ETV Bharat / international

লণ্ডনত প্ৰধানমন্ত্ৰী মোদী: আজি বহু প্ৰতীক্ষিত বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা

দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰত আৰু ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী ক্ৰমে পীয়ুষ গোৱেল আৰু জনাথন ৰেইনল্ডছে বৃহস্পতিবাৰে এফ টি এত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ।

PM Modi UK visit
লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি ব্ৰিটিছ বিষয়াৰ (X@NarendraModi)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 10:13 AM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিটেইন ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে । এই ভ্ৰমণকালত ভাৰত-ব্ৰিটেইনৰ গুৰুত্বপূৰ্ণ মুক্ত বাণিজ্য চুক্তিৰ আনুষ্ঠানিককৰণ এক ডাঙৰ ফলাফল হ’বলৈ আগবাঢ়িছে ।

বুধবাৰে লণ্ডনত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীক ভাৰত-প্ৰশান্ত মহাসাগৰীয় বিভাগৰ ভাৰপ্ৰাপ্ত বিদেশ মন্ত্ৰী কেথেৰিন ৱেষ্টৰ লগতে ব্ৰিটেইনৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দৰাইস্বামী আৰু নতুন দিল্লীৰ ব্ৰিটিছ উচ্চায়ুক্ত লিণ্ডী কেমেৰনে বিমানবন্দৰত আদৰণি জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে X-ৰ এক বিবৃতিত কয়, "লণ্ডনত ভৰি দিলোঁ । এই ভ্ৰমণে আমাৰ দেশ দুখনৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াত বহুখিনি সহায় কৰিব ।"

তেওঁ লগতে কয়, "আমাৰ জনসাধাৰণৰ বাবে সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ'ব । বিশ্বৰ প্ৰগতিৰ বাবে ভাৰত-ব্ৰিটেইনৰ এক শক্তিশালী বন্ধুত্ব অপৰিহাৰ্য ।"

আনহাতে, লণ্ডনত প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় । X-ৰ এটা পোষ্টত তেওঁ কয়, "ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ৰ উষ্ম আদৰণিয়ে হৃদয় চুই গৈছে । ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু আবেগ সঁচাকৈয়ে উৎসাহজনক ।"

তেওঁৰ ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্কত নতুন গতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে ।

লণ্ডনৰ পৰা ৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন চেকাৰ্ছত বৈঠকৰ বাবে ষ্টাৰমাৰে মোদীক আতিথ্য প্ৰদান কৰিব । লণ্ডনৰ উপকণ্ঠ অঞ্চলত অতি প্ৰত্যাশাৰে সমবেত হোৱা ভাৰতীয় সম্প্ৰদায়ৰ নেতা, ছাত্ৰ-ছাত্ৰী আৰু সংসদ সদস্যসকলে মোদীক আদৰণি জনায় । সম্পৰ্ক শক্তিশালী কৰাৰ চিন স্বৰূপে বৃহস্পতিবাৰে স্বাক্ষৰিত হ’বলগীয়া এফ টি এক কেন্দ্ৰ কৰি তেওঁলোকে উৎসাহ প্ৰদৰ্শন কৰে ।

প্ৰবাসী ভাৰতীয়ৰ সংগঠন 'অভাৰছিজ ফ্ৰেইণ্ডছ অব বিজেপি'ৰ (Overseas Friends of BJP, OFBJP) সভাপতি কুলদীপ শ্বেখাৱতে কয়, "এইটো হৈছে দুয়োখন চৰকাৰৰ বাবে এক মহান কৃতিত্ব । বিশেষকৈ প্ৰবাসী ভাৰতীয়সকলৰ বাবে যে ইমান বছৰৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক ইয়াত প্ৰত্যক্ষ কৰি সঁচাকৈয়ে উৎফুল্লিত হৈ পৰিছে । তেওঁ পুনৰ ইয়ালৈ আহিছে এক চমু ভ্ৰমণ কাৰ্যসূচীৰে । কিন্তু আমি অন্তত তেওঁক সাক্ষাতৰ সুযোগ পাইছোঁ ।"

