হেৰিছ এগৰাকী ভয়ংকৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ'ব: ট্ৰাম্প - US presidential election 2024
Trump attacks Kamala Harris: উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পুনৰ আক্ৰমণ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ হেৰিছ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে এগৰাকী ভয়ংকৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ'ব বুলি ট্ৰাম্পে প্ৰতিদ্বন্দ্বীগৰাকীক আক্ৰমণ কৰে ৷

By ANI
Published : August 16, 2024 at 9:23 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট: চমু চাপি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ৷ যিমানেই দিন কাষ চাপিছে সিমানেই বৃ্দ্ধি হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ শেহতীয়াকৈ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে নিজৰ প্ৰতিদ্বন্দ্বী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক জনাইছিল কঠোৰ প্ৰত্যাহ্বান ৷ দ্য হিলে জনোৱা মতে, এই কঠোৰ প্ৰত্যাহ্বান জনোৱাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে নীতিৰ ওপৰত পুনৰ মনোনিৱেশ কৰিবলৈ মিত্ৰশক্তিয়ে জনোৱা আহ্বানক উপেক্ষা কৰি কয় যে তেওঁ “ব্যক্তিগত আক্ৰমণৰ অধিকাৰী”।
ট্ৰাম্পে বেডমিনিষ্টাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমে তেওঁক প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰায় এঘণ্টা ধৰি ভাষণ আগবঢ়াইছিল । কেইবাজনো সাংবাদিকে সংবাদমেলখনত ৰিপাব্লিকান দলে তেওঁক অধিক সংযত আৰু বিৰোধীৰ বিষয়ে অৱজ্ঞাসূচক মন্তব্য কৰা বন্ধ কৰিব লাগে বুলি আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰে ।
ট্ৰাম্পে এই সন্দৰ্ভত কয়, "ব্যক্তিগত আক্ৰমণৰ কথা ক’বলৈ গ’লে তেওঁ দেশখনৰ প্ৰতি যি কৰিছে তাৰ বাবেই মই তেওঁৰ ওপৰত অতিশয় ক্ষুব্ধ হৈছো । মই ভাবো যে মই ব্যক্তিগত আক্ৰমণ কৰিব পাৰো । কমলাৰ প্ৰতি মোৰ বিশেষ সন্মান নাই । কমলাৰ বুদ্ধিমত্তাৰ প্ৰতিও মোৰ বিশেষ সন্মান নাই আৰু মই ভাবো তেওঁ এগৰাকী ভয়ংকৰ ৰাষ্ট্ৰপতি হ'ব ।"
ইয়াৰ পাচত ট্ৰাম্পে পুনৰ কয়, "মই ভাবো আমি জয়ী হোৱাটো অতি গুৰুত্বপূৰ্ণ । আৰু ব্যক্তিগত আক্ৰমণবোৰ ভাল হওক বা বেয়া । কমলাই নিশ্চয় মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে । তেওঁ মোক আচলতে অদ্ভুত বুলি কৈছিল ।"
প্ৰাক্তন বিৰোধী নিকি হেলীয়ে ট্ৰাম্পৰ প্ৰচাৰ প্ৰক্ৰিয়া সলনি কৰিব লাগে বুলি কোৱা মন্তব্যৰ বিষয়ে সোধাত ট্ৰাম্পে উত্তৰ দি কয় যে তেওঁ নিজৰ প্ৰচাৰ “নিজৰ ধৰণেৰে” পৰিচালনা কৰিব ।
জুলাইৰ শেষৰ ফালে ৰাষ্ট্ৰপতি বাইডেনে ৰাষ্ট্ৰপতি দৌৰৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ এয়া দ্বিতীয়খন সংবাদমেল ।
দ্য হিলে প্ৰকাশ কৰা অনুসৰি বুধবাৰে প্ৰকাশ পোৱা ননপাৰ্টিশ্যন কুক পলিটিকেল ৰিপৰ্টৰ সমীক্ষা অনুসৰি, নিৰ্বাচনী ফলাফলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থকা সাতখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্যত হেৰিছে ট্ৰাম্পতকৈ আগবাঢ়ি আছে ।
নেভাদাত হেৰিছৰ বিৰুদ্ধে ট্ৰাম্পে জয়লাভ কৰিছিল যদিও জৰ্জিয়াত দুয়োজন প্ৰাৰ্থী সম অৱস্থানত আছিল । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ট্ৰাম্পে নিজৰ প্ৰচাৰ অভিযানত একাধিক নতুন কৰ্মচাৰী সংযোজন কৰাৰ কথা ঘোষণা কৰিছিল, য’ত 2016 চনত তেওঁৰ প্ৰচাৰ অভিযানৰ তদাৰক কৰা আৰু “লেট ট্ৰাম্প বি ট্ৰাম্প” নামৰ কিতাপখন লিখা ক’ৰী লেৱাণ্ডোস্কিয়েও আছিল ।
2022 চনৰ নৱেম্বৰ মাহত হোৱাইট হাউছ পুনৰ দখল কৰাৰ বাবে ট্ৰাম্পে নিজৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল । 2020 চনত তেওঁৰ তিক্ত প্ৰস্থানৰ পিছত তেওঁ হোৱাইট হাউছ পুনৰ দখল কৰাৰ লক্ষ্য লৈছে, কিয়নো তেওঁ একেৰাহে দুটা কাৰ্যকাল লাভ কৰা দ্বিতীয়জন মুখ্য সেনাধ্যক্ষ হ’বলৈ আগ্ৰহী ৷
ট্ৰাম্পে অহাইঅ’ৰ চিনেটৰ জে ডি ভেন্সক ৰানিং মেট হিচাপে ঘোষণা কৰে । যদিহে ট্ৰাম্পৰ সৈতে নিৰ্বাচিত হয় তেন্তে ভেন্স আমেৰিকাৰ ইতিহাসৰ দ্বিতীয়জন কনিষ্ঠ উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব ।
হেৰিছে মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজক ৰানিং মেট হিচাপে ঘোষণা কৰিছিল । 60 বছৰীয়া ৱালজক উন্নত স্বীকৃতিপ্ৰাপ্ত আৰু ৰাজনৈতিকভাৱে সুবিধাজনক ৰাজ্যৰ পৰা অহা সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছিল ।
আনহাতে, ট্ৰাম্পে অহিঅ’ চিনেটৰ জে ডি ভেন্সক ৰানিং মেট হিচাপে ঘোষণা কৰিছে । যদিহে ট্ৰাম্পৰ সৈতে নিৰ্বাচিত হয় তেন্তে ভেন্স আমেৰিকাৰ ইতিহাসৰ দ্বিতীয়জন কনিষ্ঠ উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব ।

