ETV Bharat / international

৮৮ বছৰ বয়সত জীৱন নাট সামৰিলে পোপ ফ্ৰান্সিছে - POPE FRANCIS NO MORE

সোমবাৰে পুৱা ৭.৩৫ বজাত ৰোমৰ বিশ্বপ ফ্ৰান্সিছ পিতৃগৃহলৈ উভতি যোৱা বুলি ভেটিকানে ঘোষণা কৰে ।

Pope Francis no more
পোপ ফ্ৰান্সিছৰ মৃত্যু (AP)
author img

By ANI

Published : April 21, 2025 at 2:48 PM IST

Updated : April 21, 2025 at 3:48 PM IST

3 Min Read

ভেটিকান চিটি: খ্ৰীষ্টানসকলৰ (কেথলিক) সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছৰ দেহাৱসান । সোমবাৰে জাৰি কৰা ভেটিকানৰ এক বিবৃতি অনুসৰি, ইষ্টাৰ সোমবাৰে ভেটিকানৰ কাছা ছাণ্টা মাৰ্টাত থকা নিজৰ বাসগৃহত ৮৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

ইষ্টাৰ সোমবাৰে পুৱা ৯.৪৫ বজাত এপষ্টোলিক চেম্বাৰৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফাৰেলে কাছা ছাণ্টা মাৰ্টাত এইদৰে কয়, "মৰমৰ ভাই-ভনীসকল, গভীৰ দুখেৰে মই আমাৰ পবিত্ৰ ফাদাৰ ফ্ৰান্সিছৰ মৃত্যুৰ কথা ঘোষণা কৰিব লাগিব । আজি পুৱা ৭.৩৫ বজাত ৰোমৰ বিশ্বপ ফ্ৰান্সিছ ভগৱানৰ ঘৰলৈ উভতি গ'ল । তেওঁৰ সমগ্ৰ জীৱনটো প্ৰভু আৰু তেওঁৰ গীৰ্জাৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল । তেওঁ আমাক শুভবাৰ্তাৰ মূল্যবোধক বিশ্বস্ততা, সাহস আৰু সাৰ্বজনীন প্ৰেমেৰে জীয়াই থাকিবলৈ শিকাইছিল, বিশেষকৈ আটাইতকৈ দৰিদ্ৰ আৰু আটাইতকৈ উপেক্ষিত লোকসকলৰ পক্ষত । প্ৰভু যীশুৰ এগৰাকী প্ৰকৃত শিষ্য হিচাপে তেওঁৰ উদাহৰণৰ বাবে অপৰিসীম কৃতজ্ঞতাৰে আমি পোপ ফ্ৰান্সিছৰ আত্মাক আন এক ত্ৰিলোকৰ ভগৱানৰ অসীম দয়ালু প্ৰেমৰ বাবে অৰ্পণ কৰিলোঁ ।"

Pope Francis no more
এক অনুষ্ঠানত পোপ ফ্ৰান্সিছ (ANI)

উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত পোপে ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ বেলকনিৰ পৰা ভেটিকান স্কোৱেৰত সমবেত হোৱা হাজাৰ হাজাৰ লোকলৈ তেওঁৰ ইষ্টাৰ বাৰ্তা প্ৰদান কৰিছিল ।

ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী ৮৮ বছৰীয়া পোপক শেহতীয়াভাৱে ৰোমৰ জেমেলি চিকিৎসালয়ৰ পৰা আহিবলৈ দিয়া হৈছিল । তাত তেওঁ পাঁচ সপ্তাহ ধৰি সংক্ৰমণৰ চিকিৎসা গ্ৰহণ কৰি আছিল । তেওঁ দুবাৰকৈ নিউমোনিয়াত আক্ৰান্ত হৈছিল ।

