ইজৰাইল-হামাছৰ যুদ্ধ 'সমাপ্ত': ট্ৰাম্প
ইজিপ্তত অনুষ্ঠিত হ'ব শান্তি আলোচনা । তাৰ পূৰ্বে ট্ৰাম্পে ইজৰাইলৰ সংসদত ভাষণ দিয়াৰ সম্ভাৱনা আছে ।

Published : October 13, 2025 at 10:11 AM IST
জেৰুজালেম : ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰম্ভ হৈছে । পেলেষ্টাইনী আৰু যুদ্ধৰ সময়ত ঘৰ এৰি পলায়ন কৰা লোকসকলে ইতিমধ্যে নিজৰ নিজৰ ঘৰলৈ ৰাওনা হৈছে । তাৰ মাজতে শান্তি আলোচনাৰ অন্যতম মধ্যস্থতাকাৰী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে গাজা যুদ্ধ সমাপ্ত বুলি ঘোষণা কৰিছে । দেওবাৰে শান্তি সন্মিলনৰ বাবে মধ্য প্ৰাচ্য যাত্ৰা কৰাৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰে । ইফালে যুদ্ধবিৰতি চুক্তি অনুসৰি হামাছে দুবছৰ ধৰি বন্দী কৰি ৰখা জীৱিত লোকসকলক মুকলি কৰি দিবলৈ সাজু হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত ৰোডমেপৰ অধীনত ইজৰাইলেও তাৰ বিনিময়ত প্ৰায় ২০০০ গৰাকী বন্দীক মুকলি কৰি দিবলৈ আৰম্ভ কৰিব ।
অৱশ্যে দুয়োপক্ষৰ মাজত ইয়াক লৈ বাক বিতণ্ডা হোৱা দেখা গৈছে । হামাছৰ সূত্ৰই জনাইছে যে তেওঁলোকে ইজৰাইলে মুকলি কৰিবলগীয়া পেলেষ্টাইনৰ ৭ জন জ্যেষ্ঠ নেতাক অন্তৰ্ভুক্ত কৰিবলৈ জোৰ দিছে ।
আশা কৰা মতে মুকলি পৰ্বৰ কিছু সময়ৰ পাছতে ইজৰাইলত উপস্থিত হ'বলগীয়া আমেৰিকান নেতাগৰাকীয়ে ইজিপ্তলৈ যোৱাৰ পূৰ্বে ইজৰাইলৰ সংসদত ভাষণ দিব । ইজিপ্তত দুবছৰীয়া গাজা যুদ্ধৰ অন্ত পেলোৱা আৰু মধ্যপ্ৰাচ্যৰ শান্তি প্ৰসাৰিত কৰাৰ পৰিকল্পনাক সমৰ্থন কৰিবলৈ বিশ্ব নেতাসকলৰ বৈঠকত মিলিত হ'ব ট্ৰাম্প ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়, "আমি একেলগে বৃহৎ জয়লাভ কৰিলোঁ, এনে জয় যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিলে...কিন্তু একে সময়তে মই আপোনালোকক ক'ব লাগিব যে যুঁজখন শেষ হোৱা নাই । বাইবেলৰ এটা পদ উদ্ধৃতি দি নেতান্যাহুৱে কয়, "এইটো এক আৱেগৰ সন্ধিয়া, চকুলোৰ সন্ধিয়া, আনন্দৰ সন্ধিয়া, কাৰণ কাইলৈ আমাৰ সন্তান আমাৰ সীমালৈ উভতি আহিব ।"
ইজৰাইলৰ সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ঈয়াল জমিৰেও বিজয়ৰ দাবী কৰিছে । জমিৰে কয়, "বিগত দুবছৰত আমি যি সামৰিক হেঁচা প্ৰয়োগ কৰিছো, তাৰ লগতে পৰিপূৰক কূটনৈতিক ব্যৱস্থাই হামাছৰ বিৰুদ্ধে জয়লাভ কৰাত সহায় কৰিছে ।"
নেতান্যাহুৰ কাৰ্যালয়ৰ মুখপাত্ৰ শ্বোছ বেড্ৰ'ছিয়ানে কয় যে সোমবাৰৰ পুৱাই বন্দীসকলৰ মুক্তিৰ কাম আৰম্ভ হ'ব আৰু ইজৰাইলে জীৱিত বন্দী ২০ জন সকলোকে একেলগে মুকলি কৰি দিয়াৰ আশা কৰিছে । ইজৰাইলৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই অৱশ্যে সাংবাদিকৰ আগত কয়, "দুৰ্ভাগ্যজনকভাৱে...কাইলৈ সকলো বন্দীক ঘূৰাই দিয়া নহ'ব ।"
ইফালে ২০১৪ চনত পূৰ্বৰ গাজা যুদ্ধৰ সময়ত নিহত হোৱা এজন জোৱানৰ শৰীৰৰ অৱশিষ্টও হামাছে গতাই দিয়াৰ সম্ভাৱনা আছে । মুকলি হ'বলগীয়া পেলেষ্টাইনী বন্দীসকলৰ ভিতৰত ২৫০ জন নিৰাপত্তাৰক্ষী, য'ত বহুকেইজন ইজৰাইলীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ বিপৰীতে যুদ্ধৰ সময়ত গাজাত ইজৰাইলী সেনাই আটক কৰি ৰাখিছিল প্ৰায় ১৭০০ জনক ।
উল্লেখ্য যে ইজৰাইল ভ্ৰমণৰ পিছত ইজিপ্তৰ লোহিত সাগৰৰ ৰিজ'ৰ্ট চহৰ শ্বাৰ্ম এল শ্বেখত ২০ খনতকৈও অধিক দেশৰ নেতাৰ সন্মিলনত অধ্যক্ষতা কৰিব ট্ৰাম্প আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল ছিছিয়ে ।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে কয় যে তেওঁ অংশগ্ৰহণ কৰিব, লগতে ব্ৰিটেইন, ইটালী, স্পেইন, ফ্ৰান্স আৰু জৰ্ডানৰ প্ৰতিনিধি নেতাসকলেও অংশগ্ৰহণ কৰিব । কিন্তু ইজৰাইল বা হামাছৰ কোনো বিষয়া তাত উপস্থিত নাথাকিব বুলি দুয়োটা শিবিৰৰ বিষয়াই নিশ্চিত কৰিছে ।
যুদ্ধবিৰতিৰ তৃতীয় দিনটোত সাহায্যভৰ্তি কেইখনমান ট্ৰাক গাজালৈ ৰাওনা হৈছে যদিও ষ্ট্ৰিপৰ দক্ষিণে থকা খান ইউনিছৰ বাসিন্দাসকলে কয় যে কিছুমান ট্ৰাকত অনাহাৰে থকা লোকসকলে লুটপাত চলাইছিল আৰু খাদ্যৰ পাৰ্চেলবোৰ নষ্ট কৰা তেওঁলোকে দেখিছে ।
লগতে পঢ়ক :ট্ৰাম্পৰ পৰিকল্পনা অধীনত গাজা এৰি যোৱাৰ প্ৰস্তাৱ নাকচ হামাছৰ, নিৰস্ত্ৰ হ’বলৈ কৰিলে অস্বীকাৰ

