ETV Bharat / international

তেওঁলোকৰ বাবে দেশৰ প্ৰতি সেৱাই প্ৰথম কৰ্তব্য

২০২৪ চনৰ তথ্য অনুসৰি প্ৰায় ৬৮,০০০ গৰাকী মহিলাই ইউক্ৰেইনৰ সেনা বাহিনীত সেৱা আগবঢ়াইছে ।

Russia Ukraine war
তেওঁলোকৰ বাবে দেশৰ প্ৰতি সেৱা প্ৰথম কৰ্তব্য (AFP)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 6:12 PM IST

4 Min Read
Choose ETV Bharat

কীভ : ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে । তাৰ মাজতে চৰ্চালৈ আহিছে দেশমাতৃৰ বাবে সেৱাত নিয়োজিত এহাল মাতৃ-কন্যা । তেওঁলোক হৈছে ৫৩ বছৰীয়া নাটালিয়া আৰু কন্যা ভেৰোনিকা । দুয়ো ইউক্ৰেইনৰ সেনা জোৱান । প্ৰায় ৩ বছৰ পূৰ্বে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছতে বস্ত্ৰ ডিজাইনৰ চাকৰি এৰি সেনাত যোগদান কৰিছিল মাতৃ নাটালিয়াই । তাৰ কিছুদিন পিছতে কন্যা ভেৰোনিকাইও ইউক্ৰেইন সেনাত যোগ দিয়ে ।

দেশ সেৱাত নিয়োজিত মাতৃ-কন্যা

কন্যাই সেনাত যোগদান কৰা সন্দৰ্ভত মাতৃ নাটালিয়াই এ এফ পিক কয়, "এগৰাকী মাতৃ হিচাপে অৱশ্যে মই চিন্তিত আছিলো ।" কিন্তু পিছত তেওঁ ভাবিছিল যে একেলগে থকাটোৱে ভাল হ'ব । তেওঁ কন্যাক কৈছিল, "যি হওঁক তুমি মোৰ ওচৰতে থাকিবা, মোৰ উইঙৰ তলত থাকিবা । যদি মই কৰিব লগা হয় তেন্তে মই তোমাক মোৰ নিজৰ প্ৰাণ দি সুৰক্ষা দিম । যদি তুমি ইয়াত নাথাকা, মই একো কৰিব নোৱাৰিলোহেঁতেন ।" ইফালে কন্যা ভেৰোনিকাই কয় যে মাতৃয়ে তেওঁক ভয় নকৰিবলৈ সাহস দিছিল । ভেৰোনিকাই হাঁহি হাঁহি কয়, "সন্তানে সদায় তেওঁলোকৰ পিতৃ-মাতৃৰ দৰে হ'বলৈ চেষ্টা কৰে ।" উল্লেখ্য যে দুয়োগৰাকী মহিলাই সেনাৰ ১০০ সংখ্যক ব্ৰিগেডত সেৱা আগবঢ়ায় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি তেওঁলোক ২০২৪ চনত ইউক্ৰেইনৰ সেনাবাহিনীত সেৱা আগবঢ়োৱা হিচাপে তালিকাভুক্ত ৬৮,০০০ মহিলাৰ ভিতৰত আছে ।

যি সময়ত ইউক্ৰেইন যুদ্ধত হাজাৰ হাজাৰ সেনা শ্বহীদ হৈছে, সেয়ে সেনাত যোগদান কৰাটো এক স্পষ্ট পচন্দৰ বাহিৰত আছিল । অৱশ্যে বেছিভাগ মহিলা জোৱান পোনপটীয়াভাৱে যুদ্ধত জড়িত নহয় । ইউক্ৰেইনৰ মহিলাসকলক ২০১৮ চনলৈকে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল । পুৰুষপ্ৰধান অঞ্চলত বহু মহিলাই যৌন নিৰ্যাতন বা শোষণৰ সন্মুখীন হোৱাৰ সময়তে নাটালিয়া আৰু ভেৰোনিকাই কয় যে তেওঁলোকে সদায় মৰম আৰু আদৰ পাই আহিছে ।

