ETV Bharat / international

প্ৰধানমন্ত্ৰী মোদীলৈ শ্ৰীলংকাৰ মিত্ৰ বিভূষণ বঁটা; দ্বীপৰাষ্ট্ৰৰ সৈতে মুখ্য প্ৰতিৰক্ষা চুক্তি ভাৰতৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়েকৰ মাজত অনুষ্ঠিত আলোচনাৰ পিছত ভাৰত-শ্ৰীলংকাই এক উচ্চাভিলাষী প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ কৰে ।

Mithra Vibhushana Medal
প্ৰধানমন্ত্ৰী মোদীলৈ শ্ৰীলংকাৰ মিত্ৰ বিভূষণ বঁটা (ANI)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 3:41 PM IST

5 Min Read
Choose ETV Bharat

কলম্বো : ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা । তিনিদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীলংকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শনিবাৰে এই বঁটা প্ৰদান কৰা হয় । দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকে দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিত গ্ৰহণ কৰা ভূমিকাৰ স্বীকৃতি স্বৰূপে শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰ বিভূষণ বঁটা প্ৰদান কৰে ।

আনহাতে, দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত আলোচনাৰ পিছত দেশ দুখনে প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰ কৰে ।

উল্লেখ্য যে, বিমষ্টেক (বে' অব বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকন'মিক কো-অপাৰেচন, BIMSTEC) সন্মিলনৰ বাবে বেংকক ভ্ৰমণ সামৰি মোদীয়ে শ্ৰীলংকাৰ ৰাজধানীত উপস্থিত হোৱাৰ এদিন পিছত এই আলোচনা অনুষ্ঠিত হয় ।

  • মুখ্য প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ

এই উচ্চাভিলাষী প্ৰতিৰক্ষা সহযোগিতা চুক্তিত গভীৰ দ্বিপাক্ষিক সহযোগিতাৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত কৰা হৈছে । ইয়াত দাবী কৰা হৈছে যে দুয়োখন ৰাষ্ট্ৰৰ নিৰাপত্তা ব্যৱস্থা দুয়োৰে সৈতে জড়িত আৰু এই ক্ষেত্ৰত এখন দেশ সিখনৰ ওপৰত নিৰ্ভৰশীল । প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়েকৰ মাজত অনুষ্ঠিত বিস্তৃত আলোচনাৰ পিছত দুয়োপক্ষই স্বাক্ষৰ কৰা সাতখন গুৰুত্বপূৰ্ণ চুক্তিৰ ভিতৰত এই প্ৰতিৰক্ষা চুক্তিও আছে ।

কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত এই প্ৰতিৰক্ষা চুক্তি দ্বীপৰাষ্ট্ৰখনত ভাৰতীয় শান্তিৰক্ষা বাহিনীৰ হস্তক্ষেপৰ প্ৰায় চাৰি দশক পিছত আহিছে ।

  • মিত্ৰ বিভূষণ বঁটা কি

দ্বীপৰাষ্ট্ৰখনৰ সৰ্বোচ্চ অসামৰিক সন্মান এই বঁটা ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত তদানীন্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজপাক্ষেয়ে আৰম্ভ কৰিছিল । ইয়াৰ পূৰ্বে এই বঁটা লাভ কৰাসকলৰ ভিতৰত আছে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মৌমুন আব্দুল গাইয়ুম আৰু প্ৰয়াত পেলেষ্টাইনী নেতা য়াছেৰ আৰাফাত ।

"ৰাষ্ট্ৰপতি দিশানায়েকৰ দ্বাৰা শ্ৰীলংকা মিত্ৰ বিভূষণ বঁটা লাভ কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় । এইটো ১.৪ বিলিয়ন ভাৰতীয়ৰ বাবেও এক সন্মান ।" মোদীয়ে তেওঁৰ মন্তব্যত কয় ।

কলম্বোৰ ৰাষ্ট্ৰপতি সচিবালয়ত অনুষ্ঠিত এক অনুষ্ঠানত দিশানায়েকে প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদান কৰে । সন্মান হিচাপে তেওঁক এখন অংগ বস্ত্ৰ, প্ৰশংসা-পত্ৰ আৰু ৰূপৰ পদক প্ৰদান কৰা হয় । ন প্ৰকাৰৰ শ্ৰীলংকান ৰত্ন আৰু পদুম, পৃথিৱী, সূৰ্য, চন্দ্ৰ আৰু চাউলৰ প্ৰতীকেৰে পদকটো সজ্জিত ।

পদকটোৰ ওপৰত থকা ধৰ্ম চক্ৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ সাংস্কৃতিক পৰম্পৰাক গঢ় দিয়া বৌদ্ধ ঐতিহ্যক প্ৰতিফলিত কৰে । এগৰাকী বিষয়াই জনোৱা অনুসৰি, চাউলেৰে সজ্জিত পুন কালাচা বা আনুষ্ঠানিক পাত্ৰটো সমৃদ্ধি আৰু নৱীকৰণৰ প্ৰতীক ।

