হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকাৰ বিমান আক্ৰমণ
ট্ৰাম্পৰ সকীয়নি সঁচা হ'ল । হুথিৰ বিৰুদ্ধে আমেৰিকাৰ বিমান আক্ৰমণত ৩১ জন লোকৰ মৃত্যু ।

Published : March 16, 2025 at 2:00 PM IST
ৱেষ্ট পাম বীচ : ইৰাণ সমৰ্থিত য়েমেন হুথি বিদ্ৰোহীসকলে দীৰ্ঘদিন ধৰি সামুদ্ৰিক কৰিডৰত বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে । হুথি বিদ্ৰোহীসকলক এই ক্ষেত্ৰত বিভিন্ন দেশে সকীয়নি প্ৰদান কৰি আহিছে । তাৰ ভিতৰত অন্যতম আমেৰিকা । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হুথি বিদ্ৰোহীসকলক জাহাজৰ ওপৰত আক্ৰমণ বন্ধ নকৰিলে শক্তি প্ৰয়োগৰ সকীয়নি দিছিল । তাৰ মাজতে শনিবাৰে য়েমেনৰ হুথি অধিকৃত অঞ্চলত আমেৰিকাই বিমান আক্ৰমণ কৰে ।
হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকাৰ আক্ৰমণ
আমেৰিকাৰ এই বিমান আক্ৰমণত প্ৰায় ৩১ জন লোক নিহত হয় । ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত কয়, "আমাৰ সাহসী ৱাৰফাইটাৰসকলে এই মুহূৰ্তত আমেৰিকাৰ জাহাজ, বায়ু আৰু নৌ-সম্পদ সুৰক্ষিত কৰিবলৈ আৰু নেভিগেশ্যনেল ফ্ৰীডম পুনৰুদ্ধাৰৰ বাবে সন্ত্ৰাসবাদীৰ ঘাটি, নেতা আৰু মিছাইল প্ৰতিৰক্ষাৰ ওপৰত আকাশী আক্ৰমণ চলাই আছে ।"
তেওঁ লগতে ইৰাণক বিদ্ৰোহী গোটটোক সমৰ্থন কৰা বন্ধ কৰিবলৈও সতৰ্ক কৰি দিয়ে । দেশখনক নিষিদ্ধ কাৰ্যকলাপৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ কৰিছে ট্ৰাম্পে । দুসপ্তাহ পূৰ্বে ট্ৰাম্পে ইৰাণৰ নেতাসকললৈ এখন পত্ৰ প্ৰেৰণ কৰি ইৰাণৰ বৰ্ধিত পাৰমাণৱিক কাৰ্যসূচীৰ ওপৰত দেশসমূহৰ মাজত দ্বিপাক্ষিক আলোচনা পুনৰ আৰম্ভ কৰাৰো পথ মুকলি কৰিছে । ট্ৰাম্পে কৈছে যে তেওঁ ইয়াক কাৰ্যক্ষম হ'বলৈ নিদিব । ইফালে হুথিসকলৰ সূত্ৰই শনিবাৰে সন্ধিয়া তেওঁলোকৰ ভূখণ্ডত, ছানাৰ ৰাজধানী আৰু চৌদি আৰৱৰ সীমান্তত বিদ্ৰোহীসকলৰ দুৰ্গ চাদাৰ উত্তৰ প্ৰদেশত বিস্ফোৰণৰ খবৰ দিছে । একেদৰে দেওবাৰে পুৱতি নিশা সেই অঞ্চলবোৰত অধিক বিমান আক্ৰমণৰো খবৰ পোৱা গৈছে । অনলাইন প্ৰকাশিত ফটোবোৰত ছানা বিমানবন্দৰ চৌহদৰ এলেকাত ক'লা ধোঁৱা দেখা গৈছে, য'ত এক বিশাল সামৰিক কেন্দ্ৰও অন্তৰ্ভুক্ত আছে । হুথিসকলে দেওবাৰে পুৱতি নিশা হোদেইদা, বাইদা আৰু মাৰিব প্ৰদেশত বিমান আক্ৰমণৰ খবৰ দিছে ।
হুথিক বাধা দিব নোৱাৰে !
হুথি পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি কমেও ৩১ জন লোক নিহত হৈছে । প্ৰায় ২৪ জন আহত হৈছে । যাৰ ভিতৰত ছানাত ৯ জন আৰু চাদাত ১৫ জন অন্তৰ্ভুক্ত আছিল । আমেৰিকাৰ এজন বিষয়াই কয় যে এয়া হুথিৰ লক্ষ্যত বিমান আক্ৰমণৰ আৰম্ভণি যি অব্যাহত থাকিব বুলি আশা কৰা হৈছে । হুথি মিডিয়া কাৰ্যালয়ৰ উপ-মুৰব্বী নছৰুদ্দিন আমৰে কয় যে এই বিমান আক্ৰমণে তেওঁলোকক বাধা দিব নোৱাৰে আৰু তেওঁলোকে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব । তেওঁ সামাজিক মাধ্যমত কৈছে,"ছানা গাজাৰ ঢাল আৰু সমৰ্থন হৈ থাকিব আৰু প্ৰত্যাহ্বান যিয়েই নহওঁক আঁতৰি নাযায় ।"
উল্লেখ্য যে গাজাত ইজৰাইলৰ শেহতীয়া অৱৰোধৰ প্ৰতিক্ৰিয়াস্বৰূপে হুথিসকলে য়েমেনৰ পৰা যাত্ৰা কৰা ইজৰাইলী জাহাজসমূহৰ ওপৰত আক্ৰমণ পুনৰ আৰম্ভ কৰিব বুলি দাবী কৰিছিল । তাৰ পিছতে এই বিমান আক্ৰমণ দেখা গৈছে । তেওঁলোকে এই সতৰ্কবাণীক লোহিত সাগৰ, এডেন উপসাগৰ, বাব এল-মাণ্ডেব প্ৰণালী আৰু আৰৱ সাগৰক প্ৰভাৱিত কৰা বুলি বৰ্ণনা কৰে । অৱশ্যে তেতিয়াৰে পৰা কোনো হুথি আক্ৰমণৰ খবৰ পোৱা হোৱা নাই । এই মাহৰ আৰম্ভণিতে ইজৰাইলে গাজালৈ অহা সকলো সাহায্য বন্ধ কৰি দিছিল আৰু দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ বাবে আলোচনা অব্যাহত থকাৰ বাবে যুদ্ধত তেওঁলোকৰ যুদ্ধবিৰতি সম্প্ৰসাৰিত নহ'লে হামাছৰ বাবে অতিৰিক্ত পৰিণাম হ'ব বুলি সতৰ্ক কৰি দিছিল ।

