থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী নিযুক্তি; দেশক নেতৃত্ব দিব পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই - Thailand PM appointed
Thailand PM appointed: থাইলেণ্ডৰ বিতৰ্কিত উদ্যোগপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিনৰ ৩৭ বছৰীয়া কন্যা পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি । থাই ৰজাই দেওবাৰে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । পিতৃ আৰু খুৰীয়েকৰ পিচত পেটংটাৰ্ণ হ'ব শ্বিনাৱাট্ৰা পৰিয়ালৰ পৰা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী ।

Published : August 18, 2024 at 6:48 PM IST
ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ আগষ্ট : থাই ৰজাই দেওবাৰে আনুষ্ঠানিকভাৱে থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী নিযুক্তি দিয়ে । বিতৰ্কিত কোটিপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিনৰ ৩৭ বছৰীয়া কন্যা পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে ৰজাই ।
থাইলেণ্ডৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী :
পূৰ্বৰ প্ৰধানমন্ত্ৰীক বৰ্খাস্ত কৰাৰ পিচত মুখ্য বিৰোধী দল ভংগ হৈছিল আৰু এইবোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই এতিয়া দেশখনক নেতৃত্ব দিব । শ্বিনাৱাট্ৰা পৰিয়ালৰ তেওঁ হ'ব তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী । তেওঁৰ পিতৃ আৰু খুৰীয়েক ইংলাকৰ নীতিৰ পৰিৱৰ্তন আনিব বুলিও বহুতে আশা কৰিছে । যাক সামৰিক অভ্যুত্থানত ক্ষমতাৰ পৰা আঁতৰাই দিয়া হৈছিল ।
পুৱা ৰজা মহা ভাজিৰালোংকৰ্ণৰ চৰকাৰী লিখিত আদেশ অনুসৰি পেটংটাৰ্ণক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । লিখিত আদেশৰ জৰিয়তে ৰজাই সকলো থাইলোকক দেশৰ মন্থৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাত সহায় কৰিবলৈ একেলগে কাম কৰিবলৈ আহ্বান জনায় ।
ৰাইজক বিশেষ আহ্বান প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ :
ইফালে এই নিযুক্তিৰ পিচতে পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই দেশবাসীক সম্বোধন কৰি কয়, "চৰকাৰৰ মুৰব্বী হিচাপে মই সংসদৰ সৈতে মুক্ত মনেৰে কাম কৰিম, দেশৰ উন্নয়নত সহায় কৰাৰ বাবে সকলো ধাৰণাৰ বাবে মুকলি কৰিম ।" সতীৰ্থ থাইসকল, এই কৰ্তব্য কেৱল প্ৰধানমন্ত্ৰীয়ে কৰিব নোৱাৰে । মই আশা কৰো যে মই সকলো প্ৰজন্ম, থাইলেণ্ডৰ সকলো প্ৰতিভাশালী লোকৰ শক্তিৰ মাজত সমন্বয় সাধন কৰিবলৈ সক্ষম হ'ম ।" ইফালে অনুষ্ঠানত তেওঁ পিতৃ তথা প্ৰধানমন্ত্ৰী ৭৫ বছৰীয়া থাকচিন অনুষ্ঠানটোত উপস্থিত আছিল । সন্মুখৰ শাৰীত পেটংটাৰ্ণৰ স্বামীৰ সৈতে তেওঁ থিয় হৈ আছিল ।
উল্লেখ্য যে ৰাজ্যৰ সাংবিধানিক আদালতে বুধবাৰে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্ৰীথা থাভিচিনক অপৰাধমূলক দোষী সাব্যস্ত কৰি নৈতিকতাৰ নিয়ম ভংগ কৰাৰ বাবে বৰ্খাস্ত কৰিছিল । থাকচিন আৰু তেওঁৰ মিত্ৰশক্তি আৰু ৰাজ্যৰ ৰক্ষণশীল সামৰিক পন্থী, ৰাজকীয় পন্থী অভিজাতসকলৰ মাজত আধিপত্য বিস্তাৰৰ বাবে হোৱা কন্দলৰ ফলত থাইলেণ্ডত ২০ বছৰৰো অধিক সময় ধৰি আধিপত্য বিস্তাৰ হৈ আহিছে ।
ইফালে পেটংটাৰ্ণ এগৰাকী আপেক্ষিক নৱাগত আৰু যোৱা বছৰৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত ২০২২ চনৰ শেষলৈকে পাৰিবাৰিক ব্যৱসায় চলাই আছিল ।

