শ্ৰীলংকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ - Sri Lanka President Election
Sri Lanka Polling : তিনিকোণীয়া নিৰ্বাচনী যুঁজখনত বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰমসিংহেয়ে নেচনেল পিপ'লছ পাৱাৰৰ ৫৬ বছৰীয়া অনুৰা কুমাৰা দিশানায়কে আৰু চামাগি জন বালাৱেগয়া দলৰ নেতা তথা মুখ্য বিৰোধী নেতা ৫৭ বছৰীয়া চাজিথ প্ৰেমদাসাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।

By PTI
Published : September 21, 2024 at 9:37 AM IST
নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : শ্ৰীলংকাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰপতি নিৰ্বাচন শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে । ২০২২ চনত আটাইতকৈ শোচনীয় অৰ্থনৈতিক মন্দাৱস্থাত পৰাৰ পিচত দ্বীপৰাষ্ট্ৰখনৰ এইটো হৈছে প্ৰথম মুখ্য গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া । নিৰ্বাচনত প্ৰায় ১৭ নিযুত যোগ্য ভোটদাতাই ১৩,৪০০ তকৈও অধিক ভোটকেন্দ্ৰত ভোটদান কৰিব আগবাঢ়িছে ।
আনহাতে, নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ২ লাখতকৈও অধিক বিষয়া নিয়োজিত কৰা হৈছে । সমগ্ৰ প্ৰক্ৰিয়াক ৬৩,০০০ সুৰক্ষা কৰ্মীয়ে সুৰক্ষা প্ৰদান কৰিব । ভোটদান প্ৰক্ৰিয়া পুৱা ৭ বজাত আৰম্ভ হৈছে আৰু ই সন্ধিয়া ৫ বজালৈকে চলিব । আনহাতে, দেওবাৰৰ ভিতৰত ফলাফলৰ আশা কৰা হৈছে । ভোটাৰসকলে ৩৮ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা তেওঁলোকৰ পছন্দৰ ৰাষ্ট্ৰপতিগৰাকী বাছনি কৰিব ।
উল্লেখ্য যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৭৫ বছৰীয়া ৰণিল বিক্ৰমসিংহেয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁ দেশখনক অৰ্থনৈতিক সংকটৰ পৰা উলিয়াই অনাৰ প্ৰচেষ্টাত সফল হৈছিল আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । বহু বিশেষজ্ঞই তেওঁক বিশ্বৰ দ্ৰুততম পুনৰুদ্ধাৰক হিচাপে অভিহিত কৰিছে ।
তিনিকোণীয়া নিৰ্বাচনী যুঁজখনত বিক্ৰমসিংহেয়ে নেচনেল পিপ'লছ পাৱাৰৰ (National People's Power, NPP) ৫৬ বছৰীয়া অনুৰা কুমাৰা দিশানায়কে আৰু চামাগি জন বালাৱেগয়া (Samagi Jana Balawegaya, SJB) তথা মুখ্য বিৰোধী নেতা ৫৭ বছৰীয়া চাজিথ প্ৰেমদাসাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।
উল্লেখ্য যে, ২০২২ চনত শ্ৰীলংকা অৰ্থনৈতিক ব্যৱস্থা পতনৰ লগে লগে এক গণ বিদ্ৰোহে দেখা দিয়ে আৰু ইয়াৰ ফলত তদানীন্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেয়ে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয় । অৱশ্যে যদিও আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (International Monetary Fund, IMF) বেলআউটৰ সৈতে সম্পৰ্কিত কঠোৰ সংস্কাৰৰ সৈতে জড়িত বিক্ৰমসিংহেৰ পুনৰুদ্ধাৰ পৰিকল্পনা খুব কম জনপ্ৰিয় আছিল, ই শ্ৰীলংকাক ঋণাত্মক বিকাশৰ পৰা ক্ৰমাগতভাৱে পুনৰুদ্ধাৰ কৰাত সহায় কৰিছে ।
আনহাতে, শ্ৰীলংকাৰ সংকটে ৫৫ বছৰীয়া দিশানায়কৰ বাবে এক সুযোগ আনি দিছে, যিয়ে দ্বীপটোৰ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক সংস্কৃতি সলনি কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে যথেষ্ট সমৰ্থন লাভ কৰিছে ।
এইবাৰ সংখ্যালঘু তামিল বিষয়টো এই নিৰ্বাচনত তিনিগৰাকী মুখ্য প্ৰতিদ্বন্দ্বীৰ কোনো এজনৰে কাৰ্যসূচীত নাই । ইয়াৰ পৰিৱৰ্তে দেশৰ ক্ষতিগ্ৰস্ত অৰ্থনীতি আৰু ইয়াৰ পুনৰুদ্ধাৰ তিনিওজনৰ মুখ্য প্ৰতিশ্ৰুতি হৈছে । দিশানায়েক আৰু প্ৰেমদাসাই জনসাধাৰণক অধিক অৰ্থনৈতিক সকাহ দিবলৈ আই এম এফ কাৰ্যসূচীৰ সৈতে আগবাঢ়িব বিচাৰিছে ।

