ETV Bharat / international

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপত কোনো সংকোচ থাকিব নালাগে: প্ৰধানমন্ত্ৰী

ব্ৰিকছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ সমালোচনা । সন্ত্ৰাসবাদৰ বলি হোৱা আৰু সমৰ্থকসকলক একেখন তুলাচনীত ওজন কৰিব নোৱাৰি বুলিও ক'লে প্ৰধানমন্ত্ৰীয়ে ।

At BRICS, PM Modi Talks Tough On Terror
ব্ৰিকছ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (X@NarendraModi)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 2:44 PM IST

4 Min Read
Choose ETV Bharat

ৰিঅ’ ডি জেনেৰিঅ': সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাত কোনো সংকোচ কৰা উচিত নহয় । সন্ত্ৰাসবাদৰ বলি হোৱা আৰু সমৰ্থকসকলক একেখন তুলাচনীতেই ওজন কৰিব নোৱাৰি বুলি মন্তব্য় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেওবাৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰচেষ্টাৰে যুঁজ দিবলৈ সকলোকে আহ্বান জনাইছে ।

শান্তি আৰু নিৰাপত্তা বিষয়ক অধিৱেশনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘নিষ্ঠুৰ আৰু কাপুৰুষালি’ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ভাৰতৰ ‘আত্মা, পৰিচয় আৰু মৰ্যাদা’ৰ ওপৰত প্ৰত্যক্ষ আঘাত । সন্ত্ৰাসবাদক বিশ্বজুৰি সন্মুখীন হোৱা 'সবাটোকৈ গুৰুতৰ' প্ৰত্যাহ্বান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ২২ এপ্ৰিলৰ আক্ৰমণ কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ মানৱতাৰ বাবেও এক আঘাত ।

ব্ৰাজিলৰ সমুদ্ৰ তীৰৰ চহৰখনত দুদিনীয়া বাৰ্ষিক শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই ব্ৰিকছৰ শীৰ্ষ নেতাসকলে বিশ্বই সন্মুখীন হোৱা একাধিক জৰুৰী প্ৰত্যাহ্বানৰ ওপৰত আলোচনাত মিলিত হয় । ভাৰত আৰু পাকিস্তানী সেনাৰ মাজত যোৱা ৭-১০ মে’ত হোৱা সংঘাতৰ সময়ত ইছলামাবাদক সামৰিক যোগানৰ সহায়ত সমৰ্থন কৰা চীনৰ বিষয়ে স্পষ্ট উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সন্ত্ৰাসবাদক নিন্দা কৰাটো কেৱল ‘সুবিধা’ নহয়, আমাৰ ‘নীতি’ হ’ব লাগে ।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যদি আমি প্ৰথমে প্ৰত্য়ক্ষ কৰো যে কোনখন দেশত এই আক্ৰমণ সংঘটিত হৈছে, কাৰ বিৰুদ্ধে, তেন্তে সেয়া হ’ব মানৱতাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা ।" সন্ত্ৰাসবাদীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাত কোনো দ্বিধা থাকিব নালাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত কেইবা বছৰত চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তান ভিত্তিক কেইবাজনো সন্ত্ৰাসবাদীক তালিকাভুক্ত কৰাৰ প্ৰচেষ্টাক বাধা দিছে । প্ৰধানমন্ত্ৰীয়ে লগতে দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদৰ বলি হোৱা আৰু সমৰ্থকসকলক 'একেখন তুলাচনীত ওজন' কৰিব নোৱাৰি ।

ব্যক্তিগত বা ৰাজনৈতিক লাভালাভৰ বাবে সন্ত্ৰাসবাদক মৌন সমৰ্থন দিয়া, সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক সমৰ্থন কৰা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নালাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "সন্ত্ৰাসবাদৰ সন্দৰ্ভত কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে । যদি আমি এই কাম কৰিব নোৱাৰো, তেন্তে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনৰ প্ৰতি গুৰুত্বপূৰ্ণ নে নহয় সেই প্ৰশ্নটো স্বাভাৱিকতে উত্থাপন হয় ।"

যোৱা ২২ এপ্ৰিলৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত ভাৰতৰ সৈতে থিয় দি ভাৰতক সমৰ্থন কৰা বন্ধুত্বপূৰ্ণ দেশসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

ব্ৰিকছে বিশ্বৰ ১১খন প্ৰধান নৱবিকশিত অৰ্থনীতিক একত্ৰিত কৰি বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৪৯.৫ শতাংশ, বিশ্বৰ জিডিপিৰ প্ৰায় ৪০ শতাংশ আৰু বিশ্ব বাণিজ্যৰ প্ৰায় ২৬ শতাংশক প্ৰতিনিধিত্ব কৰাৰ বাবেই এক প্ৰভাৱশালী গোট হিচাপে আত্মপ্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্ব শান্তি আৰু নিৰাপত্তা কেৱল আদৰ্শ নহয়, ই হৈছে 'আমাৰ উমৈহতীয়া স্বাৰ্থ আৰু ভৱিষ্যতৰ ভেটি ।'

শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশতহে মানৱতাৰ বিকাশ সম্ভৱ বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয় । এই উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ব্ৰিকছৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আমাৰ উমৈহতীয়া প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ হ’লে আমি একত্ৰিত হ’ব লাগিব আৰু সামূহিক প্ৰচেষ্টা চলাব লাগিব । আমি একেলগে আগবাঢ়িব লাগিব ।"

উক্ত সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে গাজাৰ পৰিস্থিতিক লৈও গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে পশ্চিম এছিয়াৰ পৰা ইউৰোপলৈকে আজি বিশ্ব বিবাদ আৰু উত্তেজনাৰে আগুৰি আছে । গাজাৰ মানৱীয় পৰিস্থিতি অতিশয় চিন্তাৰ কাৰণ । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতৰ দৃঢ় বিশ্বাস যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, 'মানৱতাৰ কল্যাণৰ বাবে শান্তিৰ পথটোৱেই একমাত্ৰ বিকল্প।’ তেওঁ লগতে কয়," ভাৰত ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ । আমাৰ বাবে যুদ্ধ আৰু হিংসাৰ কোনো স্থান নাই ।"

লগতে পঢ়ক:পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক একমুখে নিন্দা ব্ৰিকছ শীৰ্ষ সন্মিলনৰ - BRICS CONDEMNS PAHALGAM ATTACK

হাফিজ ছাইদ আৰু মাছুদ আজহাৰক ভাৰতক গতাই দিবলৈ সাজু পাকিস্তান: বিলাৱাল ভুট্টো - BILAWAL BHUTTO ZARDARI