ETV Bharat / international

বেংককত ৰামায়ণৰ থাই সংস্কৰণৰ মঞ্চায়ন উপভোগ কৰি অভিভূত প্ৰধানমন্ত্ৰী - PM MODI THAILAND VISIT

ভাৰতনাট্যম আৰু থাইলেণ্ডৰ খোন নৃত্যৰ সংমিশ্ৰণৰ জৰিয়তে মহাকাব্যখন উপস্থাপন কৰা হয় ।

PM Modi Thailand Visit
ৰামায়ণৰ থাই সংস্কৰণৰ মঞ্চায়ন উপভোগ মোদীৰ (ANI)
author img

By ANI

Published : April 3, 2025 at 2:23 PM IST

2 Min Read

বেংকক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰামায়ণৰ থাই সংস্কৰণ ৰামাকিয়েন উপভোগ কৰে । এক্কালাক নু-নগ'য়েনে থাইলেণ্ডৰ বুন্দিতপাটানাচিলপা ইনষ্টিটিউটৰ সংগীত-নাটক ফেকাল্টিৰ শিক্ষাৰ্থীৰ এটা দলৰ সৈতে মিলি ভাৰতৰ ভাৰতনাট্যম আৰু থাইলেণ্ডৰ খোন নামৰ দুই প্ৰকাৰৰ নৃত্যৰ সংমিশ্ৰণৰ জৰিয়তে মহাকাব্যখন উপস্থাপন কৰে ।

কালজয়ী মহাকাব্য ৰামায়ণে ভাৰত আৰু থাইলেণ্ড দুয়ো ঠাইতে এক বিশেষ স্থান দখল কৰি আছে । এয়া হৈছে অযোধ্যা বা আয়ুথায়াৰ ৰাজকুমাৰ ভগৱান ৰামৰ কাহিনী । থাই অভিযোজনত ভগৱান ৰামক ফ্ৰা ৰাম হিচাপে চিত্ৰিত কৰা হৈছে ।

অৱশ্যে দুয়োটা সংস্কৰণতে ত্যাগ, কৰ্তব্য, ভক্তি আৰু দুষ্টৰ ওপৰত সাধুৰ জয়ৰ একেই গুণগান গোৱা হাছে । এই মহাকাব্যখন ভাৰত আৰু থাইলেণ্ডৰ মাজত অংশীদাৰিত্বমূলক সাংস্কৃতিক ঐতিহ্যৰ এক উদাহৰণ । কিয়নো দুয়োটা সংস্কৃতিতে একে ধৰণৰ মূল্যবোধ দেখা যায় ।

PM Modi Thailand Visit
অনুষ্ঠান উপভোগ কৰি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী (ANI)

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ সন্দৰ্ভত থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা উপমন্ত্ৰী লালিভান কাৰ্ণচানাচাৰীয়ে এ এন আইক কয়, "আজি আমি প্ৰধানমন্ত্ৰী মোদীক আমাৰ সুন্দৰ দেশলৈ স্বাগতম জনাইছো । কিয়নো তেওঁ আমাৰ ইয়াত বিমষ্টেকৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছে । আমি এই প্ৰদৰ্শনৰ সময়ত ভাৰতীয় আৰু থাই সংস্কৃতিৰ মিশ্ৰণ দেখুৱাইছো । প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত এক অতি উৎকৃষ্ট সময় অতিবাহিত কৰিব ।"

আনহাতে, ৰামায়ণৰ থাই সংস্কৰণ ৰামাকিয়েন পৰিবেশন কৰা এগৰাকী শিল্পীয়ে কয়, "আজি আমি অতি সুখী যে আমি ৰামায়ণ আৰু ৰামাকিয়েন আৰু থাই ধ্ৰুপদী আৰু ভাৰতনাট্যম দুয়োৰে সংমিশ্ৰণ প্ৰধানমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট অতিথিৰ সন্মুখত উপস্থাপন কৰিছো ।"

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বেংককৰ হোটেলত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গৰ্বা নৃত্যৰ প্ৰদৰ্শন উপভোগ কৰে । তেওঁৰ আগমনৰ পিছত প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে উষ্ম আদৰণি জনায় ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিমষ্টেক নেতাসকলৰ সন্মিলনত আগন্তুক আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অধীৰ অপেক্ষাৰে আছে । তেওঁক থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰী সুৰিয়া জংৰুংৰেয়াংকিটে বিমানবন্দৰত আদৰণি জনায় ।

মোদীৰ আগমনৰ পিছত বিমানবন্দৰৰ পৰা শ্বেয়াৰ কৰা ফটোত তেওঁক হাত মিলাই থকা আৰু উচ্ছ্বসিত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰা দেখা যায় ।

লগতে পঢ়ক :বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী - PM MODI THAILAND VISIT
লগতে পঢ়ক :অশোক চক্ৰৰ অৰ্থ কি ? চিলিৰ ৰাষ্ট্ৰপতিক বুজালে মোদীয়ে - CHILE PRESIDENT ON ASHOK CHAKRA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.