ETV Bharat / international

জাপানত দশকটোৰ আটাইতকৈ ডাঙৰ বনজুই, হাজাৰ হাজাৰ লোকৰ পলায়ন

জাপানৰ উত্তৰ অংশত ১,২০০ গৰাকীতকৈও অধিক লোকক নিৰাপদ আশ্ৰয়ৰ বাবে স্থানান্তৰ ।

Japan's biggest wildfire in decades
জাপানত দশকৰ আটাইতকৈ ডাঙৰ বনজুই (AFP)
author img

By AFP

Published : March 2, 2025 at 6:15 PM IST

2 Min Read
Choose ETV Bharat

অফুনাটো : জাপানৰ উত্তৰ অংশত সংঘটিত বনজুইৰ ঘটনাই লৈছে ভয়াৱহ ৰূপ । বিগত তিনি দশকত দেশখনৰ সৰ্ববৃহৎ দাবানল হিচাপে চিহ্নিত হৈছে এই বনজুই । ফলত জুইৰ পৰা ৰক্ষা কৰিবলৈ উত্তৰ জাপানৰ কিছু অংশৰ পৰা হাজাৰ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে । এই বনজুয়ে কমেও এজন লোকৰ প্ৰাণ লোৱাৰ পিছত দেওবাৰে ইয়াৰ প্ৰকোপ অব্য়াহত থকা বুলি বিষয়াসকলে উল্লেখ কৰিছে ।

বিষয়াসকলে উল্লেখ কৰা অনুসৰি উত্তৰ জাপানৰ ওফুনাটো চহৰৰ চাৰিওফালৰ প্ৰায় ২,০০০ গৰাকী লোকে বন্ধু বা আত্মীয়ৰ সৈতে থাকিবলৈ পলাই গৈছে । আনহাতে, ১,২০০ গৰাকীতকৈও অধিক লোকক নিৰাপদ আশ্ৰয়ৰ বাবে স্থানান্তৰ কৰা হৈছে ।

দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ এজন মুখপাত্ৰই শনিবাৰে উল্লেখ কৰা মতে,"আমি এতিয়াও প্ৰভাৱিত এলেকাৰ পৰিসৰ পৰীক্ষা কৰি আছো , কিন্তু ১৯৯২ চনৰ দাবানলৰ পিছত হোক্কাইডোৰ কুশিৰোত এইটো হৈছে আটাইতকৈ ডাঙৰ ঘটনা ।"

একাংশ প্ৰতিবেদন অনুসৰি জুই ১,৮০০ হেক্টৰত বিয়পি পৰিছে । এন এইচ কেৰ এৰিয়েল ফুটেজত বগা ধোঁৱা ওলোৱা স্তম্ভবোৰ দেখা গৈছে । প্ৰথমবাৰৰ বাবে বনজুই সংঘটিত হোৱাৰ চাৰিদিন পিছত সামৰিক হেলিকপ্টাৰেৰে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছে । এতিয়ালৈকে এটা অগ্নিদ্ধগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই বনজুইত ৮০ টাতকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে । বনজুই নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশৰ পৰা প্ৰায় 1,700 অগ্নিনিৰ্বাপক বাহিনী একত্ৰিত হৈছে ।

চৰকাৰী তথ্য অনুসৰি, 1970-ৰ দশকৰ পৰা দাবানলৰ সংখ্যা হ্ৰাস পাইছে যদিও 2023 চনত সমগ্ৰ জাপানত প্ৰায় 1,300 এনে ঘটনা সংঘটিত হৈছে । ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ সময়ছোৱাত বায়ুমণ্ডল শুষ্ক হোৱা আৰু বতাহ বৃদ্ধি পোৱা বাবেই এই ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক:বনজুয়ে ক্ষতিগ্ৰস্ত কৰে চহৰীয়া জীৱন যাত্ৰাক - WIDLFIRE TOXINS