ETV Bharat / international

সমাপ্তিৰ দিশত ইজৰাইল আৰু হামাছৰ যুদ্ধ...!

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি চুক্তি দেওবাৰে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা ।

Israel Hamas War
সমাপ্তিৰ দিশত ইজৰাইল আৰু হামাছৰ যুদ্ধ (AP)
author img

By ETV Bharat Assamese Team

Published : January 16, 2025 at 1:52 PM IST

4 Min Read
Choose ETV Bharat

দোহা : ইজৰাইল আৰু হামাছৰ দীৰ্ঘদিনীয়া যুদ্ধৰ অন্তত অৱশেষত হাঁহি বিৰিঙিছে গাজাবাসীৰ মুখত । কিয়নো যুদ্ধবিৰতি আৰু জিম্মাত থকা লোকক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সন্মত হৈছে ইজৰাইল । কাটাৰ আৰু আমেৰিকাই বুধবাৰে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰু জিম্মাৰ মুক্তি চুক্তি ঘোষণা কৰে আৰু লগতে আশা প্ৰকাশ কৰি কয় যে ই গাজাত যুদ্ধৰ স্থায়ী সমাপ্তিৰ পথ প্ৰশস্ত কৰিব ।

  • ইজৰাইল-হামাছ যুদ্ধবিৰতি চুক্তি

মধ্যস্থতাকাৰী দেশকেইখনে এক চুক্তিৰ কথা ঘোষণাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে কয় যে চূড়ান্ত সিদ্ধান্তৰ ওপৰত কাম কৰি থকা হৈছে । নেতান্যাহুৱে বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি চুক্তিখন সুৰক্ষিত কৰাত তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

  • ইজৰাইলৰ আদৰণি

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰ্জোগে কয় যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত বন্দী কৰা লোকসকলক ঘূৰাই অনাৰ বাবে এই চুক্তিয়ে সঠিক পদক্ষেপ আছিল ।

ইজৰাইলী পৰিসংখ্যা অনুসৰি হামাছৰ এই আক্ৰমণ ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ আছিল । য'ত ১,২১০ গৰাকী লোকৰ মৃত্যু হৈছিল । তাৰ ভিতৰত বেছিভাগে আছিল সাধাৰণ লোক । অৱশ্যে ইজৰাইলৰ পৰৱৰ্তী আক্ৰমণে গাজাৰ বেছিভাগ অঞ্চলত ধ্বংসলীলা চলাইছিল । ফলত ৪৬০০০ ৰো অধিক লোক নিহত হয় ।

চুক্তিৰ কথা ঘোষণা হৈছে যদিও এতিয়াও গাজাৰ বহু অঞ্চলত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে । গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই উল্লেখ কৰা মতে চুক্তি ঘোষণাৰ পিছত ইজৰাইলৰ আক্ৰমণত প্ৰায় ২০ গৰাকী লোক নিহত হৈছে ।

  • মধ্যস্থতাকাৰী দেশ আশাবাদী

কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান বিন জছিম আল-থানিয়ে বুধবাৰে এক সংবাদমেলত কয় যে গাজা ষ্ট্ৰিপৰ দুই যুঁজাৰুয়ে এক চুক্তিত উপনীত হৈছে । তেওঁ লগতে কয় যে দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি দেওবাৰে কাৰ্যকৰী হ'ব ।

তেওঁ কয়, "আমি আশা কৰো যে ই যুদ্ধৰ অন্তিম পৃষ্ঠা হ'ব আৰু আমি আশা কৰো যে সকলো পক্ষই এই চুক্তিৰ সকলো চৰ্তাৱলী কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব ।"

ইফালে বাইডেনেও কয় যে এই দিনটোৰ বাবে তেওঁ সন্তুষ্ট আৰু এই আলোচনা তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ কঠিন আছিল বুলিও উল্লেখ কৰে । বাইডেন আশাবাদী যে চুক্তিৰ দ্বিতীয় পৰ্যায়ত যুদ্ধৰ স্থায়ী সমাপ্তি ঘটিব ।

  • গাজা আৰু তেল আভিভত আনন্দৰ বন্যা

চুক্তিৰ কথা পোহৰলৈ অহাৰ লগে লগে গাজাত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । এই চুক্তিক উদযাপন কৰিছে গাজাবাসীয়ে । একেদৰে তেল আভিভতো প্ৰতিবাদকাৰীসকলে বন্দীসকলক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে ।

হামাছেও কৈছে যে যুদ্ধবিৰতি হৈছে মহান পেলেষ্টাইনী জনসাধাৰণৰ স্থিৰতা আৰু গাজা ষ্ট্ৰিপত সাহসী প্ৰতিৰোধৰ ফলাফল । কাটাৰৰ শ্বেখ মহম্মদে কয় যে মধ্যস্থতাকাৰী দেশে কায়ৰোত অৱস্থিত এটা সংস্থাৰ জৰিয়তে যুদ্ধবিৰতিৰ কাৰ্যকৰীকৰণ নিৰীক্ষণ কৰিব । প্ৰাৰম্ভিক ৪২ দিনীয়া যুদ্ধবিৰতিৰ সময়ত ৩৩ গৰাকী বন্দীক মুকলি কৰি দিয়া হ'ব ।

লগতে প্ৰথম পৰ্যায়ত ইজৰাইলী বাহিনীয়ে গাজাৰ ঘন বসতিপূৰ্ণ অঞ্চলসমূহৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব যাতে বিনিময়ৰ অনুমতি দিয়া হয় । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ইজৰাইলী বন্দীসকলৰ বিনিময়ত মুকলি কৰিব লগা পেলেষ্টাইনী বন্দীৰ সংখ্যা প্ৰাৰম্ভিক ৪২ দিনত চূড়ান্ত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিয়ে গাজাত জৰুৰী মানৱীয় সাহায্য ত্বৰান্বিত কৰাৰ গুৰুত্বৰ প্ৰতি আঙুলিয়াই দিয়ে আৰু চুক্তিৰ বাতৰিক আদৰণি জনায় । ইজিপ্তৰ চৰকাৰী সম্পৰ্কীয় আল-কাহেৰা সংবাদ মাধ্যমে এটা নিৰ্দিষ্ট সূত্ৰৰ উদ্ধৃতি দি কয় যে ইজিপ্তৰ সৈতে গাজাৰ সীমান্তত থকা ৰাফা ক্ৰছিং পুনৰ মুকলি কৰাৰ বাবে সমন্বয় চলি আছে ।

লগতে পঢ়ক :হামাছৰ যুদ্ধবিৰতি-বন্দী চুক্তি; পথ প্ৰশস্ত হৈছে প্ৰথম পৰ্যায়ত ৩৩ বন্দীৰ মুক্তিৰ - HAMAS ISRAEL CEASEFIRE DEAL