ETV Bharat / international

বাংলাদেশত হিন্দুবিৰোধী হিংসা বন্ধৰ আহ্বান আমেৰিকান সাংসদ কৃষ্ণমূৰ্তিৰ

আমেৰিকান কংগ্ৰেছৰ সদস্য কৃষ্ণমূৰ্তিয়ে বাংলাদেশক হিন্দুবিৰোধী হিংসা বন্ধ কৰিবলৈ, মৌলিক অধিকাৰ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

Bangladesh anti Hindu violence
ৰাজা কৃষ্ণমূৰ্তি (ANI)
author img

By ANI

Published : December 7, 2024 at 1:17 PM IST

3 Min Read
Choose ETV Bharat

ৱাশ্বিংটন : ইস্কনৰ পুৰোহিত চিন্ময়কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰৰ পিচত বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা অস্থিৰতাৰ বাবে আমেৰিকান কংগ্ৰেছৰ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক চৰকাৰী বিবৃতিত তেওঁ বাংলাদেশ চৰকাৰক মানৱ অধিকাৰ বাহাল ৰাখিবলৈ, আইনী সুৰক্ষাৰ নিশ্চয়তা দিবলৈ আৰু হিন্দু আৰু অন্যান্য সংখ্যালঘু গোটসমূহক লক্ষ্য কৰি হিংসাৰ জোৱাৰ সমাপ্ত কৰিবলৈ আহ্বান জনায় ।

"সমগ্ৰ বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ বিৰুদ্ধে চলি থকা হিংসা গ্ৰহণযোগ্য নহয় আৰু ই শীঘ্ৰে সমাপ্ত হ'ব লাগে । মই বাংলাদেশ চৰকাৰক এতিয়া উত্তেজনা হ্ৰাস কৰিবলৈ শান্তিপূৰ্ণভাৱে নিৰ্ণায়ক পদক্ষেপ ল'বলৈ টানি অনুৰোধ জনাইছো ।" তেওঁ কয় ।

ইলিনয়ৰ কংগ্ৰেছ সদস্যজনে বাংলাদেশৰ শান্তিপূৰ্ণ প্ৰতিবাদ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলে সঠিক আইনী ব্যৱস্থা পোৱাটো নিশ্চিত কৰিবলৈ কয় । "বাংলাদেশ চৰকাৰে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আৰু সঠিক আইনী প্ৰতিনিধিত্বকে ধৰি মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাক বজাই ৰাখিব আৰু সুৰক্ষিত কৰিব লাগিব ।" তেওঁ কয় যে বৰ্তমানৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে এনে ধৰণৰ পদক্ষেপ অতি গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, ২৫ অক্টোবৰত চিটাগঙত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ অভিযোগত চিন্ময়কৃষ্ণ দাসৰ বিৰুদ্ধে দাখিল কৰা ৰাজদ্ৰোহৰ অভিযোগৰ পৰা এই অস্থিৰতাৰ উদ্ভৱ হয় । ২৫ নৱেম্বৰত তেওঁৰ গ্ৰেপ্তাৰে প্ৰতিবাদৰ সৃষ্টি কৰে । যাৰ ফলত ২৭ নৱেম্বৰত চট্টগ্ৰাম আদালত ভৱনৰ বাহিৰত তেওঁৰ অনুগামী আৰু আইনী প্ৰতিনিধিৰ মাজত হিংসাত্মক সংঘৰ্ষ হয় । যাৰ ফলত এজন অধিবক্তাৰ মৃত্যু হয় ।

আনহাতে, ইয়াৰ পিচত আৰু অধিক লোকক গ্ৰেপ্তাৰৰ পিচত পৰিস্থিতিৰ অধিক অৱনতি ঘটে । ইস্কন কলকাতাৰ মতে, ২৯ নৱেম্বৰত চিন্ময়কৃষ্ণ দাসক জিম্মাত লৈ আদিপুৰুষ শ্যাম দাস আৰু ৰংনাথ দাস ব্ৰহ্মচাৰী নামৰ দুজন সন্ন্যাসীক আটক কৰে । সংগঠনটোৰ উপ-সভাপতি ৰাধা ৰমণেও দাবী কৰে যে অস্থিৰতাৰ সময়ত সংঘৰ্ষকাৰীসকলে বাংলাদেশৰ এটা ইস্কন কেন্দ্ৰত আক্ৰমণ চলায় ।

এই বিতৰ্কক যোগ দি বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান একতা পৰিষদে ৭০ গৰাকী সংখ্যালঘু অধিবক্তা আৰু তাণ্ডৱ আৰু বোমা বিস্ফোৰণকে ধৰি মনেসজা অপৰাধত অভিযুক্ত দুজন সাংবাদিকৰ বিৰুদ্ধে ‘‘মিছা আৰু হাৰাশাস্তিৰ গোচৰ’’ বুলি উল্লেখ কৰা ঘটনাক গৰিহণা দিয়ে ।

পৰিষদে এই অভিযোগসমূহ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই কয় যে এইবোৰ চিন্ময়কৃষ্ণ দাসৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰত বাধা দিবলৈ আৰু ইয়াৰ লগত সম্পৰ্কিত বাতৰি প্ৰচাৰক বাধা প্ৰদানৰ বাবে প্ৰস্তুত কৰা হৈছিল । ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়েও বাংলাদেশত হিংসা আৰু উগ্ৰ ভাষ্য বৃদ্ধিৰ ওপৰত উদ্বেগ ব্যক্ত কৰি কয় যে ই ঢাকাৰ সৈতে সংখ্যালঘুসকলৰ ওপৰত লক্ষ্য নিৰ্ধাৰিত আক্ৰমণৰ বিষয়টো ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে ।

লগতে পঢ়ক :হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষেধ
লগতে পঢ়ক :বন্ধ কৰিলে ভিছা: বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ জৰুৰী সিদ্ধান্ত