Bihar Election Results 2025

ETV Bharat / international

পুনৰ ইতিবাচক দিশত আগবাঢ়িছে নেকি ভাৰত-আমেৰিকাৰ বন্ধুত্ব !

ট্ৰাম্পে কৈছে তেওঁ ভাৰতৰ সৈতে বন্ধুত্ব সদায় বজাই ৰাখিব । মোদীয়েও ট্ৰাম্পৰ আৱেগৰ শলাগ লৈছে ।

Prime Minister Narendra Modi with US President Donald Trump, at The White House in Washington, DC on Feb. 14, 2025
পুনৰ ইতিবাচক দিশত আগবাঢ়িছে নেকি ভাৰত-আমেৰিকাৰ বন্ধুত্ব (File (ANI))
author img

By ETV Bharat Assamese Team

Published : September 6, 2025 at 2:54 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ পিছতে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ কিছু অৱনতি হোৱা দেখা গৈছিল । কিন্তু শেহতীয়াকৈ ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত দিছে ড'নাল্ড ট্ৰাম্পে । তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ সুৰতে সুৰ মিলোৱা দেখা গ'ল । ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত একপ্ৰকাৰ অচলাৱস্থা অব্যাহত আছিল যদিও দুয়োগৰাকী নেতাৰ প্ৰতিক্ৰিয়াই দুয়োখন দেশৰ সম্পৰ্ক পুনৰ সুস্থিৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে ।

শুকুৰবাৰে হোৱাইট হাউচত ট্ৰাম্পে কৈছিল যে তেওঁ মোদীৰ সৈতে সদায় বন্ধুত্ব বজাই ৰাখিব । এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখিছে, "ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰ শলাগ লওঁ আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ । ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিকোণী কম্প্ৰেইহেন্সিভ এণ্ড গ্ল'বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে ।"

হোৱাইট হাউচত ট্ৰাম্পে এক প্ৰশ্নৰ উত্তৰত কৈছিল,"মোদীৰ সৈতে মোৰ বন্ধুত্ব সদায় থাকিব, তেওঁ এজন মহান প্ৰধানমন্ত্ৰী...ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে । চিন্তাৰ কোনো কাৰণ নাই...আমি নাভাবো ।" ট্ৰাম্পে লগতে কয়, "মোদীৰ লগত মোৰ বহুত ভাল মিল আছে আপোনালোকে জানে, দুমাহমান আগতে তেওঁ ইয়ালৈ আহিছিল, আমি ৰোজ গাৰ্ডেনলৈ গৈছিলো ।"

ভাৰতৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ সাজু নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ট্ৰাম্পে লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা ইমান তেল ক্ৰয় কৰাৰ বাবে তেওঁ অতি হতাশ ।

ট্ৰাম্পে কয়, "মই অতি হতাশ হৈছো যে ভাৰতে ৰাছিয়াৰ পৰা ইমান তেল ক্ৰয় কৰিব আৰু মই তেওঁলোকক সেই কথা জনাই দিছো । আমি ভাৰতৰ ওপৰত অতি বেছি শুল্ক, ৫০ শতাংশ শুল্ক আৰোপ কৰিছো ।"

ইয়াৰ পূৰ্বে ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছিল, "চীনৰ আটাইতকৈ গভীৰ, অন্ধকাৰত আমি ভাৰত আৰু ৰাছিয়াক হেৰুৱাই পেলাইছো । আশা কৰো তেওঁলোকৰ দীঘলীয়া আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক !" ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ নেতা ঝি জিনপিঙৰ সৈতে মোদীৰ এখন পুৰণি ফটোও পোষ্ট কৰিছিল ।

চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত মোদী, ঝি আৰু পুটিনৰ মাজত হোৱা সাক্ষাৎকাৰে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । তাৰ পিছতে ট্ৰাম্পে সামাজিক মাধ্যমত এই পোষ্ট কৰিছে ।

লগতে পঢ়ক :‘মোদীৰ লগত সদায় বন্ধুত্ব থাকিব’, শুল্ক বিবাদৰ মাজতে ট্ৰাম্পে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত আছে ‘বিশেষ সম্পৰ্ক’