ETV Bharat / international

কুৰি শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ ছফটৱেৰ চলাব নোৱাৰি: কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰসংগত ব্ৰিকছত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনত ভাষণ দি এ আই প্ৰশাসন, প্ৰযুক্তি সহযোগিতা আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ পোষকতা কৰে ।

BRICS summit 2025
ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী (X@NarendraModi)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 2:38 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ আছে ১৭ সংখ্যক ব্ৰিকছ সন্মিলন । এই সন্মিলত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । 'বহুপক্ষীয়তাবাদ, অৰ্থনৈতিক-বিত্তীয় পৰিক্ৰমা আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰা' শীৰ্ষক পূৰ্ণাংগ অধিবেশনত ভাষণ দি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ আহ্বান জনাই ৰাষ্ট্ৰসমূহক 'দায়বদ্ধ এ আই'ৰ দিশত কাম কৰিবলৈ আহ্বান জনায় ।

অধিবেশনত ভাষণ প্ৰদান কৰি তেওঁ কয় যে প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটা এ আইৰ যুগত বিশ্বৰ প্ৰতিষ্ঠানসমূহে ৮০ বছৰলৈকে সংস্কাৰ অবিহনে থকাটো গ্ৰহণযোগ্য নহয় । প্ৰযুক্তিৰ তুলনা কৰি তেওঁ কয়, "কুৰি শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ ছফটৱেৰ চলাব নোৱাৰি ।"

তেওঁ লগতে কয় যে ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতাক প্ৰতিফলিত কৰে । এ আই প্ৰশাসনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ বিষয়ক আলোকপাত কৰি মোদীয়ে কয় যে এই ক্ষেত্ৰত ইয়াৰ দ্বাৰা উদ্ভাৱনক প্ৰসাৰিত কৰাটোও সমানে গুৰুত্ব দিয়া উচিত ।

তেওঁ কয়, "ভাৰতত আমি এ আইক মানৱীয় প্ৰমূল্যবোধ আৰু সামৰ্থ্য বৃদ্ধিৰ আহিলা হিচাপে বিশ্বাস কৰোঁ ।"

তেওঁ লগতে কয়, "সকলোৰে বাবে এ আই মন্ত্ৰৰ দ্বাৰা পৰিচালিত ভাৰতে বহু খণ্ডত সক্ৰিয়ভাৱে এ আই ব্যৱহাৰ কৰি আছে । আমি বিশ্বাস কৰোঁ যে এ আই প্ৰশাসনত উদ্বেগক মোকাবিলা কৰা আৰু উদ্ভাৱনক উৎসাহিত কৰা দুয়োটায়ে সমান অগ্ৰাধিকাৰ লাভ কৰা উচিত ।"

আনহাতে, প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ভাৰতে আয়োজন কৰিবলগীয়া 'এ আই ইমপেক্ট ছামিট'লৈও ব্ৰিকছৰ অংশীদাৰসকলক আমন্ত্ৰণ জনায় ।

ভাৰতৰ এ আই প্ৰচেষ্টা

ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নিৰাপত্তা আৰু বিশ্বাসৰ এক কেন্দ্ৰীয় মঞ্চ হিচাপে ভূমিকা গ্ৰহণৰ অভিলাষী 'ইণ্ডিয়াএআই' অভিযানত নামি পৰিছে । এই অভিযানে থলুৱা আন্তঃগাঁথনি, শক্তিশালী প্ৰশাসন সঁজুলি আৰু স্বমূল্যায়নৰ নিৰ্দেশনাক প্ৰসাৰিত কৰে, উদ্ভাৱকসকলক সবলীকৰণ কৰে আৰু বিভিন্ন খণ্ডত এ আইৰ সুবিধাসমূহক গণতান্ত্ৰিক কৰি তোলে ।

কম্পিউটিং ক্ষমতা, উদ্ভাৱন কেন্দ্ৰ, ডাটাছেট প্লেটফৰ্ম, এপ্লিকেচন বিকাশৰ পদক্ষেপ, ভৱিষ্যতৰ দক্ষতা, ষ্টাৰ্টআপ বিত্তীয় সাহায্য আৰু নিৰাপদ আৰু বিশ্বাসযোগ্য এ আইকে ধৰি সাতটা মূল স্তম্ভৰ জৰিয়তে এই অভিযান ৰূপায়ণ কৰা হৈছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় ইলেক্ট্ৰ'নিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে দেশৰ ৰাষ্ট্ৰীয় কম্পিউটিং ক্ষমতাই ৩৪ হাজাৰ জি পি ইউ অতিক্ৰম কৰিছে । একে সময়তে ইণ্ডিয়াএআই মিছনে প্ৰতিৰক্ষা, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে খণ্ডক লক্ষ্য কৰি দেশৰ ভাষিক বৈচিত্ৰ্যৰ বাবে অনুকূলিত দেশৰ নিজাকৈ 'ফাউণ্ডেচনেল মডেল' নিৰ্মাণৰ বাবে তিনিটা নতুন ষ্টাৰ্টআপ ছ'কেট এ আই, জ্ঞানী এ আই আৰু গণ এ আইক নিৰ্বাচন কৰে ।

লগতে পঢ়ক :পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক একমুখে নিন্দা ব্ৰিকছ শীৰ্ষ সন্মিলনৰ - BRICS CONDEMNS PAHALGAM ATTACK
লগতে পঢ়ক :দুদিনীয়া কাৰ্যসূচীৰে আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - PM MODI IN ARGENTINA