  • প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি দিশানায়েকৰ মাজত অনুষ্ঠিত আলোচনাৰ পিছত স্বাক্ষৰ কৰা মুখ্য চুক্তিসমূহ হৈছে :

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়েকৰ মাজত অনুষ্ঠিত আলোচনাৰ পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে ভাৰত আৰু শ্ৰীলংকাই এক উচ্চাভিলাষী প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰ কৰে ।

দুয়োপক্ষই ত্ৰিংকোমালীক শক্তিকেন্দ্ৰ হিচাপে বিকশিত কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে । শ্ৰীলংকাৰ পূব অঞ্চললৈ নতুন দিল্লীৰ বহুখণ্ডীয় অনুদান সাহায্যৰ সুবিধাৰ বাবে আন এক চুক্তি স্বাক্ষৰিত হয় । প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি দিশানায়েকে সম্পুৰ সৌৰ শক্তি প্ৰকল্পটো ভাৰ্চুৱেলী উদ্বোধন কৰে ।

  • ভাৰত আৰু শ্ৰীলংকাৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ তালিকা
  1. প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি ।
  2. শক্তি আমদানি আৰু ৰপ্তানিৰ বাবে এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণ ।
  3. ডিজিটেল পৰিৱৰ্তনৰ বাবে জনসংখ্যা ভিত্তিক ৰূপায়ণ কৰা সফল ডিজিটেল সমাধান ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা ।
  4. ভাৰত, শ্ৰীলংকা আৰু সংযুক্ত আৰব আমিৰেটছৰ মাজত শক্তিকেন্দ্ৰ হিচাপে ত্ৰিংকোমালীৰ বিকাশত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি ।
  5. পূব প্ৰদেশৰ বাবে বহু-খণ্ডীয় অনুদান সহায় ।
  6. ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণ মাধ্যম মন্ত্ৰণালয়ৰ মাজত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি ।
  7. ভাৰতীয় ঔষধ আয়োগ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ামক কৰ্তৃপক্ষৰ মাজত ঔষধ সামগ্ৰীৰ সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ।
  8. প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ত প্ৰকল্পসমূহ শুভ উদ্বোধন বা আৰম্ভ কৰা হয় ।
  9. উন্নীতকৰণ কৰা মাহো-ওমানথাই ৰে'লপথৰ উদ্বোধন ।
  10. মাহো-অনুৰাধাপুৰা ৰে'লপথৰ বাবে ছিগনেলিং ব্যৱস্থা নিৰ্মাণৰ শুভাৰম্ভ ।
  11. সম্পুৰ সৌৰ শক্তি প্ৰকল্পৰ গ্ৰাউণ্ড ব্ৰেকিং অনুষ্ঠান (ভাৰ্চুৱেল) ।
  12. ডাম্বুলাত তাপমাত্ৰা নিয়ন্ত্ৰিত কৃষি ৱেৰহাউছৰ উদ্বোধন (ভাৰ্চুৱেল) ।
  13. সমগ্ৰ শ্ৰীলংকাত 5000 ধৰ্মীয় প্ৰতিষ্ঠানৰ বাবে সৌৰ ছাদ ব্যৱস্থাৰ যোগান (ভাৰ্চুৱেল) ।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বছৰি ৭০০ জন শ্ৰীলংকান লোকক সামৰি ব্যাপক সক্ষমতা বৃদ্ধি কাৰ্যসূচী ঘোষণা কৰে; ত্ৰিংকোমালীত থিৰুকনেশ্বৰম মন্দিৰ, নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ আৰু অনুৰাধাপুৰাত চেক্ৰেড চিটি কমপ্লেক্স প্ৰকল্পৰ বিকাশৰ বাবে ভাৰতৰ অনুদান সহায়; আন্তৰ্জাতিক ৱেছাক দিৱস, 2025-ত শ্ৰীলংকাত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষৰ প্ৰদৰ্শন; লগতে ঋণ পুনৰ্গঠনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সংশোধন চুক্তিৰ সমাপ্তি ।

  • আনুষ্ঠানিক আদৰণি

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক শ্ৰীলংকাৰ ৰাজধানীৰ মাজভাগত থকা ঐতিহাসিক স্বাধীনতা স্মাৰকত আনুষ্ঠানিক আদৰণি জনোৱা হয় । সম্ভৱত কোনো এজন বিদেশী নেতাক প্ৰদান কৰা এনে ধৰণৰ এয়া প্ৰথম সন্মান ।

ৰাষ্ট্ৰপতি দিশানায়েকে এই স্কোৱেৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় । ই হৈছে ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ স্থান আৰু ১৯৪৮ চনত দ্বীপৰাষ্ট্ৰখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভৰ স্মৃতিত নিৰ্মিত স্বাধীনতা স্মাৰক হল ।

লগতে পঢ়ক :বেংককত ৰামায়ণৰ থাই সংস্কৰণৰ মঞ্চায়ন উপভোগ কৰি অভিভূত প্ৰধানমন্ত্ৰী - PM MODI THAILAND VISIT
লগতে পঢ়ক :বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী - PM MODI THAILAND VISIT