ETV Bharat / international

জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্নীৰ আমন্ত্ৰণৰ্মে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশখনত উপস্থিত হয় ।

PM Modi arrives in Canada for G7 Summit
কানাডাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী (PTI)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 12:32 PM IST

6 Min Read
Choose ETV Bharat

কেলগাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানানাস্কিছত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে কানাডাত ৷ বিগত এক দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিশ্বৰ শীৰ্ষ নেতাসকল কানাডাত উপস্থিত হৈছে ৷

প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণমৰ্মে তিনিখন দেশৰ ভ্ৰমণসূচীত সম্প্ৰতি ব্যস্ত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) চাইপ্ৰাছৰ পৰা আহি কানাডাত উপস্থিত হয় । ১৬-১৭ জুনত কানানাস্কিত অনুষ্ঠিত হ’বলগীয়া সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে(জি-৭ শীৰ্ষ সন্মিলন) ক্ৰমাগত ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এনেদৰে প্ৰকাশ কৰে - “এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে জি-৭ দেশৰ নেতা, অন্যান্য আমন্ত্ৰিত বাহিৰৰ দেশৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব ৷ বিশেষকৈ এ আই-শক্তিৰ সংযোগ আৰু কোৱাণ্টাম সম্পৰ্কীয় বিষয়সমূহে এই সমাৱেশত প্ৰাধান্য লাভ কৰিব ।”

PM MODI IN G7 SUMMIT
কানাডাৰ কেলগাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হৈছে (PTI)

২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ এমাহ পিছত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলনৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ।

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কাৰ্নীয়ে মোদীক আমন্ত্ৰণ জনোৱাটোৱে নতুন দিল্লীৰ সৈতে বিচ্ছিন্নতাবাদী খালিস্তানী সমৰ্থক হৰদ্বীপ সিং নিজাৰৰ হত্যাকাণ্ডক লৈ অৱনতি ঘটা সম্পৰ্কটো পুনৰ পূৰ্বৰ ৰূপলৈ ঘূৰাই অনাৰ ইংগিত বহন কৰিছে ৷

যোৱা বছৰৰ অক্টোবৰ মাহত ভাৰতে নিজৰ উচ্চায়ুক্ত আৰু আন পাঁচজন কূটনীতিবিদক প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাইছিল, কাৰণ অট’ৱাই তেওঁলোকক নিজাৰৰ গোচৰটোৰ সৈতে সাঙুৰিবলৈ চেষ্টা কৰিছিল ৷ ভাৰতে সমসংখ্যক কানাডাৰ কূটনীতিবিদক বহিষ্কাৰ কৰিছিল । জাষ্টিন ট্ৰুডো চৰকাৰে কানাডাৰ ভূমিৰ পৰা খালিস্তান সমৰ্থকক চলা-ফুৰা কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া বুলি ভাৰতে অভিযোগ উত্থাপন কৰিছিল ।

ট্ৰুডোৰ শীৰ্ষ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছত মাৰ্চ মাহত কানাডাৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল অৰ্থনীতিবিদ আৰু ৰাজনৈতিক নৱাগত কাৰ্নীয়ে । ট্ৰুডোৰ প্ৰস্থানৰ পিছত নতুন দিল্লীয়ে কয় যে কানাডাৰ সৈতে “পাৰস্পৰিক বিশ্বাস আৰু সংবেদনশীলতাৰ” ভিত্তিত পুনৰ সম্পৰ্ক গঢ়ি তোলাৰ আশা কৰিছে । যোৱা কেইমাহমানৰ পৰা ভাৰত আৰু কানাডাৰ নিৰাপত্তাৰক্ষী বিষয়াসকলে পুনৰ যোগাযোগ আৰম্ভ কৰাৰ লগতে দুয়োপক্ষই নতুন উচ্চায়ুক্ত নিযুক্তিৰ সম্ভাৱনাৰ ওপৰত দৃষ্টি আৱদ্ধ ৰাখিছিল ৷

ভাৰত আৰু কানাডাক “জীৱন্ত গণতন্ত্ৰ” বুলি অভিহিত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সপ্তাহত কয়, ‘‘নতুন দিল্লীয়ে বিশ্বাস কৰে যে জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত আগন্তুক দ্বি-পাক্ষিক বৈঠকে সম্পৰ্ক পুনৰ স্থাপনৰ বাবে মত বিনিময় আৰু পথ অন্বেষণৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব । ২০১৫ চনত প্ৰধানমন্ত্ৰী মোদীয়ে অন্তিমবাৰৰ বাবে কৰা ভ্ৰমণৰ সময়ত দ্বি-পাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল ।’’

