ব্ৰাজিলৰ চাও পাওলোত ভয়ানক বিমান দুৰ্ঘটনাত নিহত ৬১ - Plane Crash in Brazil
Plane Crash in Brazil : এয়াৰ লাইনছ সংস্থাটোৱে কয়, "2283 নম্বৰ বিমানখনত থকা 61 গৰাকী লোকৰ আটাইকেইগৰাকীৰে দুৰ্ঘটনাস্থলীতে মৃত্যু হয় ।" আনহাতে, দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ কৰ্তৃপক্ষৰ সৈতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ।

By PTI
Published : August 10, 2024 at 9:26 AM IST
ইণ্টাৰনেচনেল ডেস্ক, ১০ আগষ্ট : পুনৰ আন এক বিমান দুৰ্ঘটনা । এইবাৰ এই বিমান দুৰ্ঘটনাৰ স্থান ব্ৰাজিল । দুৰ্ঘটানগ্ৰস্ত বিমানখনৰ এয়াৰলাইনছ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ এখন চহৰৰ আৱাসিক এলেকাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এক অগ্নিকুণ্ডত পৰিণত হৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ফলত বিমানখনত মুঠ ৬১ গৰাকী লোকৰ আটাইকেইগৰাকীৰে মৃত্যু হয় ।
অৱশ্যে এয়াৰলাইনছ কৰ্তৃপক্ষই পূৰ্বতে জনাইছিল যে চাও পাওলোৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পশ্চিমত ভিনহেডোত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬২ জন লোক আছিল । কিন্তু পিচত এই সংখ্যা ৬১ বুলি শুধৰণি কৰা হয় । দুৰ্ঘটনাটোৰ বাবে এয়াৰ লাইনছ কোম্পানীটোৱে দুখ প্ৰকাশ কৰি কয়, "2283 নম্বৰ বিমানখনত থকা 61 গৰাকী লোকৰ আটাইকেইগৰাকীৰে দুৰ্ঘটনাস্থলীতে মৃত্যু হয় ।"
লগতে এয়াৰলাইনছ সংস্থা ভিঅ'পাছে ভুক্তভোগী পৰিয়ালবোৰক সম্ভৱপৰ সকলো সহায়ৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে। আনহাতে, দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ কৰ্তৃপক্ষৰ সৈতে কাৰ্যকৰীভাৱে সহযোগিতা কৰা বুলিও উল্লেখ কৰে । দুৰ্ঘটনাটোৰ সময়ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি দক্ষিণ ব্ৰাজিলত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আছিল ।
দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰি ৰাষ্ট্ৰপতি লুইজ ইনচিঅ লুলা দা চিলভাই এই শোকাৱহ খবৰ সকলোকে দি নিহতসকলৰ সোঁৱৰণত থিয় হৈ এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰিবলৈ কয় । তেওঁ কয় যে বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী আৰু কৰ্মচাৰীৰ মৃত্যু হৈছে । ইফালে দুৰ্ঘটনাটোৰ বাতৰি পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী, সামৰিক আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষই ভিনহেডোৰ দুৰ্ঘটনাস্থলীলৈ নিজৰ নিজৰ দল প্ৰেৰণ কৰে ।
উল্লেখ্য যে, ব্ৰাজিলিয়ান টেলিভিছন নেটৱৰ্ক গ্লোবোনিউজে ঘৰেৰে ভৰ্তি এটা আৱাসিক এলেকাত এখন বিমানৰ পৰা জুই আৰু ধোঁৱা ওলাই থকা এক বৃহৎ এলেকাৰ ফুটেজ প্ৰচাৰ কৰে । গ্লোবোনিউজৰ আন আন ফুটেজত দেখা গৈছে যে এখন বিমান উলম্বভাৱে তললৈ পৰি গৈছিল ।

