ETV Bharat / international

মোদী-ট্ৰাম্পৰ বাৰ্তালাপ; ক’লে- সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত স্থিতি কঠোৰ

আজি প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ।

PM Modi calls Prez Trump
প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প (ANI)
author img

By PTI

Published : June 18, 2025 at 11:50 AM IST

2 Min Read
Choose ETV Bharat

কানানাস্কিছ (কানাডা) : পুৱাৰ নিত্য-কৰ্ম কৰি আছিল, তেনেতে বাজি উঠিল ফোনটো ৷ এই ফোনটো কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ হয়, বুধবাৰে পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে ৷

অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰথমবাৰৰ বাবে এই টেলিফোনিক বাৰ্তালাপত কৰে ৷ এই সময়ছোৱাত দুয়োগৰাকী নেতাই বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে । লগতে মোদীয়ে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰত মতামত দাঙি ধৰে ৷

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে উল্লেখ কৰা মতে, এই বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে । তেওঁক ভাৰতলৈ আহি কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈও মোদীয়ে আমন্ত্ৰণ জনায় ।

বৈদেশিক সচিবগৰাকীৰ মতে, জি-৭ শীৰ্ষ সন্মিলনতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সাক্ষাৎ হোৱাৰ কথা আছিল ৷ কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে সোনকালে আমেৰিকালৈ উভতি যাবলগীয়া হোৱাত এই বৈঠকখন অনুষ্ঠিত লহ’ল ৷ সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অনুৰোধ মৰ্মে বুধবাৰে দুয়োগৰাকী নেতাই ফোনযোগে বাৰ্তালাপ কৰে ৷

জানিব পৰা মতে, প্ৰায় ৩৫ মিনিট সময় কথা পাতে দুয়োগৰাকী নেতাই । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কৈছিল যে এই সমগ্ৰ ঘটনাৰ সময়ত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি আৰু ভাৰত-পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতা সম্পৰ্কে কোনো স্তৰতে আলোচনা হোৱা নাছিল । সামৰিক ব্যৱস্থা বন্ধ কৰাৰ আলোচনা ভাৰত আৰু পাকিস্তানৰ মাজত পোনপটীয়াকৈ দুয়োখন সেনাৰ মাজত স্থাপন কৰা বৰ্তমানৰ চেনেলৰ অধীনত হৈছিল, এইটো পাকিস্তানৰ অনুৰোধত হৈছিল ।'

বৈদেশিক সচিবগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতে কেতিয়াও মধ্যস্থতা গ্ৰহণ কৰা নাই, এতিয়াও গ্ৰহণ নকৰে আৰু ভৱিষতেও গ্ৰহণ নকৰে । এই বিষয়ত সকলো একমত।"

বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, কথা-বতৰাৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক সুধিছিল যে কানাডাৰ পৰা উভতি আহি আমেৰিকাত ৰৈ যাব নেকি ? পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেনে কৰিবলৈ অক্ষমতা প্ৰকাশ কৰে ।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাডৰ পৰৱৰ্তী বৈঠকৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ভাৰতলৈ আমন্ত্ৰণ জনাইছিল । আমন্ত্ৰণ গ্ৰহণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে উৎফুল্লিত ।

লগতে পঢ়ক : সকলো ভাৰতীয়ক তেহৰাণৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ বৈদেশিক মন্ত্ৰণালয়ৰ

লগতে পঢ়ক : জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী