ETV Bharat / international

ক্ষুণ্ণ ট্ৰাম্প; ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ ভাবুকি - TRUMP VOICES ANGER AT PUTIN

দেওবাৰে পুৱা এন বি চি নিউজৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত ট্ৰাম্পে শুকুৰবাৰে ইউক্ৰেইনক সাময়িকভাৱে বহিঃশাসনৰ অধীনত ৰখাৰ সন্দৰ্ভত পুটিনে কৰা মন্তব্যৰ উল্লেখ কৰিছিল ।

TRUMP VOICES ANGER AT PUTIN
ড'নাল্ড ট্ৰাম্প (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 12:42 PM IST

3 Min Read

ৱাশ্বিংটন: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ বিষয়ে কৰা মন্তব্যৰ বাবে দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

দেওবাৰে পুৱা এন বি চি নিউজৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত ট্ৰাম্পে শুকুৰবাৰে ইউক্ৰেইনক সাময়িকভাৱে বহিঃশাসনৰ অধীনত ৰখাৰ সন্দৰ্ভত পুটিনে কৰা মন্তব্যৰ উল্লেখ কৰিছিল ।

ট্ৰাম্পে কয় যে, যেতিয়া পুটিনে “জেলেনস্কিৰ বিশ্বাসযোগ্যতাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল” তেতিয়া তেওঁ “ক্ৰোধিত, ক্ষুব্ধ” হৈছিল । ইউক্ৰেইনৰ সংবিধান অনুসৰি সামৰিক আইনত থকাৰ সময়তে দেশখনে ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাটো অবৈধ ।

এন বি চিৰ ক্ৰীষ্টেন ৱেলকাৰক কয় যে, যদি কোনো চুক্তি নহয় আৰু যদি মই ভাবো যে ৰাছিয়াৰ দোষ আছিল, তেন্তে মই ৰাছিয়াৰ ওপৰত গৌণ নিষেধাজ্ঞা আৰোপ কৰিম ৷ লগতে কয় যে, “সকলো তেলৰ ওপৰত ২৫ ৰ পৰা ৫০ পইণ্টৰ শুল্ক থাকিব” ৷

তথাপিও ট্ৰাম্পে পুনৰ কয় যে তেওঁ আৰু পুটিনৰ মাজত “অতি ভাল সম্পৰ্ক আছে” ৷ ক্ৰেমলিনৰ আলোচনাপন্থীসকলে সুদূৰপ্ৰসাৰী চৰ্ত আৰোপ কৰাৰ পিছত ক’লা সাগৰত আংশিক যুদ্ধবিৰতিৰ সম্ভাৱনীয়তাক সন্দেহৰ আৱৰ্তত পেলোৱা হয় ৷

ইফালে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভৰ এখন সামৰিক চিকিৎসালয়, শ্বপিং চেণ্টাৰ আৰু এপাৰ্টমেণ্ট ব্লকত ৰাছিয়াৰ ড্ৰ’নে আঘাত হানে আৰু দুজন লোকৰ মৃত্যু হয় আৰু কেইবা শতাধিক লোক আহত হয় ।

হতাহতি হোৱা লোকসকলৰ ভিতৰত চিকিৎসাধীন হৈ থকা সেৱাৰ সদস্যও আছে বুলিও জানিবলৈ দিয়ে । আঞ্চলিক গভৰ্ণৰ অলেহ চিনিয়েহুবভে কয় যে, নিহতসকল হৈছে ক্ৰমে এজন ৬৭ বছৰীয়া পুৰুষ আৰু এগৰাকী ৭০ বছৰীয়া মহিলা ।

ইউক্ৰেইন চৰকাৰ আৰু সামৰিক বিশ্লেষকৰ মতে, কিয়ভৰ ওপৰত সৰ্বাধিক হেঁচা প্ৰয়োগ কৰাৰ লগতে যুদ্ধবিৰতি আলোচনাত ক্ৰেমলিনৰ আলোচনাৰ স্থিতি শক্তিশালী কৰাৰ বাবে অনাগত সপ্তাহকেইটাত ৰাছিয়াৰ বাহিনীয়ে নতুনকৈ সামৰিক আক্ৰমণ চলাবলৈ সাজু হৈছে ।

ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, দেওবাৰলৈকে নিশাৰ ভিতৰতে ৰাছিয়াই ১১১ টা বিস্ফোৰিত ড্ৰ’ন আৰু ডিক’ই নিক্ষেপ কৰে । ইয়াৰে ৬৫ টা জব্দ কৰাৰ লগতে বাকী ৩৫ টা নিস্ক্ৰিয় কৰা হৈছে ৷

জেলেনস্কিয়ে দেওবাৰে কয় যে, যোৱা সপ্তাহত ইউক্ৰেইনৰ অধিকাংশ অঞ্চল ৰাছিয়াৰ আক্ৰমণৰ বলি হৈছে । এক্সত তেওঁ এনেদৰে কয় যে, “ইউক্ৰেইনৰ বিৰুদ্ধে ১,৩১০ টা ৰাছিয়াৰ গাইডেড এৰিয়েল বোমা, ১০০০ ৰো অধিক আক্ৰমণাত্মক ড্ৰ’ন (বেছিভাগেই শ্বাহেড) আৰু বেলিষ্টিককে ধৰি বিভিন্ন ধৰণৰ ৯ টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে ।

জেলেনস্কিয়ে বৃহস্পতিবাৰে পেৰিছত কৰা মন্তব্যৰ প্ৰতিধ্বনি দি কয় যে ৰাছিয়াই যুদ্ধবিৰতিৰ আলোচনা দীঘলীয়া কৰিছে ৷

ইউক্ৰেইনৰ কিয়েভৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি, ‘‘ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইউক্ৰেইনৰ ছখন ড্ৰ’ন নিক্ষেপ কৰে । দেওবাৰে ইয়াৰ সৈন্যই ইউক্ৰেইনৰ আংশিকভাৱে দখল কৰা ডনেস্ক অঞ্চলৰ এখন গাঁও নিয়ন্ত্ৰণ কৰা বুলিও দাবী কৰে । ৰাছিয়াৰ এই দাবী স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নগ’ল, ইউক্ৰেইনেও কোনো মন্তব্য কৰা নাছিল ।’’

লগতে পঢ়ক: বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠক অৰ্থপূৰ্ণ: ভ্লাডিমিৰ জেলেনস্কি - UK UKRAINE RELATIONS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.