ৰাছিয়া আক্ৰমণৰ ক্ষেত্ৰত সামৰিক শক্তিক প্ৰশংসা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ - Russia Ukraine war
Ukrainian invasion of kursk: নিজ দেশৰ সেনাবাহিনীক প্ৰশংসা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ ৷ ৰাছিয়া আক্ৰমণৰ ক্ষেত্ৰত দেশখনৰ সেনাবাহিনীয়ে উন্নত প্ৰদৰ্শন দেখুৱাইছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ৰাছিয়াৰ বিস্তৃত এলেকা পৰ্যন্ত আক্ৰমণৰ বাবে পশ্চিমীয়া অস্ত্ৰ ব্যৱহাৰৰ ওপৰত থকা অৱশিষ্ট নিষেধাজ্ঞা উঠাই লোৱাৰ আহ্বান জেলেনস্কিৰ ।

Published : August 19, 2024 at 1:07 PM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে দেওবাৰে কয় যে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত সাহসী সামৰিক আক্ৰমণৰ লক্ষ্য হৈছে সীমান্তৰ সিপাৰে মস্কোৰ অধিক আক্ৰমণ ৰোধ কৰিবলৈ বাফাৰ জ’ন সৃষ্টি কৰা ।
6 আগষ্টত আৰম্ভ হোৱা এই অভিযানৰ লক্ষ্য প্ৰথমবাৰৰ বাবে জেলেনস্কিয়ে স্পষ্টভাৱে উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে তেওঁ এই অভিযানৰ লক্ষ্য সীমান্তৱৰ্তী ছুমি অঞ্চলৰ জনগোষ্ঠীসমূহক অহৰহ গোলাবৰ্ষণৰ পৰা ৰক্ষা কৰা বুলি কৈছিল ।
জেলেনস্কিয়ে কয়, "সামগ্ৰিকভাৱে প্ৰতিৰক্ষামূলক অভিযানত এতিয়া আমাৰ প্ৰধান কাম ৰাছিয়াৰ যুদ্ধৰ সম্ভাৱনা যিমান পাৰি ধ্বংস কৰা আৰু সৰ্বাধিক প্ৰতি আক্ৰমণাত্মক কাৰ্য চলোৱা । ইয়াৰ ভিতৰত আক্ৰমণকাৰীৰ ভূখণ্ডত বাফাৰ জ’ন সৃষ্টি কৰাটোও অন্তৰ্ভুক্ত - কুৰ্স্ক অঞ্চলত আমাৰ অভিযান ।"
এই সপ্তাহৰ শেষৰ ফালে ইউক্ৰেইনে অঞ্চলটোৰ এখন গুৰুত্বপূৰ্ণ দলং ধ্বংস কৰি ওচৰৰ দ্বিতীয়খন দলংত খুন্দা মাৰিছে, যাৰ ফলত 6 আগষ্টৰ পৰা আৰম্ভ হোৱা সীমা অতিক্ৰম কৰি এক আচৰিত ধৰণৰ আক্ৰমণৰ হেঁচা প্ৰয়োগ কৰাৰ ফলত যোগান লাইনত ব্যাঘাত জন্মিছে বুলি বিষয়াসকলে জনায় ।ইউক্ৰেইনৰ বায়ুসেনাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মাইকোলা অলেছচুকে শুকুৰবাৰে বিমান আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰি দলংখন দুভাগ কৰি পেলায় ।
দুদিন নৌহওঁতেই ইউক্ৰেইনৰ সৈন্যই ৰাছিয়াৰ দ্বিতীয়খন দলঙত খুন্দা মাৰে বুলি অলেছচুক আৰু ৰাছিয়াৰ আঞ্চলিক গভৰ্ণৰ আলেক্সেই স্মিৰনভে জনায় । অৱশ্যে দেওবাৰৰ পুৱা পৰ্যন্ত দ্বিতীয়খন দলং আক্ৰমণৰ সঠিক স্থানৰ বিষয়ে কোনো বিষয়াই তথ্য প্ৰকাশ কৰা নাই । কিন্তু ৰাছিয়াৰ টেলিগ্ৰাম চেনেলসমূহে দাবী কৰিছিল যে ছেইম নদীৰ ওপৰত দ্বিতীয়খন দলং, ঝভান’ গাঁৱত আক্ৰমণ কৰা হৈছে ।
