ETV Bharat / international

পৰ্যটকক আক্ৰমণৰ চেষ্টা: কাৰাগাৰৰ ভিতৰতে ৰচনা হৈছিল ষড়যন্ত্ৰ

পৰ্যটকক আক্ৰমণৰ ষড়যন্ত্ৰ সম্পৰ্কীয় এক গোচৰত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । আদালতত শ্ৰীলংকা আৰক্ষীয়ে সকলো তথ্য প্ৰকাশ কৰিছে ।

Sri Lanka Arugambay terror conspiracy
পৰ্যটকক আক্ৰমণৰ চেষ্টা: কাৰাগাৰৰ ভিতৰতে ৰচনা হৈছিল ষড়যন্ত্ৰ (ETV Bharat)
author img

By PTI

Published : January 18, 2025 at 8:23 PM IST

2 Min Read
Choose ETV Bharat

কলম্বো : শ্ৰীলংকাৰ পূৱ উপকূলৰ এটা ৰিজ'ৰ্টত পৰ্যটকক আক্ৰমণৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিছে । আক্ৰমণটো বিফল হৈছে যদিও আৰক্ষীয়ে নিশ্চিত কৰিছে যে এই আক্ৰমণৰ ষড়যন্ত্ৰত সন্ত্ৰাসবাদী জড়িত আছিল । ষড়যন্ত্ৰত জড়িত লোকসকলে এল টি টি ইৰ সৈতে সম্পৰ্কিত এজন সন্দেহজনক প্ৰাক্তন সন্ত্ৰাসবাদীৰ সহায় লোৱাৰ পৰিকল্পনা কৰি আছিল । আৰক্ষীয়ে আদালতক এই কথা অৱগত কৰিছে । এই ঘটনাত জড়িত ৩ জনক শুকুৰবাৰে আৰক্ষীয়ে কলম্বো ফৰ্ট মেজিষ্ট্ৰেট আদালতত হাজিৰ কৰায় । ৩ জনৰ ভিতৰত দুজন মালদ্বীপৰ আৰু এজন স্থানীয় লোক ।

উপকূলীয় অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা

উল্লেখ্য যে উপকূলীয় সন্ত্ৰাসবাদীৰ সম্ভাব্য আক্ৰমণৰ বিশ্বাসযোগ্য তথ্য লাভ কৰি যোৱা বছৰৰ ২৩ অক্টোবৰত কলম্বোত থকা আমেৰিকাৰ দূতাবাসে তেওঁলোকৰ নাগৰিকসকলক সেই অঞ্চল এৰি যাবলৈ আৰু আৰুগাম্বেৰ পৰা আঁতৰি থাকিবলৈ কৈ ভ্ৰমণ সতৰ্কবাণী জাৰি কৰিছিল ।

সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল ইজৰাইলী নাগৰিক !

শ্ৰীলংকাৰ আৰক্ষীয়ে জনাইছিল যে ইজৰাইলী পৰ্যটকসকল লক্ষ্য আছিল । আৰক্ষীয়ে শুকুৰবাৰে আদালতক কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত কাৰাগাৰৰ পৰা মুকলি হৈ অহা কেইবাজনো লোকক ষড়যন্ত্ৰকাৰীসকলে ব্যৱহাৰ কৰিব বিচাৰিছিল । ষড়যন্ত্ৰীকাৰীয়ে এল টি টি ইৰ এজন সন্দেহজনক লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যাৰ বিৰুদ্ধে ২০০৮ চনত উত্তৰ আৰু পূব প্ৰদেশত পৃথক তামিল স্বদেশ স্থাপনৰ বাবে বিদ্ৰোহী গোটৰ সন্ত্ৰাসবাদী অভিযানৰ অংশ হিচাপে গণহত্যাৰ চেষ্টা কৰাৰ অভিযোগ আছিল ।

কাৰাগাৰৰ ভিতৰতে ৰচনা কৰিছিল ষড়যন্ত্ৰ

আৰক্ষীয়ে জনোৱা মতে কলম্বো কাৰাগাৰৰ ভিতৰতে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল । আৰক্ষীয়ে জনাই যে তেওঁলোকে আৰু ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে যিয়ে অঞ্চলটোৰ ভিডিঅ'গ্ৰাফী কৰিছিল আৰু ষড়যন্ত্ৰকাৰীক সেই তথ্যৰ যোগান ধৰিছিল । ইফালে এজন আফগান আৰু মালদ্বীপৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টাৰপোলৰ ৰেড জাননী জাৰি কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক :হোৱাইট হাউচ আক্ৰমণৰ পৰিকল্পনা; ভাৰতীয় যুৱকক কাৰাদণ্ড - WHITE HOUSE ATTACK ATTEMPT