ETV Bharat / international

বিমান দুৰ্ঘটনা : আজাৰবাইজানৰ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰিলে পুটিনে

ৰাছিয়াৰ গ্ৰোজনি অভিমুখি আজাৰবাইজান এয়াৰলাইনছৰ যাত্ৰীবাহী বিমান পশ্চিম কাজাখস্তানত দুৰ্ঘটনাগ্ৰস্ত । সন্দেহৰ আঙুলি ৰাছিয়ালৈ ।

AZERBAIJANI PLANE CRASH
আজাৰবাইজান এয়াৰলাইনছ (AP)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 9:46 PM IST

3 Min Read
Choose ETV Bharat

মস্কো: আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ গ্ৰোজনি অভিমুখে গৈ থকা আজাৰবাইজান এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমান বুধবাৰে পশ্চিম কাজাখস্তানত দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩৮ জন লোকৰ মৃত্যু হয় । আকটাউ চহৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আছিল আজাৰবাইজান এয়াৰলাইনছৰ । এমব্ৰেয়াৰ ১৯০-এ কাস্পিয়ান সাগৰৰ পূব পাৰত থকা তৈল আৰু গেছকেন্দ্ৰ আকটাউৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত জৰুৰী অৱতৰণ কৰাৰ সময়ত লোককেইজনে প্ৰাণ হেৰুৱায় । এই দুৰ্ঘটনাটোৰ পিচতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শনিবাৰে আজাৰবাইজানী ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ ওচৰত ক্ষমা বিচাৰে ।

বিমানখন যোৱা ২৫ ডিচেম্বৰত আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা চেচনিয়াৰ ৰাছিয়াৰ আঞ্চলিক ৰাজধানী গ্ৰোজনিলৈ উৰা মাৰি যেতিয়া কাজাখস্তানৰ ফালে উভতি অৱতৰণৰ চেষ্টা কৰে তেতিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় । তাত ২৯ জন যাত্ৰী জীৱিত অৱস্থাত উদ্ধাৰ হয় ।

ক্ৰেমলিনে কয় যে পুটিনে তেওঁৰ আজাৰবাইজান সমকক্ষ ইলহাম আলিয়েভক জনাইছিল যে আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে গ্ৰ’জনিত অৱতৰণ কৰিবলৈ চেষ্টা কৰা সময়ত ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা সক্ৰিয় আছিল ।

এই সপ্তাহৰ আৰম্ভণিতে পশ্চিম কাজাখস্তানত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন দুৰ্ঘটনাক্ৰমে গুলীবৰ্ষণ কৰা হ'ব পাৰে বুলি চৰ্চা হোৱাৰ লগে লগে পুটিনে আলিয়েভক ফোন কৰি কয় যে বিমানখনে গ্ৰোজনিত কেইবাবাৰো অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল । এই সময়ছোৱাত গ্ৰোজনী (চহৰ) মোজডক আৰু ভ্লাদিকাভকাজক ইউক্ৰেইনৰ যুঁজাৰু ড্ৰোনে আক্ৰমণ কৰিছিল আৰু ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই এই আক্ৰমণপ্ৰতিহত কৰে । অৱশ্য়ে ৰাছিয়াৰ নেতাগৰাকীয়ে দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই । এই ঘটনাটো ৰাছিয়াৰ আকাশসীমাত সংঘটিত হোৱা বাবেহে আলিয়েভৰ ওচৰত ক্ষমা বিচাৰে পুটিনে ।

এক বিবৃতিটোত কোৱা হয়,"ভ্লাদিমিৰ পুটিনে ক্ষমা বিচাৰিছে এই শোকাৱহ ঘটনাটো ৰাছিয়াৰ বিমান ক্ষেত্ৰত সংঘটিত হোৱা বাবেহে । তেওঁ মৃতকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ।" ক্ৰেমলিনে কয় যে এই দুৰ্ঘটনা সন্দৰ্ভত উত্থাপিত প্ৰশ্ন বিতংভাৱে আলোচনা কৰা হৈছে ।

আজাৰবাইজানৰ নেতা আলিয়েভে পুটিনক কৈছিল যে আজাৰবাইজানী এয়াৰলাইনছৰ বিমানখন প্ৰথমে ৰাছিয়াৰ ওপৰত বাহ্যিক ভৌতিক আৰু কাৰিকৰী হস্তক্ষেপৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল । ইপিনে,বাকুৰ ৰাষ্ট্ৰপতিয়ে এক বিবৃতিত এইদৰে কয় "ৰাষ্ট্ৰপতি ইলহাম আলিয়েভে গুৰুত্ব আৰোপ কৰিছিল যে আজাৰবাইজান এয়াৰলাইনছৰ যাত্ৰীবাহী বিমানখনে ৰাছিয়াৰ আকাশসীমাত থাকোতে বাহ্যিক ভৌতিক আৰু কাৰিকৰী হস্তক্ষেপৰ সন্মুখীন হৈছিল যাৰ ফলত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাইছিল ।"

ইয়াত আলিয়েভে বিমানখনৰ ফ্লুজেজত থকা একাধিক ছিদ্ৰ, বিমানৰ মাজভাগত কেবিনত প্ৰৱেশ কৰা বিদেশী কণাৰ ফলত যাত্ৰী আৰু কৰ্মচাৰীৰ আঘাত আৰু জীৱিত বিমান সেৱক আৰু যাত্ৰীসকলৰ সাক্ষ্যই বাহ্যিক ভৌতিক আৰু কাৰিকৰী হস্তক্ষেপৰ প্ৰমাণ নিশ্চিত কৰে।

আজাৰবাইজানৰ বিষয়াসকলৰ বিবৃতি অনুসৰি বাকুৱে বিশ্বাস কৰে যে বিমানখন মধ্য বতাহত আঘাতপ্ৰাপ্ত হৈছিল । আনহাতে, আমেৰিকাই কৈছে যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা দুৰ্ঘটনাটোৰ বাবে দায়ী হ'ব পাৰে । শুক্ৰবাৰে এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়া আৰু এজন আজাৰবাইজানী মন্ত্ৰীয়ে দুৰ্ঘটনাটোক বাহ্যিক অস্ত্ৰৰ বাবে সংঘটিত হোৱা বুলি পৃথক বিবৃতি প্ৰকাশ কৰে ।

লগতে পঢ়ক:পশ্চিম কাজাখস্তানত বিমান দুৰ্ঘটনা - AZERBAIJAN AIRLINES JET CRASHES

ব্ৰাজিলৰ গ্ৰামাডোত বিমান দুৰ্ঘটনাগ্ৰস্ত: আটাইকেইগৰাকী যাত্ৰীৰেই মৃত্য়ু - BRAZIL PLANE CRASH