ইষ্টাৰ দেওবাৰে তেওঁ ৰোম চহৰ আৰু বিশ্বক 'উৰ্বি এট অৰ্বি' (Urbi et Orbi) আশীৰ্বাদ আগবঢ়াবলৈ সক্ষম হৈছিল । উল্লেখ্য যে কেৱল পোপেহে এই আশীৰ্বাদ আগবঢ়াব পাৰে । ইয়াত পাপৰ প্ৰভাৱৰ বাবে ক্ষমাদানৰ আবেদন অন্তৰ্ভুক্ত থাকে ।

"যিশুখ্ৰীষ্ট জাগ্ৰত হৈছে ! এই শব্দবোৰে আমাৰ অস্তিত্বৰ সম্পূৰ্ণ অৰ্থ কঢ়িয়াই আনিছে, কাৰণ আমাক মৃত্যুৰ বাবে নহয়, জীৱনৰ বাবেহে তৈয়াৰ কৰা হৈছে ।" পোপৰ অফিচিয়েল Xহেণ্ডেলত দেওবাৰে কোৱা হৈছ ।

ভেটিকান নিউজৰ বাতৰি অনুসৰি, চেইণ্ট পিটাৰ্ছ বেচিলিকাৰ আৰ্কপ্ৰিষ্ট এমিৰেটছ আৰু ভেটিকান চিটিৰ ভিকাৰ জেনেৰেল এমিৰেটছ কাৰ্ডিনেল এঞ্জেলো কোমাষ্ট্ৰীয়ে স্কোৱেৰত প্ৰাৰ্থনাৰ নেতৃত্ব দিয়ে আৰু এই অনুষ্ঠানটোৰ বাবে পোপ ফ্ৰান্সিছৰ প্ৰবচন প্ৰস্তুত কৰে ।

পোপ ফ্ৰান্সিছে তেওঁৰ ইষ্টাৰ 'উৰ্বি এট অৰ্বি' বাৰ্তা বিশ্বজনীন শান্তি, নিৰস্ত্ৰীকৰণ আৰু বন্দীসকলৰ মুক্তিৰ বাবে উৎসৰ্গিত কৰে ।

পোপ ফ্ৰান্সিছ জেচুইট অৰ্ডাৰৰ পূৰ্বে ধৰ্মগুৰু আছিল আৰু অষ্টম শতিকাৰ পিছত ইউৰোপৰ বাহিৰৰ পৰা প্ৰথমগৰাকী ধৰ্মগুৰু । আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জৰ্জ মাৰিঅ বাৰ্গোগ্লিঅ' হিচাপে জন্ম গ্ৰহণ কৰা পোপক ১৯৬৯ চনত এগৰাকী কেথলিক যাজক হিচাপে নিযুক্ত কৰা হৈছিল । ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত পোপ ষোড়শ বেনেডিক্টৰ পদত্যাগৰ পিছত পোপ কনক্লেভে ১৩ মাৰ্চত কাৰ্ডিনেল বাৰ্গোগ্লিঅ'ক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰে । তেওঁ ছেইণ্ট ফ্ৰান্সিছ অব এছিছিৰ সন্মানত ফ্ৰান্সিছক পোপ হিচাপে বাছনি কৰিছিল ।

পোপ ফ্ৰান্সিছৰ মৃত্যুত চৈধ্যদিনীয়া চৰকাৰী শোকৰ কথা ঘোষণা কৰা হৈছে । ইয়াৰ পিছত কাৰ্ডিনেলসকলে নতুন পোপ নিৰ্বাচনৰ বাবে সন্মিলন অনুষ্ঠিত কৰিব ।

লগতে পঢ়ক :পাকিস্তানত হিন্দু মন্ত্ৰী খিল দাসৰ ওপৰত আক্ৰমণ, তদন্তৰ নিৰ্দেশ শ্বাহবাজ শ্বৰীফৰ - HINDU MINISTER ATTACKED IN PAKISTAN
লগতে পঢ়ক :য়েমেনৰ হুথিৰ ঘাটিত আমেৰিকাৰ আক্ৰমণত ৩ জন নিহত - US STRIKES

Last Updated : April 21, 2025 at 3:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.