পেছোৱাৰ: পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ । সূত্ৰৰ মতে অশান্ত অঞ্চল হিচাপে জনাজাত প্ৰদেশখনত পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হয় । ফলত ৪ জন পাকিস্তানী সেনা নিহত হোৱা বুলি জানিব পৰা গৈছে । নিহত জোৱানসকলৰ ভিতৰত এগৰাকী বিষয়াও আছে । জানিব পৰা মতে বুধবাৰে সন্ধিয়া আফগানিস্তানৰ সীমান্তৱৰ্তী উত্তৰ ৱাজিৰিস্তান জিলাৰ শ্বাৱাল অঞ্চলৰ নিৰাপত্তাৰক্ষীৰ চেক পোষ্টত সন্ত্ৰাসবাদীয়ে হঠাৎ গুলীচালনা কৰে । সূত্ৰৰ মতে এই আক্ৰমণত এজন লেফটেনেণ্টকে ধৰি ৪ জোৱান নিহত হয় ।
অৱশ্যে সেনা বাহিনীৰ মিডিয়া চেল তথা আন্তঃসেৱা জনসংযোগ বিভাগে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই । ইফালে এই আক্ৰমণৰ পিছতে প্ৰদেশখনত নিৰাপত্তা কটকটীয়া কৰা হৈছে । মুছাখেল জিলাত পৃথকে পৃথকে অভিযান চলোৱা হৈছে । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত ৪ টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে । ৰাৰা শ্বাম অঞ্চলৰ ঘাইপথত আই ই ডি সংস্থাপন কৰি থকাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে । য'ত সন্ত্ৰাসবাদী নিহত হয় । যাত্ৰীবাহী বাছত আক্ৰমণ আৰু অঞ্চলটোত অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপত এই সন্ত্ৰাসবাদীকেইটা জড়িত আছিল বুলি সন্দেহ কৰা হৈছে ।
উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে বছৰ বছৰ ধৰি সন্ত্ৰাসবাদক আশ্ৰয় দিয়াৰ গুৰুতৰ অভিযোগ আছে । শেহতীয়াকৈ ভাৰতত পহলগাম আক্ৰমণৰ ঘটনাই পুনৰ এবাৰ সেই কথা প্ৰমাণিত কৰিছে । কিন্তু সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়া পাকিস্তানো দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী আক্ৰমণৰ চিকাৰ হৈ আহিছে ।