ইউক্ৰেইন সংকটক লৈ উদ্বেগ প্ৰকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত কৃতজ্ঞ : ৰাষ্ট্ৰপতি পুটিন
Putin Praised PM Modi : ৰাছিয়া-ইউক্ৰেইন সংকট সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ।

By ANI
Published : October 19, 2024 at 12:49 PM IST
মস্কো : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন যুদ্ধ আৰু ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে । "প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰতিবাৰেই তেওঁ এই বিষয়টো উত্থাপন কৰে আৰু নিজৰ মতামত ব্যক্ত কৰে । ইয়াৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ ।" ব্ৰিকছ সন্মিলনৰ পূৰ্বে এক সংবাদমেল সম্বোধনত ৰাষ্ট্ৰপতি পুটিনে কয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে সংঘৰ্ষৰ স্থায়ী আৰু শান্তিপূৰ্ণ সমাধানক উপনীত হোৱাৰ বাবে আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ লগতে সকলো অংশীদাৰৰ মাজত আন্তৰিক আৰু ব্যৱহাৰিক সম্পৰ্কৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । পুটিনে লগতে কয় ।
উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰীমাহৰ পৰায়ে ৰাছিয়া আৰু ইউক্ৰেইন সংঘৰ্ষত লিপ্ত হৈ আছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২২ সংখ্যক ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জুলাইত ৰাছিয়া ভ্ৰমণ কৰিছিল ৷ আনহাতে, তেওঁ ২২-২৩ অক্টোবৰত পুনৰ ৰাছিয়া ভ্ৰমণ কৰিব আৰু ৰাছিয়াৰ অধ্যক্ষতাত কাজানত অনুষ্ঠিত হ'বলগীয়া ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব ৷
ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ সংবাদমেলত কয় যে ৰাছিয়াই শান্তিপূৰ্ণ উপায়েৰে ইউক্ৰেইন সংকট সমাপ্ত কৰিবলৈ আগ্ৰহী । "ৰাছিয়াই শান্তিপূৰ্ণ উপায়েৰে ইয়াক সমাপ্ত কৰিবলৈ আগ্ৰহী । আমি আলোচনা বন্ধ কৰাৰ পক্ষপাতী নাছিলোঁ, কিন্তু ইউক্ৰেইনেহে এইটো কৰিছিল ।" তেওঁ কয় ।
পুটিনে কয় যে আমেৰিকাই নিৰন্তৰ নিষেধাজ্ঞা আৰোপ কৰি ৰাছিয়াৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিছে আৰু ইয়াৰ দ্বাৰা তেওঁলোকক নেতিবাচকভাৱে প্ৰভাৱিত কৰিছে । আমেৰিকাক সমালোচনা কৰি পুটিনে কয়, "সমগ্ৰ বিশ্বই চিন্তা কৰি আছে যে ডলাৰ ব্যৱহাৰ কৰাৰ যোগ্য হয়নে নহয় ।"
"আনকি আমেৰিকাৰ পৰম্পৰাগত মিত্ৰশক্তিয়েও তেওঁলোকৰ ডলাৰৰ ভাণ্ডাৰ হ্ৰাস কৰিছে... আমেৰিকা প্ৰায় ১৫ বছৰ পিচুৱাই আছে, তেওঁলোকে চীনা উন্নয়ন বন্ধ কৰিব নোৱাৰিব ।" তেওঁ কয় । আন এক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ব্ৰিকছ কেতিয়াও কাৰো বিৰুদ্ধে ব্যৱহাৰৰ বাবে নহয় ।
"ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে (নৰেন্দ্ৰ মোদী) কৈছিল যে ব্ৰিকছ পশ্চিমবিৰোধী গোট নহয়, ই এক অনা-পশ্চিমীয়া গোট...।" পুটিনে কয় । তেওঁ কৈছিল যে ৰাছিয়া আৰু চীনে এক অনন্য সম্পৰ্ক স্থাপন কৰিছে । "আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাছিয়া আৰু চীনৰ বাৰ্তালাপ হৈছে বিশ্বজনীন কৌশলগত স্থিৰতাৰ অন্যতম মুখ্য কাৰক...।"
তেওঁ কয়, "চীনৰ সৈতে আমাৰ সম্পৰ্ক ইখন দেশে সিখন দেশৰ স্বাৰ্থৰ কথা বিবেচনা কৰি গঢ়ি উঠিছে ।" তেওঁ গুৰুত্ব আৰোপ কৰে যে ব্ৰিকছ ব্লকৰ ভিতৰত পৰিৱৰ্তনৰ প্ৰাথমিক সূচক হৈছে নতুন উন্নয়ন কেন্দ্ৰৰ উদ্ভৱ, বিশেষকৈ গ্ল'বেল ছাউথ, দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাত । পুটিনৰ মতে, এই অঞ্চলবোৰ 'অতি দ্ৰুত' অৰ্থনৈতিক বিকাশৰ বাবে সাজু । ইয়াত বিভিন্ন কাৰকৰ দ্বাৰা ইন্ধন যোগোৱা হৈছে, যিয়ে বিশ্বজনীন অৰ্থনৈতিক শক্তিৰ পৰৱৰ্তী পৰ্যায়ক আকাৰ দিব ।

