ৱাশ্বিংটন ডিচি : ড'নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ লগে লগে আমেৰিকাত বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ দেখা গৈছে । ট্ৰাম্পৰ বৈদেশিক নীতিয়ে ইতিমধ্যে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আন এক কঠোৰ নীতিৰ অধীনত শ শ কথিত অপৰাধীক ট্ৰাম্প প্ৰশাসনে বিতাড়িত কৰিছে ।
ট্ৰেন ডি আৰাগুয়াৰ সদস্যক বিতাড়ন
চিএনএনৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে অষ্টদশ শতিকাৰ এলিয়েনছ এনিমিজ এক্টৰ অধীনত ভেনিজুৱেলাৰ ট্ৰেন ডি আৰাগুয়াৰ কথিত শ শ সদস্যক এল ছালভাডৰলৈ বিতাড়ন কৰিছে । ট্ৰেন ডি আৰাগুয়া হৈছে ভেনিজুৱেলাৰ এক আন্তঃৰাষ্ট্ৰীয় অপৰাধী চক্ৰ । যাক আমেৰিকাই বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে মনোনীত কৰিছে । আমেৰিকা প্ৰশাসনৰ এই কঠোৰ পদক্ষেপৰ ফলত দেশখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে আমেৰিকাৰ এক ফেডাৰেল ন্যায়াধীশে ট্ৰাম্প প্ৰশাসনৰ এই আইন কাৰ্যকৰী কৰাৰ সামৰ্থ্যৰ ওপৰত ১৪ দিনৰ স্থগিতাদেশ জাৰি কৰে । লগতে বিতাড়িতসকলক লৈ যোৱা যিকোনো বিমানক আমেৰিকালৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়ে ।
আদালতৰ হস্তক্ষেপ
ন্যায়াধীশগৰাকীয়ে কয় যে আদালতৰ পৰৱৰ্তী আদেশলৈকে এই নিৰ্দেশনা কাৰ্যকৰী হৈ থাকিব । বিষয়টো সন্দৰ্ভত এগৰাকী লোকে কয় যে ন্যায়াধীশৰ ৰায়দানৰ সময়তে বিমানবোৰ ইতিমধ্যে উৰা মাৰিছিল । শুনানিৰ সময়ত আমেৰিকাৰ জিলা ন্যায়াধীশ জেমছ বোয়াচবাৰ্গে কয়, "বিশেষকৈ গোচৰীয়াসকলৰ তথ্য অনুসৰি চৰকাৰে অপ্ৰত্যাশিতভাৱে বিমানবোৰ সক্ৰিয়ভাৱে প্ৰস্থান কৰাৰ পৰিকল্পনা কৰিছে, মই আশা কৰো যে মই আৰু অপেক্ষা কৰিব নালাগে । এই লোকসকল লৈ যোৱা যিকোনো বিমানে পুনৰ আমেৰিকালৈ ঘূৰি আহিব লাগে ।"
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই ঘোষণা কৰিছিল যে শনিবাৰে ট্ৰাম্পে এলিয়েন এনিমিজ আইন প্ৰয়োগ কৰাৰ পিছত শ শ দুৰ্ধৰ্ষ অপৰাধীক দেশৰ বাহিৰলৈ পঠোৱা হৈছে । হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰোলিন লিয়াভিটে পিছত কয় যে হোমলেণ্ড ছিকিউৰিটী বিভাগে সপ্তাহৰ শেষৰফালে ট্ৰেন ডি আৰাগুয়াৰ প্ৰায় ৩০০ সদস্যক গ্ৰেপ্তাৰ কৰিছিল ।
ইফালে এল ছালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে এমএছ-১৩ দলৰ দুই নেতাৰ লগতে আন ২১ জন ছালভাডৰৰ লোকক স্বদেশত ন্যায়ৰ সন্মুখীন হোৱাৰ বিনিময়ত অভিযুক্ত দলটোৰ সদস্যসকলক কাৰাগাৰত বন্দী কৰাৰ প্ৰস্তাৱ দিছে । আমেৰিকাই এল ছালভাডৰক নিৰ্বাসিত লোকসকলক ৰখাৰ বিনিময়ত ৬ নিযুত আমেৰিকান ডলাৰ পৰিশোধ কৰিব । এল ছালভাডৰৰ ৰাষ্ট্ৰপতিয়ে কয় যে এই ধনে পেনিটেণ্টেৰী প্ৰণালীটো বজাই ৰখাত সহায় কৰিব, যাৰ বৰ্তমান বছৰি ২০০ নিযুত ডলাৰ ব্যয় হয় । তেওঁ লগতে কয় যে এই পদক্ষেপে প্ৰশাসনক চোৰাংচোৱা তথ্য সংগ্ৰহ কৰাত আৰু এমএছ-১৩ সদস্যসকলক আটক কৰাত সহায় কৰিব ।