ব্ৰিকছৰ 'আমেৰিকা-বিৰোধী’ নীতিক সমৰ্থন কৰা দেশৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ ভাবুকি ট্ৰাম্পৰ
ট্ৰাম্পে এক সুকীয়া পোষ্টত উল্লেখ কৰে যে সোমবাৰৰ পৰা আমেৰিকাই বিভিন্ন দেশলৈ শুল্ক আৰু চুক্তি সন্দৰ্ভত 'পত্ৰ' প্ৰেৰণ কৰিব ।

Published : July 7, 2025 at 2:58 PM IST
ৱাশ্বিংটন : এফালে ব্ৰিকছ সন্মিলন, আনফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতি । ইয়াকে লৈ এতিয়া বিশ্বত তীব্ৰ চৰ্চা চলি আছে । লগে লগে তীব্ৰতৰ হৈ পৰিছে শুল্ক যুদ্ধ । বিশেষকৈ ব্ৰিকছ ব্লকে শুল্ক বৃদ্ধিক গৰিহণা দিয়াৰ পিছতে এই শুল্ক যুদ্ধই অধিক গতি লাভ কৰিছে ।
ব্ৰিকছ সন্মিলনত ইয়াৰ অংশীদাৰ দেশসমূহে ট্ৰাম্পৰ শুল্ক বৃদ্ধিক গৰিহণা প্ৰদানৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে 'আমেৰিকা বিৰোধী' নীতিৰ সৈতে জড়িত থকা দেশসমূহৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি প্ৰদান কৰিছে ।
"ব্ৰিকছৰ আমেৰিকা-বিৰোধী নীতিৰ সৈতে নিজকে মিলাই লোৱা যিকোনো দেশৰ পৰা অতিৰিক্ত ১০% শুল্ক আদায় কৰা হ’ব । এই নীতিৰ পৰা কোনোৱে ৰেহাই নাপাব । এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ !” দেওবাৰে নিশা (স্থানীয় সময় অনুসৰি) ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে এনেদৰে কয় ।
উল্লেখ্য যে মূলতঃ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক সামৰি লোৱা ব্ৰিকছে ২০২৪ চনত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা সম্প্ৰসাৰণ কৰি ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহীক অন্তৰ্ভুক্ত কৰে । আনহাতে, ২০২৫ চনত ইণ্ডোনেছিয়াই এই ব্লকত যোগদান কৰে ।
ট্ৰাম্পে আন এটা সুকীয়া পোষ্টত কয় যে সোমবাৰৰ পৰা আমেৰিকাই বিভিন্ন দেশলৈ শুল্ক আৰু চুক্তিৰ ওপৰত 'পত্ৰ' প্ৰেৰণ কৰিব । "মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে বিশ্বৰ বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ শুল্ক পত্ৰ, আৰু/বা চুক্তি, ৭ জুলাই সোমবাৰে দিনৰ ১২ বজাৰ পৰা (পূব সময়) প্ৰেৰণ কৰা হ'ব ।" তেওঁ কয় ।
উল্লেখ্য যে দেওবাৰে ব্ৰিকছ ব্লকে ইৰাণৰ ওপৰত শুল্ক বৃদ্ধি আৰু আক্ৰমণক গৰিহণা দিয়ে যদিও ট্ৰাম্পৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে । মধ্যপ্ৰাচ্যত ইজৰাইলৰ সামৰিক কাৰ্যকলাপকো লক্ষ্য কৰি লোৱা গ্ৰুপটোৰ ঘোষণাই অৱশ্যে ইয়াৰ সদস্য ৰাছিয়াক সমালোচনাৰ পৰা আঁতৰি যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ কথা মাত্ৰ এবাৰহে উল্লেখ কৰে ।
আনহাতে, দুদিনীয়া এই সন্মিলনত এইবাৰ দুগৰাকী শক্তিশালী সদস্য উপস্থিত নাথাকে । ২০১২ চনত নিজৰ দেশৰ নেতা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ব্ৰিকছৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নাই ।
ইফালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত জাৰি কৰা আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে বিদেশ ভ্ৰমণৰ পৰা বেছিভাগেই আঁতৰি আছে ।

