ETV Bharat / international

শ্ৰীলংকাত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত; নিহত ২১, আহত ১৪

শ্ৰীলংকাৰ মধ্য পৰ্বতীয় অঞ্চল কোটমালেত এখন যাত্ৰীবাহী বাছ পাহাৰৰ পৰা পিছল খাই পৰাত ২১ জন তীৰ্থযাত্ৰীৰ মৃত্যুৰ উপৰি কমেও ১৪ জন আহত হয় ।

Sri Lanka bus accident
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 7:14 PM IST

3 Min Read
Choose ETV Bharat

কলম্বো : দেওবাৰে কেইবাজনো বৌদ্ধ তীৰ্থযাত্ৰীক কঢ়িয়াই লৈ যোৱা এখন যাত্ৰীভৰ্তি বাছ শ্ৰীলংকাত খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত ২১ জন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ১৪ জন আহত হয় । স্থানীয় আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ ।

আৰক্ষীয়ে জনোৱা অনুসৰি, এই দুৰ্ঘটনাটো হৈছে দেশখনত কেইবা দশক ধৰি সংঘটিত ভয়ংকৰ দুৰ্ঘটনাবোৰৰ ভিতৰত এইটো এটা । চৰকাৰী বাছখন দেশখনৰ মধ্য পাহাৰীয়া প্ৰদেশ কোটমালেৰে গৈ আছিল । তেনে সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাছখন এটি গিৰিখাতৰ পৰা তলত পিছলি পৰে ।

বাছখনত প্ৰায় ৭০ জন যাত্ৰী আছিল । বহন ক্ষমতাতকৈ প্ৰায় ২০ জন লোক বাছখনত বেছি আছিল বুলি আৰক্ষীয়ে কয় । লগতে কয় যে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত চলি আছে ।

"আমি এইটো নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছো যে এই দুৰ্ঘটনাটো এটা যান্ত্রিক বিজুতিৰ ফলত ঘটিছিল নে চালকৰ টোপনি অহাৰ বাবে ঘটিছিল ।" এগৰাকী স্থানীয় আৰক্ষী বিষয়াই সংবাদ প্ৰতিষ্ঠান এ এফ পিৰ আগত এক টেলিফোনিক বাৰ্তাত কয় ।

"১৫ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ৩০ জনক চিকিৎসালয়লৈ পঠিওৱা হৈছে । তেওঁলোকৰ অধিকাংশয়ে বৌদ্ধধৰ্মী লোক আছিল ।" অৱশ্যে পৰিচয় উল্লেখ নকৰাৰ চৰ্তত তেওঁ এই কথা প্ৰকাশ কৰে । কাৰণ তেওঁৰ সংবাদ মাধ্যমক সম্বোধন কৰাৰ অনুমতি নাই ।

বাছখন দ্বীপৰাষ্ট্ৰখনৰ সুদূৰ দক্ষিণ প্ৰান্তত অৱস্থিত তীৰ্থনগৰী কাটাৰাগামাৰ পৰা ২৫০ কিঃমিঃ দূৰত্বৰ মধ্যৱৰ্তী চহৰ কুৰুনেগালালৈ যাত্ৰা কৰি আছিল । উল্লেখ্য যে শ্রীলংকাত বছৰি গড়ে ৩,০০০ পথ দুৰ্ঘটনা সংঘটিত হয় । যাৰ বাবে দ্বীপৰাষ্ট্ৰখনৰ পথবোৰক বিশ্বৰ আটাইতকৈ বিপজ্জনক পথ হিচাপে গণ্য কৰা হয় ।

আনহাতে, দেওবাৰে সংঘটিত বাছ দুৰ্ঘটনাটো ২০০৫ চনৰ এপ্ৰিল মাহৰ পিছত শ্রীলংকাত সংঘটিত আটাইতকৈ ভয়ানক দুৰ্ঘটনাবোৰৰ ভিতৰত অন্যতম আছিল । উক্ত দুৰ্ঘটনাটোত এজন চালকে পোলগাহৱেলা চহৰত এটা লেভেল ক্ৰছিঙত পাৰ হ'বলৈ চেষ্টা কৰিছিল ।

এই দুৰ্ঘটনাটোত বাছচালকজনে সামান্য আঘাত পায় যদিও ৩৭ জন যাত্ৰীৰ মৃত্যু হৈছিল । আনহাতে, ২০২১ চনৰ মাৰ্চ মাহত এখন ব্যক্তিগত বাছৰ দুৰ্ঘটনাত চালকসহ ১৩ জন যাত্রী নিহত হৈছিল । দেওবাৰে সংঘটিত দুৰ্ঘটনাস্থলীৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় ১০০ কিলোমিটাৰ ।

লগতে পঢ়ক :ইস্তানবুলত ইউক্ৰেইনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ পুটিনৰ - PUTIN PROPOSES TALKS WITH UKRAINE
লগতে পঢ়ক :সাৰ্বভৌমত্ব, ভূখণ্ডীয় অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানক সহায় কৰাৰ প্ৰতিশ্ৰুতি চীনৰ - CHINA ON INDO PAK TENSIONS