ভেৰোনিকাই কয়, "যুদ্ধৰ আৰম্ভণিতে মোৰ মায়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।" একে বুজাবুজিৰে এতিয়া তেওঁলোকে এটা এপাৰ্টমেণ্টত সপোনৰ ঘৰখন সজাইছে । পুৱা গীত শুনি দুয়ো দিনটোৰ বাবে সাজু হয় । সন্ধিয়া তেওঁলোকে একেলগে খেলে । যেতিয়াই শত্ৰুৱে নিক্ষেপ কৰা বোমা এটা পৰে ভেৰোনিকাই মাতৃলৈ ফোন কৰে আৰু তেওঁ সুৰক্ষিত আছেনে সেই কথা নিশ্চিত কৰে । তেওঁলোকৰ মাজতো মাজে সময়ে তৰ্ক হয় কিন্তু কম সময়ৰ ভিতৰতে সেইবোৰ সমাধানো হয়, যি সচৰাচৰ প্ৰতিটো পৰিয়ালতে থাকে । নাটালিয়াই কয় যে তেওঁ সুখী । কিয়নো তেওঁৰ সন্তান তেওঁৰ ওচৰতে আছে । তেওঁৰ সন্তানেই তেওঁৰ বাবে ঘৰ আৰু য'তে যায় তাতে তেওঁৰ ঘৰখন থাকে ।

আন এক মাতৃ-কন্যা যুটি হৈছে ওলগা আৰু মাৰিয়া । দুয়ো সেনাৰ খাৰ্তিয়া ব্ৰিগেডত কৰ্মৰত যদিও খুব কম সময়হে তেওঁলোকে সাক্ষাতৰ সুযোগ লাভ কৰে । সপ্তাহত তেওঁলোকে কেৱল এবাৰহে লগ পায় । শেহতীয়াকৈ তেওঁলোকে লগ পাইছিল যদিও এঘণ্টাৰ ভিতৰতে দুয়োলৈ ফোন আহিছিল আৰু পুনৰ কামত যোগদান কৰিবলগীয়া হৈছিল । ২১ বছৰীয়া মাৰিয়াৰ দেহত এটা টেটু আছে য'ত লিখা আছে 'গাৰ্ল পাৱাৰ'। সেইটোৰ দ্বাৰা তেওঁ তেওঁৰ মাতৃ ওচৰতে আছে বুলি ধৰি লয় । ২০২০ চনত তেওঁ সেনাত যোগদান কৰিছিল । ৩ বছৰৰ পিছত তেওঁৰ মাতৃ ৪৮ বছৰীয়া ওলগাওৱে নাৰ্চ হিচাপে সেনাবাহিনীত যোগদান কৰাৰ প্ৰস্তাৱ লাভ কৰে । ওলগাই কন্যাৰ কথা স্মৰণ কৰে যিয়ে কৈছিল, "যদি আমি সেৱা আগবঢ়াও, তেন্তে একেলগে কৰো আহক ।"

তেওঁলোক দুয়ো উত্তৰ-পূব ইউক্ৰেইনৰ খাৰকিভ অঞ্চলত নিয়োজিত । য'ত ওলগাই সেনাৰ এক ভ্ৰাম্যমাণ দন্ত চিকিৎসালয়ত কাম কৰে আৰু মাৰিয়া এগৰাকী সেনা বিষয়া । মাৰিয়াৰ পিতৃ পেট্ৰো অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান । ৬০ বছৰীয়া পেট্ৰোৱে কেতিয়াবা একেলগে পিজ্জা খাবলৈ তেওঁলোকৰ ওচৰলৈ যায় । পৰিয়ালটোৱে ২০২২ চনত দেশৰ পূবত তেওঁলোকৰ গৃহচহৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল । তেওঁলোকে কয় যে তেওঁলোকৰ ঘৰটো এতিয়া ৰাছিয়াৰ সেনাই দখল কৰিছে । পেট্ৰোৱে কয় যে তেওঁ এতিয়াও যোগদান কৰিব বিচাৰে । কিন্তু মাৰিয়াই তেওঁক এতিয়া বৃদ্ধ হৈছে বুলি কয় ।

লগতে পঢ়ক :হোৱাইট হাউছৰ বৈঠকত ট্ৰাম্প-জেলেনস্কিৰ মুখামুখি তৰ্কাতৰ্কি - TRUMP ZELENSKYY CONTROVERSY