ETV Bharat / international

হনুমান সন্দৰ্ভত বিৰূপ মন্তব্য আমেৰিকাৰ ৰাজনীতিবিদৰ, তীব্ৰ সমালোচনা

ডানকানে এই মন্তব্যৰ বাবে ইণ্টাৰনেট ইউজাৰসকলৰ পৰাও ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ।

US politician Hanuman row
ৰিপাব্লিকান নেতা আলেকজেণ্ডাৰ ডানকান (IANS)
author img

By PTI

Published : September 23, 2025 at 6:23 PM IST

3 Min Read
Choose ETV Bharat

হিউষ্টন: হিন্দু ধৰ্মৰ পূজনীয় দেৱতা ভগৱান হনুমানক 'মিছা' বুলি অভিহিত কৰি আৰু আমেৰিকাক 'খ্ৰীষ্টান জাতি' বুলি ঘোষণা কৰি আমেৰিকাৰ এজন ৰাজনীতিবিদে বিতৰ্কৰ সৃষ্টি কৰিছে । যাৰ ফলত হিন্দু সম্প্ৰদায় আৰু ইণ্টাৰনেট ইউজাৰসকলৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ।

টেক্সাছত অৱস্থিত হনুমানৰ ৯০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিৰ ভিডিঅ’ শ্বেয়াৰ কৰি ৰিপাব্লিকান নেতা আলেকজেণ্ডাৰ ডানকানে যোৱা সপ্তাহত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, “আমি ইয়াত টেক্সাছত কিয় ভুৱা হিন্দু ভগৱানৰ ভুৱা মূৰ্তি এটা বনাবলৈ দিছোঁ ? আমি এটা খ্ৰীষ্টান জাতি !”

হিন্দু আমেৰিকান ফাউণ্ডেশ্যনে (এইচ এ এফ) তেওঁৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । টেক্সাছৰ ৰিপাব্লিকান ছিনেটৰ প্ৰাৰ্থীগৰাকীক মাতি আনি হিন্দুবিৰোধী ঘৃণা হিচাপে অভিহিত কৰা বক্তব্য প্ৰদানৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংস্থাটোৱে ।

টেক্সাছৰ ৰিপাব্লিকান পাৰ্টীৰ অফিচিয়েল এক্স হেণ্ডেল টেগ কৰি ফাউণ্ডেশ্যনে লিখিছে, "হেল্ল' টেক্সাছ জি অ' পি, আপুনি আপোনাৰ দলৰ তৰফৰ পৰা আপোনাৰ ছিনেট প্ৰাৰ্থীক অনুশাসন দিবনে, যিয়ে বৈষম্যৰ বিৰুদ্ধে আপোনাৰ নিজৰ নিৰ্দেশনা মুকলিকৈ উলংঘা কৰে- কিছুমান অতি কুৎসিত হিন্দুবিৰোধী ঘৃণা প্ৰদৰ্শন কৰে ।"

উল্লেখ্য যে ছুগাৰ লেণ্ডৰ শ্ৰী অষ্টলক্ষ্মী মন্দিৰত অৱস্থিত এই হনুমান প্ৰতিমূৰ্তিটোক ষ্টেচু অৱ ইউনিয়ন বুলিও কোৱা হয় । ই হৈছে উত্তৰ আমেৰিকাৰ আটাইতকৈ ওখ হনুমান প্ৰতিমূৰ্তি ।

ইফালে ডানকানে এই মন্তব্যৰ বাবে ইণ্টাৰনেট ইউজাৰসকলৰ পৰাও ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ।

এগৰাকী ইউজাৰে লিখিছে, "আপুনি হিন্দু নহয় বুলিয়েই ইয়াক মিছা বুলি ক'ব নোৱাৰে। যিশুৱে পৃথিৱী ভ্ৰমণ কৰাৰ প্ৰায় ২০০০ বছৰ পূৰ্বেয়ে বেদসমূহ লিখা হৈছিল আৰু ই অসাধাৰণ গ্ৰন্থ । আৰু খ্ৰীষ্টান ধৰ্মৰ ওপৰত ইয়াৰ স্পষ্ট প্ৰভাৱ আছে... গতিকে আপোনাৰ ধৰ্মৰ পূৰ্বৰ আৰু প্ৰভাৱিত কৰা ‘ধৰ্ম’ক সন্মান আৰু গৱেষণা কৰাটো বুদ্ধিমানৰ কাম হ’ব ।"

আন এজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কয় যে এটা মূৰ্তি কাৰো ওপৰত “নিজৰ ধৰ্ম জোৰ কৰা” বুলি গণ্য কৰা নহয়।

ব্যৱহাৰকাৰীজনে X পোষ্টত লিখিছে, "আমি হয়তো খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰত থাকিব পাৰোঁ । কিন্তু যদি আপুনি এইটো দাবী কৰিবলৈ চেষ্টা কৰে যে ইয়াত অন্য ধৰ্মীয় বিশ্বাসৰ অনুমতি নাই, তেন্তে আপুনি এনে এক ঈশ্বৰতন্ত্ৰৰ পোষকতা কৰিছে যিটো আমেৰিকাৰ মূল্যবোধৰ বিপৰীত ।"

অৱশ্যে টেক্সাছৰ জি অ’ পিয়ে এই বিতৰ্ক সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ।

লগতে পঢ়ক :দ্য নিউয়ৰ্ক টাইমছেও বিশ্বক জনালে- জুবিন গাৰ্গ গ'লগৈ...
লগতে পঢ়ক :এইচ ১-বি ভিছাৰ মাচুল ১ লাখ ডলাৰলৈ বৃদ্ধি ট্ৰাম্পৰ; ভাৰতীয় শ্ৰমিকসকলৰ ওপৰত পৰিব প্ৰভাৱ