২০২৪ চনত বয়বস্তুৰ দ্বি-পাক্ষিক বাণিজ্য আছিল ৮.৬ বিলিয়ন মাৰ্কিন ডলাৰ । ভাৰতে ৪.২ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল আৰু ৪.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী আমদানি কৰিছিল । ২০২৪ চনত আগবঢ়োৱা সেৱাসমূহৰ দ্বি-পাক্ষিক বাণিজ্য ১৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ ৷ ভাৰতে ২.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সেৱা ৰপ্তানি আৰু ১১.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ সেৱা আমদানি কৰিছিল ।

ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ ফলত উদ্ভৱ হোৱা বাণিজ্য যুদ্ধকে ধৰি ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে কানাডাত জি-৭ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে ।

দেওবাৰে জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানানাস্কিছত উপস্থিত হোৱা ট্ৰাম্পে কাৰ্নীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ’ব । শীৰ্ষ সন্মিলনৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কি আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম পাৰ্ডোৰ সৈতেও দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

কানাডাই চলিত বৰ্ষৰ ১ জানুৱাৰীত জি-৭ ৰ বাৰ্ষিক ঘূৰণীয়া মেলৰ আয়োজন কৰে, য’ত ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰে, যিটো জি-৭ শীৰ্ষ সন্মিলনৰ ৫০ বছৰীয়া জয়ন্তীৰ প্ৰতীক ৷ গ্ৰুপ অৱ চেভেন (G7) হৈছে বিশ্বৰ উন্নত অৰ্থনীতিৰ দেশ ক্ৰমে- ফ্ৰান্স, আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, জাপান, ইটালী, কানাডা আৰু ইউৰোপীয় সংঘৰ এক অনানুষ্ঠানিক গোট । ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে প্ৰতি বছৰে জি-৭ শীৰ্ষ সন্মিলনত বৈঠকত মিলিত হৈ বিশ্ব অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতক বিগত কেইবছৰমানৰ পৰা জি-৭ শীৰ্ষ সন্মিলনৰ আউটৰিচ অধিবেশনলৈ নিয়মীয়াকৈ আমন্ত্ৰণ জনোৱা হৈছে । ভাৰতে আজিলৈকে এঘাৰখন জি-৭ ছামিট আউটৰিচ অধিবেশনত অংশগ্ৰহণ কৰিছে - ২০০৩ (ফ্ৰান্স), ২০০৫ (ব্ৰিটেইন), ২০০৬ (ৰাছিয়া), ২০০৭ (জাৰ্মানী), ২০০৮ (জাপান), ২০০৯ (ইটালী), ২০১৯ (ফ্ৰান্স), ২০২১ (ব্ৰিটেইন), ২০২২ (জাৰ্মানী), ২০২৩ (জাপান) আৰু ২০২৪ (ইটালী) ।

এক বিবৃতি অনুসৰি ৫১ সংখ্যক জি-৭ শীৰ্ষ সন্মিলনৰ আউটৰিচ ছেগমেণ্টৰ এক অধিবেশন হ’ব । ৰাছিয়া-ইউক্ৰেইন সংঘাতকে ধৰি বিশ্বজুৰি সন্মুখীন হোৱা জৰুৰী প্ৰত্যাহ্বান আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত এই সন্মিলনত আলোচনা কৰা হ’ব ।

বিদেশত ভাৰতীয় প্ৰব্ৰজনকাৰী দেশসমূহৰ ভিতৰত কানাডা অন্যতম, ইয়াৰ জনসংখ্যাৰ প্ৰায় ৪.৫% ৷ ভাৰতীয় মূলৰ প্ৰায় ১৮ লাখ লোক কানাডিয়ান (যাৰ ভিতৰত শিখ জনসংখ্যা প্ৰায় ৭ লাখ ৭০ হাজাৰ) আৰু ১০ লাখ অনা-আবাসী ভাৰতীয় (এন আৰ আই), যিসকল ছাত্ৰ, শ্ৰমিক, অস্থায়ী শ্ৰমিক ইত্যাদিৰ দৰে কানাডাৰ বিভিন্ন পদবীত আছে ।

ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল ঐতিহাসিকভাৱে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সৰ্ববৃহৎ গোট, ২০২২ চনৰ হিচাপ অনুসৰি ৪১% ছাত্ৰ-ছাত্ৰী সম্প্ৰতি কানাডাত আছে । কিন্তু শেহতীয়াকৈ অনুপ্ৰৱেশৰ কঠোৰতাই ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সুযোগ আৰু কানাডাৰ বিশ্ববিদ্যালয়ৰ বিত্তীয় দুয়োটা দিশতে প্ৰভাৱ পেলাইছে ।

লগতে পঢ়ক: ইৰাণৰ শীৰ্ষ নেতা খামেনেইক হত্যাৰ পৰিকল্পনা নাকচ কৰিছিল ট্ৰাম্পে