ETV Bharat / international

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়'লক গ্ৰেপ্তাৰ

কেইবা সপ্তাহ ধৰি চলি থকা বিতৰ্কৰ অন্তত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়'লক গ্ৰেপ্তাৰ কৰে আৰক্ষী তথা অনুসন্ধানকাৰী দলে ।

South Korean President held
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়'লক গ্ৰেপ্তাৰ (ANI)
author img

By ANI

Published : January 15, 2025 at 1:32 PM IST

3 Min Read
Choose ETV Bharat

ছিউল(দক্ষিণ কোৰিয়া) : অৱশেষত গ্ৰেপ্তাৰ হ'ল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়'ল । বুধবাৰে দেশখনৰ অনুসন্ধানকাৰী দলে ৰাষ্ট্ৰপতিজনক গ্ৰেপ্তাৰ কৰে । চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৰাষ্ট্ৰপতিজনক । আল জাজিৰাই প্ৰকাশ কৰিছে,"যুটীয়া অনুসন্ধান মুখ্য কাৰ্যালয়ে ১৫ জানুৱাৰীৰ পুৱা ১০:৩৩ বজাত (০১:৩০ জিএমটি) ৰাষ্ট্ৰপতি ইয়ুন চুক-ইয়'লৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ।"

মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ৰাষ্ট্ৰপতিৰ !

উল্লেখ্য যে যদি ৰাষ্ট্ৰপতিজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ সঁচা প্ৰমাণিত হয় তেনেহ'লে দক্ষিণ কোৰিয়াৰ সংবিধান অনুসৰি ইয়ুনক মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিব পাৰে । চিএনএনৰ মতে, ৰাষ্ট্ৰপতিৰ সুৰক্ষা সেৱাৰ দলটোৱে তেওঁৰ বাসগৃহত পহৰা দি থকাৰ বাবেই তেওঁক কেইবা সপ্তাহ ধৰি গ্ৰেপ্তাৰ কৰিব পৰা নাছিল । আল জাজিৰাই এক প্ৰতিবেদনত কৈছে যে গ্ৰেপ্তাৰৰ পূৰ্বে এটা ভিডিঅ' বাৰ্তাত ইয়ুনে কয় যে সামৰিক আইন জাপি দিয়াত ব্যৰ্থ হোৱাৰ বাবে তেওঁ প্ৰশ্ন উত্থাপন কৰিব ।

আল জাজিৰাই ইয়ুনৰ উদ্ধৃতি দি কয় যে তেওঁ তদন্তৰ বৈধতা স্বীকাৰ কৰা নাছিল কিন্তু যিকোনো দুৰ্ভাগ্যজনক পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ দুৰ্নীতি অনুসন্ধান কাৰ্যালয়ত সঁহাৰি দিয়াৰ সিদ্ধান্ত লৈছিল । আল জাজিৰাৰ বাতৰি অনুসৰি সমৰ্থকসহ বহু সংখ্যক লোক ইয়ুনৰ বাসগৃহৰ বাহিৰত সমবেত হৈছিল । আনহাতে শাসকীয় পিপল পাৱাৰ পাৰ্টি আৰু ইয়ুনৰ অধিবক্তাৰ এটা দলেও আৱাসিক চৌহদৰ ভিতৰত গ্ৰেপ্তাৰ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল ।

ৰাষ্ট্ৰপতিক আটক কৰা বাবে অভিযান

ইয়ুনৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ তদন্তৰ মাজতে আৰক্ষী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে কাম কৰি থকা দুৰ্নীতি অনুসন্ধান কাৰ্যালয়ে (চিআইঅ') প্ৰথমে এই মাহৰ আৰম্ভণিতে তেওঁক আটক কৰাৰ চেষ্টা কৰিছিল । কিন্তু বৃহৎ প্ৰতিবাদৰ বাবে সম্ভৱ হোৱা নাছিল । সেনা আৰু ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত থকা জোৱানসকলে ৮০ জন আৰক্ষী আৰু অনুসন্ধানকাৰীক ৰাষ্ট্ৰপতিৰ বাসগৃহত প্ৰৱেশত বাধা দিছিল ।

দুৰ্নীতি অনুসন্ধান কাৰ্যালয়ে তেওঁক সৰ্বাধিক ৪৮ ঘণ্টা ধৰি আটক কৰি ৰাখিব পাৰে । আল জাজিৰাৰ মতে ৰাষ্ট্ৰপতিক আটক কৰাৰ বাবে ৱাৰেণ্টৰ বাবে আবেদন কৰিব নে নকৰে সেই সময়লৈ অপেক্ষা কৰিব লাগিব । দক্ষিণ কোৰিয়াৰ এখন আদালতে তেওঁৰ গ্ৰেপ্তাৰী পৰোৱানাত অনুমোদন জনাইছে । কিয়নো ৰাষ্ট্ৰপতিজনে শেহতীয়া সপ্তাহবোৰত অনুসন্ধানকাৰীসকলৰ দ্বাৰা তেওঁৰ সহযোগিতা বিচাৰি জাৰি কৰা তিনিটা চমন প্ৰত্যাখ্যান কৰিছিল ।

ইয়ুনক অপসাৰণ

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৪ ডিচেম্বৰত দেশখনত সামৰিক আইন জাপি দিয়াৰ প্ৰচেষ্টাৰ বাবে নেচনেল এচেম্বলীয়ে ইয়ুনৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপন কৰিছিল । এককক্ষীয় নেচনেল এচেম্বলীৰ সদস্যসকলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ ভোটদান কৰিছিল । মহাভিযোগৰ পিছত ইয়ুনক কাৰ্যালয়ৰ পৰা নিলম্বিত কৰা হৈছিল ।

লগতে পঢ়ক :হামাছৰ যুদ্ধবিৰতি-বন্দী চুক্তি; পথ প্ৰশস্ত হৈছে প্ৰথম পৰ্যায়ত ৩৩ বন্দীৰ মুক্তিৰ - HAMAS ISRAEL CEASEFIRE DEAL