ETV Bharat / international

পাকিস্তানত আত্মঘাতী বোমা আক্ৰমণত নিহত ৫ জন চীনা নাগৰিক - Suicide Bomb Attack

Pakistan suicide bomb attack: মঙলবাৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সংঘটিত এক আত্মঘাতী আক্ৰমণত কমেও পাঁচজন চীনা নাগৰিক আৰু এজন পাকিস্তানী চালক নিহত হয় ।

Six Chinese nationals killed in suicide attack in Pakistan
নিহত ৫ জন চীনা নাগৰিক
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 10:48 PM IST

3 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 মাৰ্চ : মঙলবাৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সংঘটিত এক আত্মঘাতী আক্ৰমণত কমেও পাঁচজন চীনা নাগৰিক আৰু এজন পাকিস্তানী চালক নিহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বিষয়াসকলে জনোৱা অনুসৰি মঙলবাৰে পাকিস্তানৰ অশান্ত উত্তৰ-পশ্চিম প্ৰদেশ খাইবাৰ-পাখতুনখোৱাত এখন বিস্ফোৰক ভৰ্তি বাহনে এখন বাছত খুন্দা মৰাৰ ফলত নিহত হোৱা ছয়জন লোকৰ ভিতৰত কমেও পাঁচজন চীনা নাগৰিক আছিল ।

Six Chinese nationals killed in suicide attack in Pakistan
আত্মঘাতী বোমা আক্ৰমণ

চীনৰ নাগৰিকসকলে দাচু জলবিদ্যুৎ প্ৰকল্পত কাম কৰি আছিল । আৰক্ষীয়ে জনোৱা মতে, প্ৰদেশখনৰ শ্বাংলা জিলাৰ বিষাম অঞ্চলত ইছলামবাদৰ পৰা কোহিস্তান অভিমুখী বাছ এখনত বিপৰীত দিশৰ পৰা অহা এখন বাহনে খুন্দা মৰাৰ ফলত আন কেইবাজনো লোক আহত হয় । জ্যেষ্ঠ আৰক্ষী বিষয়া মহম্মদ আলী গণ্ডাপুৰে এই ঘটনা আৰু মৃত্যুৰ সংখ্যা নিশ্চিত কৰি কয় যে আপাত দৃষ্টিত এয়া আত্মঘাতী আক্ৰমণ । সংবাদ মাধ্যমৰ আগত গণ্ডাপুৰে জানিবলৈ দিয়া মতে, এই আক্ৰমণত পাঁচজন চীনা নাগৰিক আৰু তেওঁলোকৰ পাকিস্তানী চালক নিহত হৈছে । এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আভ্যন্তৰীণ মন্ত্ৰী মহছিন নাকভিয়ে চীনৰ দূতাবাসলৈ গৈ চীনৰ ৰাষ্ট্ৰদূত জিয়াং জাইডোঙক সাক্ষাৎ কৰে । তেওঁ শোক প্ৰকাশ কৰাৰ লগতে পাকিস্তান চৰকাৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব বুলিও দূতক আশ্বাস দিয়ে । ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি চীনৰ নাগৰিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

Six Chinese nationals killed in suicide attack in Pakistan
আত্মঘাতী বোমা আক্ৰমণ

পাকিস্তান বিৰোধী উপাদানসমূহে পাক-চীনৰ বন্ধুত্বৰ ক্ষতি কৰাত কেতিয়াও সফল হ’ব নোৱাৰে বুলি ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এক বিবৃতিত কয় । জাৰ্দাৰীয়ে চীনৰ নাগৰিকৰ পৰিয়াল আৰু চুবুৰীয়া চৰকাৰলৈও সমবেদনা জ্ঞাপন কৰে । ইফালে আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ বিষয়াসকল আক্ৰমণৰ স্থানত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । মৃতদেহ উদ্ধাৰতো সহায় কৰে তেওঁলোকে ।

ঘটনাস্থলীত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে আৰু মৃতদেহবোৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ বিষাম ষ্টেচন হাউচ অফিচাৰ বখত জাহিৰে কয়, "আমি আত্মঘাতী বোমাৰুৰ বাহন ক'ৰ পৰা আৰু কেনেকৈ আহিছিল আৰু কেনেকৈ ঘটিছিল সেয়া অনুসন্ধান কৰিম ৷" শ্বাংলা কোহিস্তানৰ ওচৰত, য’ত ২০২১ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৯ জন চীনাকে ধৰি ১৩ জন লোক নিহত হৈছিল । ৬০ বিলিয়ন আমেৰিকান ডলাৰৰ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ অধীনত চলি থকা কেইবাটাও প্ৰকল্পত হাজাৰ হাজাৰ চীনা কৰ্মীয়ে পাকিস্তানত কাম কৰি আছে ।

চীনে সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে

পাকিস্তানৰ চীনা দূতাবাস আৰু কনচুলেট জেনেৰেলে এক বিবৃতিত কয় যে তেওঁলোকে এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে, ভুক্তভোগীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে, আৰু পাকিস্তানী পক্ষৰ সৈতে একেলগে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে ।

লগতে পঢ়ক : বাল্টিমোৰত জাহাজৰ খুন্দাত খহি পৰিল বৃহৎ দলং - Francis Scott Key Bridge Collapse