কমেডিয়ান কপিল শৰ্মাৰ কেফেত গুলীচালনা, কোনে কৰিলে এই সাংঘাতিক কাম !
কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত অৱস্থিত এই কেফেখন ব্যৱসায়ৰ বাবে খোলা মাত্ৰ কেইদিনমানহে হৈছে ৷ এতিয়া তাত গুলীচালনা হোৱাৰ চাঞ্চল্যকৰ তথ্য আহি পৰিছে ।

Published : July 11, 2025 at 10:11 AM IST
ছাৰে (কানাডা): জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাৰ কেফেত গুলীচালনা। বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। কোনো লোক আহত হোৱা নাই। জানিব পৰা মতে, খালিস্তানী উগ্ৰপন্থী হৰজিৎ সিং লাডীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত অৱস্থিত এই কেফেখনে মাত্ৰ কেইদিনমানৰ আগতে ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিছিল। নামকৰণ কৰা হৈছে কেপ'ছ কেফে । অভিনেতাগৰাকীৰ পত্নীয়ে ব্যৱসায় চোৱাচিতা কৰে।
কেফেখনত হোৱা গুলীচালনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত কেফেৰ বাহিৰত গাড়ী এখনত বহি থকা এজন মানুহক দেখা যায়। হঠাৎ মানুহজনে কপিলৰ কেফেত গুলীচালনা কৰিবলৈ ধৰে। মুঠ ৯টা ৰাউণ্ড গুলীচালনা কৰা হয়। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গাড়ীৰ ভিতৰৰ পৰা কোনে গুলীচালনা কৰে সেয়া এতিয়াও আৰক্ষীৰ ওচৰত স্পষ্ট হোৱা নাই । তেওঁৰ চেহেৰাৰ বিষয়েও আৰক্ষীৰ স্পষ্ট ধাৰণা নাই। ইয়াৰ উপৰিও তদন্তকাৰীয়ে সঠিকভাৱে নাজানে যে কিয় এই গুলীচালনা সংঘটিত হয়।
Shots were reportedly fired at comedian Kapil Sharma's newly opened eatery in Canada's Surrey. Khalistani terrorist Harjeet Singh Laddi has taken responsibility for the shooting, according to reports
— Keh Ke Peheno (@coolfunnytshirt) July 10, 2025
What did Kapil Sharma say?🤔pic.twitter.com/NTTBQK99Cm
ছাৰে আৰক্ষী সেৱাৰ এক বিবৃতিত কোৱা হৈছে যে ১০ জুলাইৰ পুৱা ১.৫০ বজাত চহৰখনৰ ১২০ ষ্ট্ৰীটৰ এখন দোকানত গুলীচালনাৰ খবৰ লাভ কৰা গৈছিল। ঘটনা সন্দৰ্ভত বিতং তদন্ত আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ ছাৰে আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কেইবাটাও গুলীচালনা সংঘটিত হৈছে। এই ঘটনাৰ লগত তেনে কোনো সম্পৰ্ক আছে নে নাই তাৰ তদন্ত চলি আছে। তদুপৰি বিভিন্ন সূত্ৰৰ পৰা তদন্ত কৰি আক্ৰমণৰ কাৰণ জানিবলৈ চেষ্টা কৰি থকা হৈছে।
হৰজিৎ সিং লাডী এজন কুখ্যাত অপৰাধী। তেওঁৰ নাম ২০২৩ চনত পঞ্জাৱৰ ৰূপনগৰ জিলাত সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে জড়িত।সেইদিনা বিশ্ব হিন্দু পৰিষদৰ নেতা বিকাশ প্ৰভাকৰক হত্যা কৰা হৈছিল। তদন্তৰ অন্তত হৰজিৎ সিং লাডীৰ বিষয়ে জানিব পাৰিছিল এন আই এয়ে। তেতিয়াৰ পৰাই তেওঁৰ সন্ধান আৰম্ভ হৈছে। এতিয়া তেওঁৰ নামটো আন এক ঘটনাৰ লগত জড়িত। খালিস্তানী উগ্ৰপন্থীক সমৰ্থন কৰাৰ বিষয়টোৰ বাবে যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ সৈতে কানাডাৰ দ্বিপাক্ষিক সম্পৰ্ক কিছু অৱনতি ঘটিছে।

কেইবছৰমান আগতে কানাডাত আন এজন কুখ্যাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰক হত্যা কৰা হৈছিল। কানাডাই দাবী কৰিছিল যে এই হত্যাকাণ্ডত ভাৰতৰ ভূমিকা আছে। তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাৰ সংসদত থিয় হৈ এই কথা উল্লেখ কৰিছিল। কেৱল সেয়াই নহয়, কানাডাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু উচ্চায়ুক্তৰ অন্যান্য বিষয়াসকলো এই হত্যাকাণ্ডৰ লগত জড়িত বুলি দাবী কৰিছিল। ভাৰতে প্ৰতিবাদ সাব্যস্ত কৰে। এই বিষয়াসকলৰ বাবে নিৰাপত্তাৰ অভাৱৰ কাৰণ দেখুৱাই তেওঁলোকক কানাডাৰ পৰা ভাৰতলৈ অনা হৈছিল।
লগতে পঢ়ক: কপিল শৰ্মা, ৰেমো ডি'চুজা, সুগন্ধা মিশ্ৰ, ৰাজপাল যাদৱক কোনে দিলে ভাবুকি ?