উল্লেখ্য যে সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দুয়োখন দেশৰ বাণিজ্য মন্ত্ৰী ক্ৰমে পীয়ুষ গোৱেল আৰু জনাথন ৰেইনল্ডছে এফ টি এত (FTA, Free Trade Agreement) স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে যোৱা মে’ মাহত ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত ছীল কৰিছিল । ইয়াৰ দ্বাৰা শুল্কৰ পৰা ভাৰতীয় ৰপ্তানিৰ ৯৯ শতাংশ লাভৱান হ’ব বুলি আশা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সামগ্ৰিক বাণিজ্যিক পৰিসৰ বৃদ্ধি কৰাৰ উপৰি ব্ৰিটিছ প্ৰতিষ্ঠানসমূহে ভাৰতলৈ হুইস্কি, গাড়ী আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰাত সহজ হ’ব ।

তিনি বছৰৰ আলোচনাৰ অন্তত চূড়ান্ত হোৱা এই বাণিজ্যিক চুক্তিয়ে সকলো খণ্ডতে ভাৰতীয় সামগ্ৰীৰ ব্যাপকভাৱে বজাৰত প্ৰৱেশ কৰাটো নিশ্চিত কৰিব আৰু বাণিজ্যিক মূল্যৰ প্ৰায় ১০০ শতাংশ সামৰি লোৱা প্ৰায় ৯৯ শতাংশ শুল্কৰ (উৎপাদন শ্ৰেণী) ওপৰত ভাৰতে লাভৱান হ’ব বুলি বিষয়াসকলে জনায় ।

এফ টি এৰ লগতে ইউৰোপীয় ইউনিয়ন ত্যাগ কৰাৰ পিছত ব্ৰিটেইনে কৰা আটাইতকৈ ডাঙৰ কাম হিচাপে দুয়োপক্ষই দুগুণ অৱদানৰ চুক্তিও ছীল কৰে । ইয়াত ভাৰতীয় শ্ৰমিকৰ নিয়োগকৰ্তাসকলক ব্ৰিটেইনত সামাজিক সুৰক্ষাৰ বৰঙণি প্ৰদানৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে । ব্ৰিটেইন ভ্ৰমণৰ পূৰ্বে দিয়া বিবৃতিত মোদীয়ে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতিৰ সাক্ষী হৈ আহিছে ।

তেওঁ কয়, "আমাৰ সহযোগিতাই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বহুতো খণ্ডক সামৰি লৈছে ।"

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আৰু ষ্টাৰমাৰে দ্বিপাক্ষিক অৰ্থনৈতিক অংশীদাৰিত্ব আৰু অধিক বৃদ্ধিৰ সুযোগ পাব । আনহাতে, ভ্ৰমণৰ প্ৰাকক্ষণত উচ্চায়ুক্ত দোৰাইস্বামীয়ে কয়, "উদ্দেশ্য হৈছে মুক্ত বাণিজ্য চুক্তি ৰূপায়ণ কৰা ।"

তেওঁ কয়, "এয়া এক বিশদ আৰু অভিলাষী নথি, যিটো সম্ভৱতঃ আজিলৈকে আমাৰ আটাইতকৈ অভিলাষী মুক্ত বাণিজ্য চুক্তি... ই দুয়োখন দেশৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব আৰু দুয়োখন দেশৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰিব ।"

উল্লেখ্য যে ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক বাণিজ্যই ২০২৩-২৪ চনত ৫৫ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰে । ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইনৰ বিনিয়োগ হৈছে ৩৬ বিলিয়ন মাৰ্কিন ডলাৰ ।

ব্ৰিটেইনত ভাৰতৰ বিনিয়োগ ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ ওচৰত আৰু ব্ৰিটেইনত কাম কৰা প্ৰায় ১০০০ ভাৰতীয় কোম্পানীয়ে প্ৰায় এক লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰে । এই ভ্ৰমণৰ সময়ত মোদীয়ে ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব ।

আনহাতে, ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ আমন্ত্ৰণত মোদীয়ে লণ্ডনৰ পৰা মালদ্বীপ ভ্ৰমণলৈ যাব । এই ভ্ৰমণ মুইজুৰ শাসনকালত সৃষ্টি হোৱা শীতল যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত এক অগ্ৰগতি হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক :বিলাতত বিহুৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক - PM MODI UK VISIT
লগতে পঢ়ক :আজিৰে পৰাই ব্ৰিটেইন ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ - PM MODI LONDON TRIP