ETV Bharat / international

আত্মঘাতী বোমাৰুৰ আক্ৰমণত ১২ জন নিহত, আহত ৩০ জন; নিহত ৬ উগ্ৰপন্থী

পাকিস্তানৰ সামৰিক শিবিৰত আত্মঘাতী আক্ৰমণত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জন লোক আহত হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ৷

PAKISTAN SUICIDE ATTACK
উত্তৰ-পশ্চিম পাকিস্তানৰ বান্নুৰ এখন চিকিৎসালয়ত বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকলক উদ্ধাৰকাৰী আৰু স্বেচ্ছাসেৱকসকলে সহায় কৰে, মঙলবাৰ, ৪ মাৰ্চ, ২০২৫ (AP)
author img

By ETV Bharat Assamese Team

Published : March 5, 2025 at 9:52 AM IST

|

Updated : March 5, 2025 at 11:35 AM IST

2 Min Read
Choose ETV Bharat

পেছাৱৰ: উত্তৰ-পশ্চিম পাকিস্তানৰ বান্নুত মঙলবাৰে দুখন বিস্ফোৰক ভৰ্তি বাহনে মূল কেণ্টনমেণ্টৰ সীমা দেৱালত খুন্দা মৰাৰ ফলত চাৰিটা শিশুসহ কমেও ১২ জন লোক নিহত হোৱাৰ লগতে ৩০ জন আহত হয় । এই সময়ছোৱাত সেনা জোৱানে কমেও ছয়জন উগ্ৰপন্থীক হত্যা কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে, সূৰ্যাস্তৰ সময়ৰ আশে-পাশে খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পেছাৱাৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা বান্নু কেণ্টনমেণ্টৰ দেৱালত আত্মঘাতী বোমাৰুৱে খুন্দা মাৰে ।

হাফিজ গুল বাহাদুৰৰ সৈতে জড়িত অতি কম পৰিচিত জয়ছ আল ফুৰছানে এক বিবৃতিত বান্নুৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । তেহৰিক-ই-তালিবান পাকিস্তানৰ কেইবাটাও ফৈদৰ ভিতৰত এই গোটটো অন্যতম ।

বান্নুৰ ডি এইচ কিউ হাস্পতালৰ মুখপাত্ৰ ডাঃ নুমানে কয় যে বান্নু কেণ্টনমেণ্টত সংঘটিত আত্মঘাতী বিস্ফোৰণত ১২ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৩০ জন আহত হৈছে ৷ তেওঁ লগতে কয় যে নিহতসকলৰ ভিতৰত চাৰিটা শিশু আৰু দুগৰাকী মহিলাও আছে ।

চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি সূত্ৰই জনোৱা মতে, ওচৰৰ অসামৰিক অট্টালিকাৰ পৰা আৰু বান্নু কেণ্টনমেণ্টৰ সীমা দেৱালৰ কাষৰ মছজিদৰ ধ্বংসাৱশেষৰ পৰা এক ডজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, য’ত আত্মঘাতী বোমাৰুৱে আক্ৰমণ কৰিছিল ।

আটাইকেইজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও সূত্ৰই জানিবলৈ দিয়ে ।

বিস্ফোৰণৰ পিছত কেণ্টনমেণ্টৰ দেৱাল ভাঙি কেইবাজনো উগ্ৰপন্থীয়ে কেণ্টনমেণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে ৷ অৱশ্যে ইয়াৰে কমেও ছয়জন নিহত হোৱাৰ বিপৰীতে বাকীসকলক ঘেৰি ৰখা হৈছে বুলি নিৰাপত্তাৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে । সূত্ৰসমূহে লগতে কয় যে সেনা বিষয়াসকলে কেণ্টনমেণ্টলৈ যোৱা মূল পথসমূহ ছীল কৰি ৰখাৰ লগতে বিস্ফোৰণস্থলীলৈ যোৱাৰ ব্যৱস্থা কৰা নাই ।

নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, সকলো সন্ত্ৰাসবাদী নিৰ্মূল নোহোৱালৈকে অভিযান অব্যাহত থাকিব ।

ইফালে খাইবাৰ পখতুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰে বান্নু বিস্ফোৰণক গৰিহণা দি ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে । তেওঁ এই ঘটনাত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । গণ্ডাপুৰে কয় যে পবিত্ৰ ৰমজান মাহত এনেধৰণৰ ঘটনা অতি নিন্দনীয় আৰু দুখজনক । পবিত্ৰ ৰমজান মাহত এনে ঘটনা অত্যন্ত নিন্দনীয় আৰু মৰ্মান্তিক বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: ইউক্ৰেইনলৈ আমেৰিকান সাহায্যত স্থগিতাদেশ; ৰাছিয়াৰ সৈতে আলোচনাত বহিবলৈ জেলেনস্কিক হেঁচা ট্ৰাম্পৰ

Last Updated : March 5, 2025 at 11:35 AM IST