ETV Bharat / international

সংঘৰ্ষৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা আহিব নোৱাৰে: পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্ত কৰিছে যে বিশ্বব্যাপী সংঘৰ্ষই বিশ্ব দক্ষিণৰ দেশসমূহক বিৰূপভাৱে প্ৰভাৱিত কৰিছে, তেওঁ উন্নয়ন সংক্ৰান্তীয় প্ৰত্যাহ্বানবোৰৰ মোকাবিলাৰ বাবে সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

PM Narendra Modi Addresses the 19th East Asia Summit in Laos
আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী মোদী (PTI)
author img

By ETV Bharat Assamese Team

Published : October 11, 2024 at 12:35 PM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 অক্টোবৰ: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাওছত অনুষ্ঠিত ১৯ সংখ্যক পূব এছিয়া সন্মিলনত ভাষণ প্ৰদান কৰি সংঘাত সমাধানৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এয়া যুদ্ধৰ যুগ নহয় বুলি নিজৰ বিশ্বাসৰ কথা দোহাৰি তেওঁ কয়, "সমস্যাৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা আহিব নালাগে।"

সন্ত্ৰাসবাদক বিশ্বশান্তি আৰু নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকি হিচাপে উল্লেখ কৰি মোদীয়ে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ মানৱতাত বিশ্বাসীৱ শক্তিসমূহৰ মাজত সহযোগিতাৰ আহ্বান জনায়। তেওঁ সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মোদীয়ে লগতে কয় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘৰ্ষই দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহক যথেষ্ট প্ৰভাৱিত কৰিছে। তেওঁ এই দেশসমূহৰ উন্নয়ন আৰু স্থিৰতাৰ ওপৰত এই বিবাদবোৰৰ বিৰূপ পৰিণামৰ ওপৰত আলোকপাত কৰে।

লগতে পঢ়ক: পূব এছিয়া শীৰ্ষ সন্মিলন আছিয়ান দেশসমূহৰ সৈতে যোগাযোগ আৰু অধিক গভীৰ কৰাৰ সুযোগ: প্ৰধানমন্ত্ৰী মোদী

তেওঁ লগতে দক্ষিণ চীন সাগৰত নিৰাপত্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰৰ বাবে অঞ্চলটোৰ স্থিৰতা অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নৌ-চলাচল আৰু বায়ু সীমাৰ স্বাধীনতা নিশ্চিত কৰাৰ বাবে সাগৰীয় আইনৰ আধাৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ (ইউএনচিএলওএছ) অধীনত সামুদ্ৰিক কাৰ্যকলাপ চলোৱাৰো পোষকতা কৰে কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ আৰম্ভণিতে টাইফুন য়াগীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি 'অপাৰেচন সদ্ভাৱ'ৰ জৰিয়তে ভাৰতে আগবঢ়োৱা মানৱীয় সহায়ৰ কথা উল্লেখ কৰে। তেওঁ আছিয়ান ঐক্য আৰু মায়ানমাৰ সন্দৰ্ভত পাঁচ দফা সহমতৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে আৰু ইয়াৰ জৰিয়তে দেশখনত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

পূব এছিয়া সন্মিলনক ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে গণ্য কৰা হয়, মোদী হৈছে আজি পৰ্যন্ত অনুষ্ঠিত 19 খন পূব এছিয়া সন্মিলনৰ ভিতৰত 9 খনত অংশগ্ৰহণ কৰা একমাত্ৰ নেতা। উল্লেখ্য চলিত সন্মিলনত আয়োজক আৰু আগন্তুক সভাপতিৰ ঠিক পিছতেই ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা প্ৰথমজন নেতা আছিল প্ৰধানমন্ত্ৰী মোদী ।

লগতে পঢ়ক: ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি; ভাৰতৰ পৰা কেনেদৰে উপকৃত হ'ব আছিয়ান ৰাষ্ট্ৰসমূহ ?