৱাৰ বাবে দুয়োখন দেশক প্ৰশংসা কৰে ।
সামাজিক মাধ্যম প্লেটফর্ম TruthSocial-ত শ্বেয়াৰ কৰা এক পোষ্টত ট্ৰাম্পে কয়, "তেওঁলোকৰ আত্মসন্মান তেওঁলোকৰ সাহসিকতাপূৰ্ণ কাৰ্যৰ দ্বাৰা যথেষ্টখিনি বৃদ্ধি পালে ।" ট্ৰাম্পে লগতে কয় যে তেওঁ দুয়োখন দেশৰ সৈতে মিলি এইটো কৰিবলৈ প্ৰয়াস কৰিব যে "হাজাৰ বছৰ পিছত কাশ্মীৰৰ ক্ষেত্ৰত কিবা সমাধানত উপনীত হ'ব পৰা যায় নেকি ।"
উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে শনিবাৰে নিয়ন্ত্ৰণৰেখা আৰু আন্তৰাষ্ট্ৰীয় সীমান্তত সংঘৰ্ষ বিৰতিত সন্মতি জনায় । বিগত সপ্তাহত পহলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায় ।
ট্ৰাম্পে লিখিছে, "ভাৰত আৰু পাকিস্তানৰ শক্তিশালী আৰু অবিচল নেতৃত্বৰ বাবে মই যথেষ্ট গর্বিত । কিয়নো তেওঁলোকৰ মাজত এই কথা জানিবলৈ আৰু বুজিবলৈ শক্তি, জ্ঞান আৰু ধৈৰ্য আছে যে বৰ্তমান আক্ৰমণাত্মক দৃষ্টিভংগী ৰোধ কৰিবৰ সময় হৈছে, যাৰ দ্বাৰা বহু লোকৰ মৃত্যু ধ্বংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা আছিল । লাখ লাখ নিৰীহ আৰু নিৰ্দোষী লোকৰ মৃত্যুৰ সম্ভাৱনা আছিল । আপোনালোকৰ আত্মসন্মান আপোনালোকৰ সাহসিকতাপূৰ্ণ কাৰ্যৰ দ্বাৰা যথেষ্ট বৃদ্ধি পাইছে ।"
ড'নাল্ড ট্ৰাম্পে লগতে কয় তেওঁ এই কথাত গৌৰৱবোধ কৰিছে আমেৰিকাই দুয়োখন দেশৰ এই "ঐতিহাসিক আৰু সাহসিক সিদ্ধান্ত"ত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ সক্ষম হৈছে । তেওঁ কয়, "যদিও এই বিষয়ে আলোচনাও হোৱা নাছিল, কিন্তু মই এইকেইদিন দুয়োখন বৃহৎ ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ গৈ আছো ।"

