প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু হামাছ : ট্ৰাম্প
হামাছে সকলো বন্দীক মুকলি কৰি দিব আৰু ইজৰাইলেও নিৰ্দিষ্ট সীমান্তলৈ সেনাক পিছুৱাই লৈ যাব ।

Published : October 9, 2025 at 11:42 AM IST
কায়ৰো : প্ৰায় দুবছৰ ধৰি চলা তীব্ৰ সংঘৰ্ষৰ অন্তত অৱশেষত শান্তি আলোচনাৰ বাবে সন্মত হৈছে ইজৰাইল আৰু হামাছ । ইজৰাইল আৰু হামাছে বৃহস্পতিবাৰে গাজাত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে স্বাক্ষৰিত হ'বলগীয়া এই যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে ২০২৩ চনৰ অক্টোবৰ মাহত হামাছে ইজৰাইলৰ ওপৰত কৰা অভূতপূৰ্ব আক্ৰমণৰ ফলত আৰম্ভ হোৱা দুবছৰতকৈ অধিক সময়ৰ যুদ্ধৰ অৱসানৰ লগতে গাজালৈ সাহায্য বৃদ্ধিৰ লগতে বন্দীসকলক মুকলি কৰি দিয়াৰ পথ মুকলি হ'ব বুলি আশা কৰা হৈছে ।
পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে সকলো পণবন্দীক মুকলি কৰি দিব আৰু চুক্তি অনুসৰি ইজৰাইলে নিজৰ সৈন্যক পিছুৱাই লৈ যাব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে । তেওঁ লগতে কয় যে ইজিপ্তত তেওঁৰ ২০ দফীয়া শান্তি পৰিকল্পনাৰ আলোচনাৰ ফল এই চুক্তি ।
শান্তি আলোচনাৰ মধ্যস্থতাকাৰী কাটাৰে কয় যে এই চুক্তিখন গাজা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম পৰ্যায় । যাৰ ফলত যুদ্ধৰ অন্ত পৰিব, ইজৰাইলী পণবন্দী আৰু পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হ'ব আৰু সাহায্যৰ প্ৰৱেশ ঘটিব ।
হামাছৰ এক সূত্ৰই বৃহস্পতিবাৰে জনোৱা মতে হামাছে প্ৰথম পৰ্যায়ৰ চুক্তিৰ অংশ হিচাপে ২০ গৰাকী পণবন্দীক প্ৰায় ২০০০ পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিব । শান্তি আলোচনা সন্দৰ্ভত এক সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা থকা চুক্তিখন কাৰ্যকৰী হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰতে এই বিনিময় হ'ব ।
সূত্ৰই লগতে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পৰা ইজৰাইলে গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ২৫০ গৰাকী পেলেষ্টাইনী আৰু ১,৭০০ অন্য বন্দীক মুকলি কৰি দিয়া হ'ব । ট্ৰাম্পে কয়, "ইজৰাইল আৰু হামাছে আমাৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিব বুলি ঘোষণা কৰি মই অতি গৌৰৱান্বিত ।"
তেওঁ কয়, "ইয়াৰ অৰ্থ হ'ল যে পণবন্দীসকলৰ সকলোকে অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু ইজৰাইলে তেওঁলোকৰ সৈন্যবাহিনীক প্ৰত্যাহাৰ কৰিব ।" ট্ৰাম্পে মধ্যস্থতাকাৰী কাটাৰ, ইজিপ্ত আৰু তুৰস্ককো ধন্যবাদ জ্ঞাপন কৰে । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে পণবন্দীসকলক ঘৰলৈ লৈ অহাত ভগৱানে সহায় কৰিব ।
ইফালে এই যুদ্ধবিৰতি চুক্তিক লৈ গাজাত জনসাধাৰণৰ মাজত আনন্দ উল্লাহ দেখা গৈছে । ঘোষণাৰ পূৰ্বেই লোকসকলে উদযাপন কৰা দেখা গৈছে । দক্ষিণ গাজাৰ আল-মাৱাছিৰ উপকূলীয় অঞ্চলত বন্দুকৰ গুলী ফুটাই একাংশই উদযাপন কৰাও দেখা গৈছে । উত্তৰ গাজাৰ পৰা গৃহহীন হোৱা ৫০ বছৰীয়া মহম্মদ জামলটে কয়, " শান্তি আলোচনা আৰু যুদ্ধবিৰতিৰ প্ৰতিটো খবৰ আমি নিবিড়ভাৱে অনুসৰণ কৰি আছো ।"
হামাছে যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ত ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি বিচৰা পেলেষ্টাইনী বন্দীসকলৰ তালিকাও দাখিল কৰিছে । ইয়াৰ বিনিময়ত হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ সূচনা কৰা আক্ৰমণত ৪৭ জন পণবন্দী লোকক মুকলি কৰি দিবলৈ সাজু হৈছে ।

