ETV Bharat / international

পাকিস্তানত হিন্দু মন্ত্ৰী খিল দাসৰ ওপৰত আক্ৰমণ, তদন্তৰ নিৰ্দেশ শ্বাহবাজ শ্বৰীফৰ - HINDU MINISTER ATTACKED IN PAKISTAN

সিন্ধু প্ৰদেশৰ ধৰ্মীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিন্দু মন্ত্ৰী খাইল দাস কোহিস্তানীৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ ।

Pakistans Hindu Minister attacked in Sindh by protesters opposing govts canal projects
পাকিস্তানত হিন্দু মন্ত্ৰী খিল দাসৰ ওপৰত আক্ৰমণ (PTI)
author img

By ETV Bharat Assamese Team

Published : April 20, 2025 at 8:52 PM IST

2 Min Read

ইছলামাবাগ : আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্ৰসংগই । সিন্ধু প্ৰদেশত হিন্দুৰ ৰাজ্যিক মন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টো আৰু গুৰুতৰ কৰি তুলিছে । ইতিমধ্যে পাকিস্তানত হিন্দুসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছে ।

শনিবাৰে সিন্ধু প্ৰদেশৰ ধৰ্মীয় পৰিক্ৰমা বিভাগৰ হিন্দু ৰাজ্যিক মন্ত্ৰী খাইল দাস কোহিস্তানীৰ কনভয়ত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে । খাল পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

পাকিস্তান মুছলিম লীগ-নৱাজৰ (PML-N) সাংসদ কোহিস্তানীয়ে থাট্টা জিলাৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত প্ৰতিবাদকাৰীয়ে তেওঁৰ কনভয়ত টমেটো আৰু আলু দলিয়াই পাকিস্তান চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে । অৱশ্যে বিষয়াসকলে কয় যে এই আক্ৰমণত কোহিস্তানীৰ কোনো ক্ষতি হোৱা নাই ।

  • প্ৰধানমন্ত্ৰীয়ে তদন্তৰ আশ্বাস দিয়ে

ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কোহিস্তানীক ফোন কৰি ঘটনাৰ পুংখানুপুংখ তদন্তৰ আশ্বাস দিয়ে । ৰেডিঅ’ পাকিস্তানৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয়, এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ।

  • পাক নেতাসকলে গৰিহণা দিয়ে

সাংসদ হিন্দু মন্ত্ৰী খাইল দাস কোহিস্তানীৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছে পাকিস্তানৰ বহু নেতাই । তথ্য মন্ত্ৰী আটা তাৰাৰে সিন্ধুৰ আৰক্ষী মহাপৰিদৰ্শক গুলাম নবি মেমনৰ পৰা এই সন্দৰ্ভত সবিশেষ আৰু ফেডাৰেল স্বৰাজ সচিবৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

সিন্ধুৰ মুখ্যমন্ত্ৰী চৈয়দ মুৰাদ আলী শ্বাহে এই কাৰ্যক তীব্ৰ গৰিহণা দিছে । তেওঁ কয়, ''আইনক নিজৰ হাতত লোৱাৰ অধিকাৰ কাৰো নাই ।'' তেওঁ হায়দৰাবাদ অঞ্চলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকক শীঘ্ৰে আক্ৰমণৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

  • কোন হয় এই খিল দাস কোহিস্তানী ?

ৰাষ্ট্ৰীয় বিধানসভাৰ ৱেবছাইট অনুসৰি কোহিস্তানী সিন্ধৰ জামশ্বোৰো জিলাৰ আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে PML-N ৰ পৰা সংসদৰ সদস্য হোৱাৰ পিছত পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ২০২৪ চনত পুনৰ নিৰ্বাচিত হৈ ৰাজ্যিক মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰে ।

লগতে পঢ়ক : য়েমেনৰ হুথিৰ ঘাটিত আমেৰিকাৰ আক্ৰমণত ৩ জন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.