ট্ৰাম্পৰ বিৰুদ্ধে ভাৰতৰ দশক দশকজোৰা প্ৰচেষ্টা বিফলৰ অভিযোগ
প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনে ট্ৰাম্প প্ৰশাসনৰ কেইবাটাও এনেধৰণৰ পদক্ষেপৰ কথা আঙুলিয়াই দিয়ে, যিয়ে ভাৰতীয়সকলক আঘাত কৰিছিল ৷

Published : September 2, 2025 at 12:21 PM IST
নতুন দিল্লী : প্ৰথম ট্ৰাম্প প্ৰশাসনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ প্ৰধান সমালোচক জন বোল্টনে সোমবাৰে (আমেৰিকাৰ সময় অনুসৰি) ভাৰতৰ প্ৰতি বৰ্তমান প্ৰশাসনৰ নীতিক তীব্ৰ সমালোচনা কৰে আৰু নতুন দিল্লীৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে দশক দশক ধৰি চলা প্ৰচেষ্টাক খণ্ডন কৰাৰো অভিযোগ উত্থাপন কৰে ।
‘‘ড’নাল্ড ট্ৰাম্পে যোৱা সপ্তাহত এয়া মৌলিক ৰূপত উলংঘন কৰিছে আৰু বিভিন্ন কাৰণত ভাৰতক ৰাছিয়াৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ বাধ্য কৰোৱা হৈছে ৷ চীনৰ ওচৰ চাপিবলৈ আৰু এই প্ৰান্তিকীকৰণ সলনি কৰিবলৈ দশক দশকজুৰি অব্যাহত ৰখা প্ৰচেষ্টাক খণ্ড-বিখণ্ড কৰিছে ৷’’এই বুলি সোমবাৰে স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বোল্টনে কয় ৷
বোল্টনে এটা পোষ্টত এনেদৰে কয়, ‘‘পশ্চিমীয়া দেশসমূহে দশক দশক ধৰি ভাৰতক ছোভিয়েট ইউনিয়ন বা ৰাছিয়াৰ সৈতে সংঘটিত হ’ব পৰা শীতল যুদ্ধৰ মোহৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰাৰ লগতে চীনৰ দ্বাৰা সৃষ্ট ভাবুকিৰ বিষয়েও ভাৰতক সতৰ্ক কৰি দিছে । ড’নাল্ড ট্ৰাম্পে নিজৰ বিপৰ্যয়জনক শুল্কনীতিৰে দশক দশক ধৰি চলা এই প্ৰচেষ্টাক খণ্ড-বিখণ্ড কৰি পেলাইছে ।’’
তেওঁ আলোকপাত কৰে যে কেনেকৈ ট্ৰাম্প ২.০ ৰ পূৰ্বে আমেৰিকাই ভাৰতক ছোভিয়েট ইউনিয়ন আৰু চীনৰ সৈতে শীতল যুদ্ধৰ মোহৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰিছিল ।
The West has spent decades trying to ween India away from its Cold War attachment to Soviet Union Russia, and cautioning India on the threat posed by China. Donald Trump has shredded decades of efforts with his disastrous tariff policy.https://t.co/A2skT581Fi
— John Bolton (@AmbJohnBolton) September 1, 2025
তেওঁ লগতে কয়, “পশ্চিমীয়া দেশ বিশেষকৈ আমেৰিকাই দশক দশক ধৰি ভাৰতক ছোভিয়েট ইউনিয়ন আৰু ৰাছিয়াৰ সৈতে শীতল যুদ্ধৰ মোহৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰি তেওঁলোকৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ লগতে এছিয়ান নিৰাপত্তা চতুৰ্ভুজ ক্ৰমে - জাপান, ভাৰত, অষ্ট্ৰেলিয়া আৰু আমেৰিকাই প্ৰকৃতাৰ্থত চীনে সৃষ্টি কৰা ভাবুকিৰ বিষয়ে ভাৰতক সতৰ্ক কৰি দিছিল ।’’
বাণিজ্যিক আলোচনাৰ পৰা আঁতৰি অহাকে ধৰি ট্ৰাম্প প্ৰশাসনৰ কেইবাটাও কাৰ্যৰ কথা বোল্টনে সদৰী কৰে যিয়ে ভাৰতীয়সকলক আঘাত হানিছিল ।
বোল্টনে লগতে কয়, ‘‘ভাৰতীয়সকলে ট্ৰাম্পৰ সৈতে বৃটেইনে কৰাৰ দৰে এই সমস্যা সমাধানৰ বাবে ঘনিষ্ঠ আলোচনাত মিলিত হৈছে বুলি ভাবিছিল যদিও ট্ৰাম্পে ইয়াক নাকচ কৰি ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই অনুসৰি ভাৰতৰ ওপৰত পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰে ট্ৰাম্পে । তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰা নাছিল, আনকি ৰাছিয়াৰ তেল আৰু গেছৰ আটাইতকৈ ডাঙৰ ক্ৰেতা চীনৰ ওপৰতো শুল্ক আৰোপ কৰা নাছিল ।’’
