অৰ্থনৈতিক যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙৰ বৈঠক, ভাৰত-চীনৰ সম্পৰ্কক শুধৰণি কৰাৰ চেষ্টা
এছ চি অ'ৰ বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্ব আৰ্থিক ব্য়ৱস্থাত স্থিৰতা আনিবলৈ ভাৰত আৰু চীনে একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ ।

Published : August 31, 2025 at 10:48 AM IST
তিয়াজিন : ভাৰতসহ পৃথিৱীৰ প্ৰায় সকলো মুখ্য অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলোৱা বিতৰ্কিত আমেৰিকান টেৰিফৰ মাজত দেওবাৰে চীনত হ'ব লগা দুদিনীয়া শিখৰ সন্মিলন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনত উপস্থিত হোৱাৰ পিছতে তেওঁক উষ্ম আদৰণি জনোৱা হয় ।
তেওঁ সাত বছৰৰো অধিক সময়ৰ পিছত চীন ভ্ৰমণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে চীনত ছাংহাই সহযোগিতা সংস্থাৰ শিখৰ সন্মিলনত দ্বি-পাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ।
প্ৰধানমন্ত্ৰী মোদী আৰু ঝি জিনপিঙৰ এই বৈঠকত ভাৰত-চীনৰ অৰ্থনৈতিক সম্বন্ধ, পূৰ্বৰ লাডাখ সীমা বিবাদৰ পিছত প্ৰভাৱিত হোৱা সম্বন্ধক সাধাৰণ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ত আলোচনা কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে চীনত উপস্থিত হোৱাৰ পাছতে সামাজিক মাধ্যম এক্সত এটা প'ষ্ট কৰি তেওঁ এছ চি অ' শিখৰ সন্মিলনৰ বাবে উৎসুক বুলি উল্লেখ কৰে । ইয়াৰ মাজতে বিভিন্ন বিষয়ত বিশ্ব নেতাসকলৰ সৈতে বাৰ্তালাপ কৰা হ'ব ।
China’s Indian community accorded a very special welcome in Tianjin. Here are some glimpses. pic.twitter.com/PzAV517ewF
— Narendra Modi (@narendramodi) August 30, 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোটেলত সাংস্কৃতিক কৰ্মীৰ এটা দলে ভাৰতীয় সাস্ত্ৰীয় সংগীতআৰু নৃত্যৰে উষ্ম আদৰণি জনায় । এছ চি অ' শিখৰ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তথা অন্য কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
ভাৰত-চীনৰ ৰাষ্ট্ৰদূত শ্বু ফেইহৌগে তিয়ানজিনত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনাই আৰু চীন-ভাৰতৰ সম্বন্ধত নতুন গতি অনাৰ বিশ্বাস প্ৰদান কৰে । তেওঁ এক্সত এটা প'ষ্টত কয়,"এছ চি অ' শিখৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক স্বাগতম । আমি বিশ্বাস কৰো যে এই ভ্ৰমণে দুয়োখন দেশৰ সম্বন্ধক প্ৰগতি আনিব ।"
তিয়ানজিনলৈ নিজৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্ব আৰ্থিক ব্যৱস্থাত স্থিৰতা অনাৰ বাবে ভাৰত আৰু চীনে একলগে কাম কৰাটো প্ৰয়োজন । মোদীয়ে শুকুৰবাৰে প্ৰকাশ পোৱা এটা সাক্ষাৎকাৰত কয়, "বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত আহি পৰা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য অৰ্থনৈতিক ব্যৱস্থাত স্থিৰতা আনিবলৈ ভাৰত আৰু চীনে একেলগে কাম কৰাটো মহত্বপূৰ্ণ ।"
Landed in Tianjin, China. Looking forward to deliberations at the SCO Summit and meeting various world leaders. pic.twitter.com/gBcEYYNMFO
— Narendra Modi (@narendramodi) August 30, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ চীনৰ বিদেশ মন্ত্ৰী ৱাংগৰ ভাৰত ভ্ৰমণৰ এপষেকৰো কম সময়ত কৰিছে । বিদেশমন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে ৱাংগৰ আলোচনাৰ পিছত দুয়োপক্ষই দুয়োপক্ষৰ মাজত স্থিৰ, সহযোগিতামূলক আৰু দূৰদৰ্শী সম্বন্ধৰ বাবে বহু উপায় ঘোষণা কৰিছিল ।
এই উপায়সমূহৰ ভিতৰত সীমান্তত শান্তি বৰ্তাই ৰখা, সীমাৰ ব্যৱসায় পুনৰ আৰম্ভ কৰা আৰু অতিশীঘ্ৰে পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰা আদি আছিল । শেহতীয়া কেইমাহমান ধৰি দুয়োপক্ষই নিজৰ সম্বন্ধ পুনৰ স্থাপন কৰাৰ বাবে বহু চেষ্টা কৰিছিল । যি ২০২০ চনৰ গলৱান ঘাটিত সংঘটিত ঘাটক সংঘাতৰ পিছত গভীৰ চাপ পৰিছিল ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ২০১৮ চনত ছাংহাই সহযোগিতা সংস্থাৰ শিখৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে চীনলৈ গৈছিল । চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ২০১৯ চনত দ্বিতীয় অনৌপচাৰিক শিখৰ বাৰ্তাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল । এছ চি অ'ত দহখন সদস্য ৰাষ্ট্ৰ আছে ।
ভাৰতৰ উপৰিও ৰাছিয়া, চীন, বেলাৰুছ, ইৰাণ, কাজাখিস্তান, কিৰ্গিস্তান, পাকিস্তান, তাজাকিস্তান আৰু উজবেকিস্তান ইয়াৰ সদস্য । লগতে কেইবাটাও সংবাদগোষ্ঠীও আছে । ভাৰত ২০১৭ৰ পৰা এছ চি অ'ৰ সদস্য হৈ আছে আৰু ২০০৫ চনত পৰ্যবেক্ষক আছিল ।

