ETV Bharat / international

ৰজা চাৰ্লছৰ বিশেষ বাৰ্তাৰে ব্ৰিটেইনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ৰজা তৃতীয় চাৰ্লছে কয় যে এই বাৰ্ষিক উদযাপনে “ঐক্য, দয়া আৰু মংগলৰ বিশ্বজনীন নীতিক প্ৰসাৰিত কৰে” ।

IDY 2025 celebrates in UK
ব্ৰিটেইনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন (AP)
author img

By PTI

Published : June 21, 2025 at 10:15 AM IST

4 Min Read
Choose ETV Bharat

লণ্ডন : আজি সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ব্ৰিটেইনতো উদযাপন হয় যোগ দিৱস । লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লণ্ডনৰ ষ্ট্ৰেণ্ড চৌহদত শতাধিক লোকে সমবেত হৈ বিশেষজ্ঞৰ নেতৃত্বত যোগাসনত যোগদান কৰে ।

ব্ৰিটেইনৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম ডোৰাইস্বামীয়ে শুকুৰবাৰে আবেলি ৰজা তৃতীয় চাৰ্লছৰ বিশেষ বাৰ্তা পাঠ কৰি যোগ দিৱসৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰে ।

তেওঁৰ বাৰ্তাত যোগৰ প্ৰতি থকা আত্মীয়তাৰ বাবে পৰিচিত ৭৬ বছৰীয়া ৰজাই কয় যে এই বাৰ্ষিক উদযাপনে “ঐক্য, দয়া আৰু মংগলৰ বিশ্বজনীন নীতিক প্ৰসাৰিত কৰে” ।

বাকিংহাম পেলেচৰ পৰা দিয়া ৰজাৰ বাৰ্তাত কোৱা হৈছে, “এইবাৰৰ দিৱসটোৰ বিষয়বস্তু এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগাসনে আমাক সোঁৱৰাই দিয়ে যে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুখী আৰু সুস্থ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিশ্বই একত্ৰিত হোৱাটো কিমান অতি গুৰুত্বপূৰ্ণ ।”

"আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৰে পদক্ষেপে এক অনুশীলন আৰু দৰ্শন উদযাপনৰ সুযোগ প্ৰদান কৰে । বছৰৰ পিছত বছৰ ধৰি সমগ্ৰ ব্ৰিটেইনতে যোগৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, আমাৰ দেশৰ লাখ লাখ লোকে ইয়াৰ সুফল লাভ কৰিছে ।" বাৰ্তাটোত কোৱা হৈছে ।

তেওঁৰ বাৰ্তাত লগতে কয়, "যোগাসন হৈছে যিকোনো ব্যক্তিক তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰিবলৈ সক্ষম কৰাৰ এক শক্তিশালী উপায় আৰু ই সম্প্ৰদায়সমূহৰ ভিতৰত সুস্থতা আৰু একেলগে থকাৰ অনুভূতি গঢ়ি তোলে ।"

ডোৰাইস্বামীয়ে এই কথাত আলোকপাত কৰে যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা এক ধাৰণা হিচাপে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা যোগ দিৱসৰ প্ৰস্তাৱ এক দশকৰো অধিক সময় পাৰ হৈ গ’ল, যিটো সকলো অংশীদাৰ ৰাষ্ট্ৰৰ সমৰ্থনত ‘‘বিপুল জনপ্ৰিয়’’ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

উচ্চায়ুক্তগৰাকীয়ে কয়, "যোগ হৈছে এনেকুৱা এটা বস্তু, যিয়ে এটা সাৰ্বজনীন ভাষাৰে কথা কয়, মানৱ অভিজ্ঞতাৰ সাধাৰণতাৰ এক ধাৰণা, ই এক এনে ধাৰণা যে য'ৰ পৰায়ে প্ৰতিনিধিত্ব নকৰো কিয়, আমি দেখাত যেনেকুৱায়ে নহওঁ কিয়, আমি যেনেকৈয়ে প্ৰাৰ্থনা নকৰো কিয়, আমি যি ভাষায়ে নকওঁ কিয়, আমাৰ সকলোৰে শৰীৰক একে ধৰণৰ নিৰাময়ৰ প্ৰয়োজন ।"

এইবাৰৰ যোগ দিৱসৰ কাৰ্যসূচী ইণ্ডিয়া হাউছৰ ওচৰত থকা কিংছ কলেজ লণ্ডনৰ সহযোগত আয়োজন কৰা হয় । কিংছ কলেজ লণ্ডনৰ স্বাস্থ্য আৰু জীৱন বিজ্ঞানৰ জ্যেষ্ঠ উপাধ্যক্ষ গ্ৰেহাম লৰ্ডে কয়, “কিংছ কলেজ লণ্ডনে সম্প্ৰদায়ৰ মূল্যবোধ, সুস্থতা, আভ্যন্তৰীণ শান্তি আৰু যোগে প্ৰতিনিধিত্ব কৰা সকলো বিষয়কে ভাগ-বতৰা কৰে ।"

"এইটো উচ্চ আয়োগৰ সৈতে আমাৰ বহু অংশীদাৰিত্বৰ ভিতৰত প্ৰথমটো আৰু ই ব্ৰিটেইন আৰু ভাৰতৰ মাজৰ অংশীদাৰিত্বকো প্ৰতিনিধিত্ব কৰে । আপোনালোকে জানে যে অতি সম্প্ৰতি দুযোখন দেশে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে । আমাৰ বাবে আৰু অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাটো আৱশ্যক । আমি এই অনুষ্ঠানটো উচ্চ আয়োগৰ সৈতে আয়োজন কৰিবলৈ পাই ভাল লাগিল ।" তেওঁ লগতে কয় ।

ভৱন ব্ৰিটেইনৰ ‘‘ড্ৰামছ অব ইণ্ডিয়া’’ সংগীতানুষ্ঠানেৰে মুকলি কৰা এই অনুষ্ঠান সূৰ্য নমস্কাৰেৰে আৰম্ভ হয় আৰু তাৰ পিছত আয়েংগাৰ যোগৰ পৰিচয় দিয়া হয় । ইয়াৰ পিছত হাৰ্টফুলনেছ ইউ কে, আৰ্ট অব লিভিং আৰু ঈছা ফাউণ্ডেশ্যনৰ বিশেষজ্ঞসকলে শ্বাস-প্ৰশ্বাসৰ কৌশল আৰু বিভিন্ন যোগ কৌশল প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ সামৰণি পৰে যোগ আৰু নৃত্য প্ৰদৰ্শনৰ এক সমন্বিত কাৰ্যসূচী ‘সমাগম’ৰে ।

উল্লেখ্য যে ২১ জুনত প্ৰতিবছৰে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয় । এই দিৱস উদযাপনৰ বাবে লণ্ডনত ভাৰতীয় উচ্চায়ুক্তই এক বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে ।

লগতে পঢ়ক :দেশজুৰি ১ লক্ষ স্থানত ঐতিহাসিক গণ যোগাসনৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰীৰ - IDY 2025
লগতে পঢ়ক :এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ: বিশাখাপট্টনমৰ কেন্দ্ৰীয় অনুষ্ঠানৰ নেতৃত্বত প্ৰধানমন্ত্ৰী - IDY 2025