তেওঁৰ মতে, মে’ মাহত ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা সংঘাতপূৰ্ণ পৰিস্থিতিৰ বাবে ট্ৰাম্পে সম্পূৰ্ণ স্বীকৃতি ল’বলৈ কৰা প্ৰচেষ্টাই পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছিল ।
বোল্টনে কয়, ‘‘কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শেহতীয়াকৈ যেতিয়া পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনা বৃদ্ধি পায়, তেতিয়া ই তীব্ৰতৰ হৈ পৰে আৰু পিছতে কমি যায় । ট্ৰাম্পে ইয়াৰ সম্পূৰ্ণ কৃতিত্ব লৈ এই বছৰ তেওঁ বাধা দিয়া ছয়-সাতখন যুদ্ধৰ ভিতৰত ই অন্যতম বুলি অভিহিত কৰে, যিয়ে ভাৰতক গৌৰৱান্বিত আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য কৰি তুলিছিল ।’’
সোমবাৰে ট্ৰাম্পে ভাৰতৰ বাণিজ্যিক পদ্ধতিৰ তীব্ৰ সমালোচনা কৰি অৰ্থনৈতিক সম্পৰ্কক একপক্ষীয় দুৰ্যোগ বুলি অভিহিত কৰে । বোল্টন বৰ্তমানৰ প্ৰশাসনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে, যোৱা সপ্তাহত ফেডাৰেল এজেণ্টে তেওঁৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাইছিল । আমেৰিকাৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই অভিযানৰ সৈতে বোল্টনৰ গোপনীয় নথি-পত্ৰৰ সম্পৰ্ক থকাৰ অভিযোগ আছিল ।
The only acceptable outcome in Ukraine is the full restoration of Ukrainian sovereignty and territory. Anything less signals to the rest of the world that aggression will be allowed.https://t.co/A2skT58zuQ
— John Bolton (@AmbJohnBolton) September 1, 2025
চীনৰ টিয়ানজিনত অনুষ্ঠিত ২৫ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰপতি পৰিষদৰ সন্মিলনৰ সামৰণিৰ পিছতে বোল্টনে এই মন্তব্য কৰে । যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী শীৰ্ষ সন্মিলনৰ শেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।
দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙে দ্বিপাক্ষিক বৈঠকত বিশ্ব বাণিজ্য সুস্থিৰ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ অৰ্থনীতিৰ ভূমিকাক স্বীকৃতি দিয়ে । ইফালে পুটিনৰ সৈতে হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ৰাছিয়াৰ মাজত সুদৃঢ় সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছিল যে, অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো দুয়োখন দেশ সদায় হাতত হাত ধৰি থিয় দিছে ।
বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে নতুন দিল্লী আৰু মস্কোৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে । পুটিনে লগতে উল্লেখ কৰে যে এই বছৰ ভাৰত-ৰাছিয়াৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ ১৫ বছৰীয়া জয়ন্তী ।
লগতে পঢ়ক: ভাৰতে শুল্ক কমাবলৈ ‘অফাৰ’ দিছে, ‘কিন্তু দেৰি হৈ গৈছে’: এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়তে ট্ৰাম্পৰ দাবী

