অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Austria Visit
PM Modi Austria Visit : মঙলবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সাক্ষাতৰ পিচতে মোদীয়ে মস্কোৰ পৰা গৈ অষ্ট্ৰিয়াত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে ৪০ বছৰতকৈও অধিক সময়ৰ মূৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম ভ্ৰমণ ।

By PTI
Published : July 10, 2024 at 8:11 PM IST
নিউজ ডেস্ক, ১০ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায় । তেওঁ আন্তঃগাঁথনি, শক্তি, উদীয়মান প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।
উল্লেখ্য, দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচী সামৰি অষ্ট্ৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । মঙলবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ সাক্ষাতৰ পিচতে মোদীয়ে মস্কোৰ পৰা গৈ অষ্ট্ৰিয়াত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে ৪০ বছৰতকৈও অধিক সময়ৰ মূৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম ভ্ৰমণ ।
প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাইমাৰে অষ্ট্ৰিয়াৰ হফবাৰ্গ পেলেচত এক ঘূৰণীয়া ব্যৱসায়িক মেজমেলত প্ৰখ্যাত অষ্ট্ৰিয়ান আৰু ভাৰতীয় কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক যুটীয়াভাৱে সম্বোধন কৰে ।
ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে সামাজিক মাধ্যমত দিয়া এক পোষ্টত কয়, "প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, সেউজ খণ্ড, নতুন আৰু উদীয়মান প্ৰযুক্তি, ফিনটেক, ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়াৰ কোম্পানীসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।"
উক্ত বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায় । উল্লেখ্য, দেশসমূহৰ মাজত উদ্ভাৱন আৰু উদ্যোগ বৃদ্ধিৰ বাবে ইণ্ডিয়া-অষ্ট্ৰিয়া ষ্টাৰ্টআপ ব্ৰীজ 2024 চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল ।
২০২৩ চনৰ (জানুৱাৰী-ডিচেম্বৰ) বাবে ইণ্ডো-অষ্ট্ৰিয়া দ্বিপাক্ষিক বাণিজ্য আছিল ২.৯৩ বিলিয়ন আমেৰিকান ডলাৰ । অষ্ট্ৰিয়ালৈ ভাৰতীয় ৰপ্তানি আছিল ১.৫২ বিলিয়ন আমেৰিকান ডলাৰ আৰু আমদানি আছিল ১.৪১ বিলিয়ন আমেৰিকান ডলাৰ ।

