ETV Bharat / international

নাইটক্লাব ট্ৰেজেডী; ভৱনৰ চাল খহি পৰি ৭০ৰো অধিক লোকৰ মৃত্যু

ডমিনিকাত গীত-নৃত্য চলি থকাৰ মাজতে খহি পৰিল নাইটক্লাবৰ পকী চাল । কেইবাগৰাকী বিশিষ্ট ৰাজনীতিবিদ, খেলুৱৈ আৰু শিল্পীৰ মৃত্যু ।

roof collapses at a Dominican Republic nightclub
ডমিনিকা নাইটক্লাব ট্ৰেজেডী (AP)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 10:51 AM IST

3 Min Read
Choose ETV Bharat

চেণ্টো ডমিংগো : ডমিনিকাৰ ৰাজধানী চহৰত ভয়ংকৰ দুৰ্ঘটনা । আইকনিক নাইট ক্লাবৰ সময়ত খহি পৰিল বৃহৎ চাল । শ শ লোক উপস্থিত আছিল এই মেৰেংগু কনচাৰ্টত । দেশখনৰ ৰাজনীতিবিদ, খেলুৱৈ তথা বিশিষ্ট নাগৰিকসকল এই অনুষ্ঠানত উপস্থিত আছিল । পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত প্ৰায় ৭৯ গৰাকী লোকৰ মৃত্যু হয় । প্ৰায় ১৬০ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

চেণ্টাৰ অব ইমাৰ্জেন্সি অপাৰেচনৰ সঞ্চালক জুয়ান মানুৱেল মেণ্ডেজে কয় যে উদ্ধাৰকাৰী দলে চেণ্টো ডমিংগোৰ দুৰ্ঘটনাস্থলীত অভিযান চলাই আছে । জেট ছেট নাইটক্লাবৰ এটা মহলা খহি পৰি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় । তেওঁ মঙলবাৰে নিশা কয়, "আমি ধ্বংসাৱশেষ আঁতৰাই আছো আৰু সন্ধানহীন লোকসকলক বিচাৰি আছো ।"

নাইট ক্লাবৰ চালখন খহি পৰাৰ প্ৰায় ১২ ঘণ্টা পিছতো উদ্ধাৰকাৰী কৰ্মীসকলে এতিয়াও ধ্বংসাৱশেষৰ তলৰ পৰা লোকসকলক উদ্ধাৰ কৰি আছে । অগ্নিনিৰ্বাপক বাহিনীয়ে ভগ্ন কংক্ৰিটবোৰ আঁতৰাই পেলাইছে আৰু গধুৰ আৱৰ্জনাবোৰ সেই স্থানৰ পৰা আঁতৰাইছে । মেণ্ডেজে কয় যে উদ্ধাৰকাৰী কৰ্মীসকলে ক্লাবৰ তিনিটা ক্ষেত্ৰক বিশেষ অগ্ৰাধিকাৰ দি আছে কিয়নো সেই দিশৰ পৰা কিছুমান শব্দ শুনা পোৱা গৈছে । উত্তৰ-পশ্চিম প্ৰদেশ মণ্টেক্ৰিষ্টিৰ গভৰ্ণৰ আৰু ৭ বাৰৰ মেজৰ লীগ বেছবল অল-ষ্টাৰ নেলছন ক্ৰুজৰ ভগ্নী নেলচি ক্ৰুজ ভুক্তভোগীসকলৰ ভিতৰত আছিল । বিষয়াসকলে কয় যে ক্ৰুজৰ পিছত চিকিৎসালয়ত মৃত্যু হৈছিল ।

ফাৰ্ষ্ট লেডী ৰাকেল আব্ৰাজে সাংবাদিকক কয় যে তেওঁ ১২:৪৯ বজাত ৰাষ্ট্ৰপতি লুইছ আবিনাডাৰক ফোন কৰি কৈছিল যে তেওঁ আৱদ্ধ হৈ আছে আৰু চালখন খহি পৰিছে । ডমিনিকান বেছবল খেলুৱৈ টনি এনৰিক ব্লাঙ্কো কেব্ৰেৰাৰো এই দুৰ্ঘটনাত মৃত্যু হয় । ডমিনিকান ৰিপাব্লিকৰ পেছাদাৰী বেছবল লীগে এক্সত পোষ্ট কৰিছে যে প্ৰাক্তন এমএলবি পিচাৰ অক্টাভিঅ ডটেলৰো মৃত্যু হয় । জানিব পৰা মতে চালখন খহি পৰাৰ পিছৰে পৰা মেৰেংগু কণ্ঠশিল্পী ৰুবি পেৰেজো সন্ধানহীন হৈ আছে । ইফালে আহতসকলৰ ভিতৰত ৰাষ্ট্ৰীয় আইন প্ৰণেতা ব্ৰে ভাৰ্গাছো আছে । কিন্তু কি কাৰণত ক্লাবৰ চালখন খহি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

জেট ছেট ভৱনটো অন্তিমবাৰ কেতিয়া পৰীক্ষা কৰা হৈছিল সেয়াও জানিব পৰা হোৱা নাই । ক্লাবটোৱে এটা বিবৃতি জাৰি কৰি কয় যে তেওঁলোকে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছে আৰু সম্প্ৰতি স্বত্বাধিকাৰী এণ্টোনিঅ এস্পাইলাট দেশৰ বাহিৰত আছিল । ইফালে এই ঘটনাই সমগ্ৰ দেশতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দেশ-বিদেশৰ বহু প্ৰখ্যাত নেতাই শোক প্ৰকাশ কৰিছে । প্ৰশাসনে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ৰাষ্ট্ৰপতি আবিনাডাৰে এক্সত লিখিছে,"সকলো উদ্ধাৰকাৰী সংস্থাই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে । জেট ছেট নাইটক্লাবত সংঘটিত দুৰ্ঘটনাটোৰ বাবে আমি গভীৰভাৱে দুঃখিত । ঘটনাটো সংঘটিত হোৱাৰ পিছত প্ৰতি মুহূৰ্ততে মই যোগাযোগ অব্যাহত ৰাখিছো ।"

লগতে পঢ়ক :লণ্ডনত ভাৰতৰ বিকাশ আৰু সুযোগ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ বিত্তমন্ত্ৰী সীতাৰমণৰ - FM SITHARAMAN UK VISIT