ETV Bharat / international

ভাৰত-জাপান অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী মোদীৰ; বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

২৯-৩০ আগষ্টত আনুষ্ঠানিক ভ্ৰমণৰ বাবে জাপানত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব ।

PM MODI IN JAPAN
টকিঅ’ত যৌথ সংবাদমেলত অংশগ্ৰহণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা (BJP)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 11:42 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে ভাৰত-জাপানৰ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই দৃঢ়তাৰে কয় যে দুয়োখন দেশৰ মূল্যবোধ একে হোৱাৰ বাবে একেলগে সমাধানৰ পথ সৃষ্টি কৰিব পাৰে ।

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত থকা মোদীয়ে ইছিবা আৰু জাপানৰ অধ্যক্ষ ফুকছিৰো নুকাগাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰিব ৷

টকিঅ’ত যৌথ সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জাপানক ভাৰতৰ ‘প্ৰাকৃতিক আৰু গণতান্ত্ৰিক অংশীদাৰ’ বুলি অভিহিত কৰি কয় যে পাৰস্পৰিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ বাবেই নহয়, বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবেও গুৰুত্বপূৰ্ণ । তেওঁ জাপানী প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমি এক অৰ্থপূৰ্ণ আৰু উদ্দেশ্য প্ৰণোদিত আলোচনা কৰিছিলো । আমি এই কথাত একমত হৈছিলো যে আমাৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ বাবেই নহয়, বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবেও অপৰিহাৰ্য ।"

পৰৱৰ্তী ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতলৈ আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ এক উমৈহতীয়া সপোন আছে । আগন্তুক পাঁচ বছৰত বিভিন্ন খণ্ডত দুয়োখন দেশৰে পাঁচ লাখ লোকক নিয়োজিত কৰা হ’ব ৷

‘‘শক্তিশালী গণতন্ত্ৰই এখন উন্নত পৃথিৱী গঢ়ি তোলে । আমি আমাৰ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ ভেটি স্থাপন কৰিছো । আগন্তুক দশকৰ বাবে এখন ৰোডমেপ প্ৰস্তুত কৰা হৈছে । আমাৰ দৃষ্টিভংগীয়ে উদ্ভাৱন, বিনিয়োগ, নিৰাপত্তা, পৰিৱেশ, প্ৰযুক্তি আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে’’ বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷

ইছৰো আৰু জাপানৰ প্ৰধানমন্ত্ৰী চন্দ্ৰযান ৫ৰ বাবে অংশীদাৰ হ’ব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা দুয়োখন দেশৰ বাবে অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘‘ডিজিটেল অংশীদাৰিত্ব ২.০ আৰু এ আই সহযোগিতাৰ পদক্ষেপতো দুয়োখন দেশে কাম কৰি আছে ৷ অৰ্ধপৰিবাহী আৰু আপুৰুগীয়া পৃথিৱীৰ খনিজ পদাৰ্থ আমাৰ এজেণ্ডাত উচ্চ স্থানত থাকিব ৷’’

ইফালে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়মভিত্তিক ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে আৰু মৌলিক মূল্যবোধৰ অংশীদাৰ ভাৰত আৰু জাপানে একেলগে কাম কৰি সমাধানৰ পথ বাহিৰ কৰিব পাৰিব ৷

ইছিবাই কয়, ‘‘ভাৰতে সমগ্ৰ বিশ্বতে পৰিৱৰ্তন আনিছে ৷ আনহাতে জাপানে উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ দেশ বুলি দাবী কৰিব পাৰে । আমি ইজনে-সিজনৰ শক্তিৰ লাভ উঠাব লাগিব আৰু আমাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ইজনে-সিজনক সহায় কৰিব লাগিব । জাপান আৰু ভাৰতৰ মৌলিক মূল্যবোধ আৰু আইনৰ শাসনৰ ওপৰত ভিত্তি কৰি স্বতন্দ্ৰ আৰু মুক্ত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বজাই ৰখাটো আমাৰ প্ৰয়োজন ৷’’

জাপানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰিবলৈ দুয়োখন দেশে নিজৰ শক্তিক একত্ৰিত কৰাটো প্ৰয়োজন ।

লগতে পঢ়ক: ভাৰতত পুঁজি বহুগুণে বৃদ্ধি পায়: ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী মোদী - PM MODI IN JAPAN