ৰাছিয়াৰ মেছ নিউজ চাইটৰ মতে, এই আক্ৰমণৰ ফলত অঞ্চলটোত মাত্ৰ এখনহে অক্ষত দলং বাকী আছে । অৱশ্যে এই সন্দৰ্ভত সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছে তৎক্ষণাত কোনো পৰীক্ষা কৰিব নোৱাৰিলে । যদিহে নিশ্চিত হয় তেন্তে ইউক্ৰেইনৰ এই আক্ৰমণে মস্কোৱে কুৰ্স্কত নিজৰ বাহিনী পুনৰ শক্তিশালী কৰা আৰু সাধাৰণ নাগৰিকক উলিয়াই অনাৰ প্ৰচেষ্টাক আৰু অধিক জটিল কৰি তুলিব । গ্লুচকোভো ইউক্ৰেইনৰ সীমান্তৰ পৰা প্ৰায় 12 কিলোমিটাৰ (7.5 মাইল) উত্তৰত আৰু কুৰ্স্কৰ মূল যুদ্ধক্ষেত্ৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ (10 মাইল) উত্তৰ-পশ্চিমে । উত্তৰ-পশ্চিমে আৰু 8 কিলোমিটাৰ (5 মাইল) দূৰত্বত ঝভান’ৱে অৱস্থিত ।
কিয়েভে ইয়াৰ পূৰ্বে টেংক আৰু অন্যান্য সাজসজ্জিত বাহনেৰে ৰাছিয়াক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে ৷ যিটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দেশখনৰ ওপৰত হোৱা আটাইতকৈ বৃহৎ আক্ৰমণ ৷ যিয়ে ক্ৰেমলিনক আচৰিত কৰি তুলিছিল আৰু ইউক্ৰেইনৰ হাতত বন্দী হৈ পৰিছিল কেইবা লাখ গাঁও আৰু শ শ লোক ।
জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ বাহিনীয়ে ভাল আৰু অতি প্ৰয়োজনীয় ফলাফল লাভ কৰিছে । জেলেনস্কিয়ে ৰাছিয়াৰ বিস্তৃত এলেকা পৰ্যন্ত আক্ৰমণ কৰাৰ অনুমতি বিচাৰে ৷
শনিবাৰে জেলেনস্কিয়ে নিজ লক্ষ্যত উপনীত হ’বৰ বাবে তথা ৰাছিয়াৰ বিস্তৃত এলেকা পৰ্যন্ত আক্ৰমণৰ বাবে পশ্চিমীয়া অস্ত্ৰ ব্যৱহাৰৰ ওপৰত থকা অৱশিষ্ট নিষেধাজ্ঞা উঠাই ল’বলৈ আহ্বান জনায় ।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয় আৰু ক্ৰেমলিন সমৰ্থক ব্লগাৰসকলে অভিযোগ কৰিছে যে ছেইম নদীৰ দলং ধ্বংস কৰিবলৈ আমেৰিকাত নিৰ্মিত HIMARS লঞ্চাৰ ব্যৱহাৰ কৰা হৈছে ।
ইউক্ৰেইনৰ নেতাসকলে ৰাছিয়াৰ বিমান ঘাটি আৰু ইউক্ৰেইনৰ শক্তি সুবিধা আৰু অন্যান্য অসামৰিক লক্ষ্যসমূহক আঘাত কৰিবলৈ ব্যৱহাৰ কৰা অন্যান্য আন্তঃগাঁথনিত দীৰ্ঘ দূৰত্বৰ আক্ৰমণৰ অনুমতি বিচাৰিছে, য’ত যোৱা কেইমাহমানত ইউক্ৰেইনৰ ঔদ্যোগিক পূব অঞ্চলত ধ্বংস কৰি পেলোৱা ছোভিয়েট যুগৰ ৰেট্ৰ’ফিট কৰা গ্লাইড বোমাও আছে ।
পৌৰসভাৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে জনোৱা মতে, মস্কোৱেও কিয়ভৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰা যেন লাগে ।
ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক চোৱাচিতা সংস্থাৰ মুৰব্বীয়ে শনিবাৰে কয় যে ৰাছিয়াৰ দখলত থকা জাপ’ৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰৰ সুৰক্ষা পৰিস্থিতিৰ অৱনতি ঘটিছে, কাৰণ সমীপত ড্ৰ’ন আক্ৰমণৰ খবৰ আহিছে ।

